২৪ অক্টোবৰ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

তাৰিখ
Content deleted Content added
নতুন পৃষ্ঠা: ১/ ১৫৭৭ খ্ৰীষ্টাব্দৰ আজিৰ দিনটোতে মোগল সম্ৰাট আকবৰে আবণ্টন দ...
(কোনো পাৰ্থক্য নাই)

11:51, 29 October 2014ৰ সংস্কৰণ

১/ ১৫৭৭ খ্ৰীষ্টাব্দৰ আজিৰ দিনটোতে মোগল সম্ৰাট আকবৰে আবণ্টন দিয়া ভূমিত চতুৰ্থ শিখ গুৰু ৰামদাসে অমৃতসৰ চহৰ প্ৰতিষ্ঠা কৰে ।

২/ ১৬০১ খ্ৰীষ্টাব্দৰ আজিৰ দিনটোতে ছুইডেনৰ জ্যোৰ্তিবিজ্ঞানী টাইকো ব্ৰাহেৰৰ মৃত্যু হয় ।

৩/ ১৬০৫ খ্ৰীষ্টাব্দৰ আজিৰ দিনটোতে চতুৰ্থ মোগল সম্ৰাট জাহাংগীৰৰ সিংহাসনত আৰোহণ কৰে ।

৪/ ১৬৩২ খ্ৰীষ্টাব্দৰ আজিৰ দিনটোতে ইংলেণ্ডৰ স্বভাৱ বিজ্ঞানী , অণুবীক্ষণ যন্ত্ৰৰ আৱিষ্কাৰক এণ্টনী ভন লিউৱেনহুকৰ জন্ম হয় ।

৫/ ১৭৭৫ চনৰ আজিৰ দিনটোতে শেষ মোগল সম্ৰাট বাহাদুৰ শ্বাহ (দ্বিতীয়) জন্ম হয় ।

৬/ ১৮৫১ চনৰ আজিৰ দিনটোতে কলকাতা আৰু ডায়মণ্ড হাৰবাৰৰ মাজত জনসাধাৰণৰ বাবে প্ৰথম টেলিগ্ৰাফ লাইন মুকলি কৰা হয় ।

৭/ ১৮৭১ চনৰ আজিৰ দিনটোতে অসম সাহিত্য সভাৰ প্ৰথমজন সভাপতি পদ্মনাথ গোহাঞি বৰুৱাৰ জন্ম হয় ।

৮/ ১৯৪৫ চনৰ আজিৰ দিনটোতে ৫০ খন দেশৰ অন্তৰ্ভুক্তিৰে বিশ্ব শান্তিৰ উদ্দেশ্য ৰাষ্ট্ৰসংঘ প্ৰতিষ্ঠা কৰা হয় ।

৯/ ১৯৮৪ চনৰ আজিৰ দিনটোৰ পৰাই কলকাতাত ভাৰতৰ প্ৰথম মাটিৰ তলেদি যোৱা ৰে'ল ব্যৱস্থাৰ বা বামে'ট্ৰো ৰে'ল মুকলি কৰা হয় ।

১০/ ২০০৩ চনৰ আজিৰ দিনটোতে অসমৰ লোককলা আৰু লোক-সংস্কৃতিৰ অন্যতম সাধক তথা গৱেষক প্ৰদীপ চলিহাৰ মৃত্যু হয় ।

১১/ ২০১৩ চনৰ আজিৰ দিনটোত ভাৰতীয় ধ্ৰপদী সংগীতৰ কন্ঠশিল্পী মান্না দেৰ মৃত্যু হৈছিল।

১১/ ১৯০৩ চনৰ আজিৰ দিনটোত ভাৰতীয় অভিনেতা, চলচ্চিত্ৰ পৰিচালক আৰু চিত্ৰনাট্য লেখক [[প্ৰমথেশ চন্দ্ৰ বৰুৱা]ৰ জন্ম হৈছিল।