২১ অক্টোবৰ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

তাৰিখ
Content deleted Content added
নতুন পৃষ্ঠা: ১/ ১২৯৬ খ্ৰীষ্টাব্দৰ আজিৰ দিনটোতে আলাউদ্দিন খিলিজীয়ে দিল্...
(কোনো পাৰ্থক্য নাই)

12:08, 29 October 2014ৰ সংস্কৰণ

১/ ১২৯৬ খ্ৰীষ্টাব্দৰ আজিৰ দিনটোতে আলাউদ্দিন খিলিজীয়ে দিল্লীৰ সিংহাসন আৰোহণ কৰে ।

২/ ১৭৭২ খ্ৰীষ্টাব্দৰ আজিৰ দিনটোতে ইংৰাজ ৰোমাণ্টিক কবি ছেমুৱেল টেলৰ ক'লৰিজৰ জন্ম হয় ।

৩/ ১৮০৫ খ্ৰীষ্টাব্দৰ আজিৰ দিনটোতে ঐতিহাসিক ট্ৰেফেলগাৰ যুদ্ধত নৌ সেনাধ্যক্ষ হেৰোচিঅ' নেলছনৰ নেতৃত্বত ব্ৰিটিছ বাহিনীৰ জয়লাভ হয় ।

৪/ ১৯৩৪ চনৰ আজিৰ দিনটোতে জয়প্ৰকাশ নাৰায়ণৰ নেতৃত্বত কংগ্ৰেছ ছ'চিয়েলিষ্ট দল গঠন কৰা হয় ।

৫/ ১৯৩৪ চনৰ আজিৰ দিনটোতে মাও-ছে-তুঙৰ বিখ্যাত লং মাৰ্চ আৰম্ভ হয় ।

৬/ ১৯৪৩ চনৰ আজিৰ দিনটোতে ছিংগাপুৰত সুভাষ চন্দ্ৰ বসুৰ আজাদ হিন্দ চৰকাৰ প্ৰতিষ্ঠাৰ কথা ঘোষণা কৰা হয় ।

৭/ ১৯৯১ চনৰ আজিৰ দিনটোতে এদিনীয়া ক্ৰিকেটত দুশ উইকেট দখলেৰে কপিলদেৱৰ বিশ্ব অভিলেখ ।

৮/ ১৯৯৮ চনৰ আজিৰ দিনটোতে হিন্দী চলচ্চিত্র অভিনেতা অজিতৰ ৭৬ বছৰ বয়সত মৃত্যু হয় ।

৯/ ১৯৯৯ চনৰ আজিৰ দিনটোতে প্ৰবীণ প্ৰযোজক তথা পৰিচালক বি আৰ চোপ্ৰালৈ ১৯৯৮ চনৰ দাদা চাহেব ফাল্কে বঁটা আগবঢ়োৱা হয় ।

১০/ ১৯৯৯ চনৰ আজিৰ দিনটোতে ভাৰতত পাক টিভিৰ ওপৰত থকা নিষেধাজ্ঞা প্ৰত্যাহাৰ কৰা হয় ।

১১/ ২০০১ চনৰ আজিৰ দিনটোতে বিশ্ব জুনিয়ৰ হকীত ভাৰত চেম্পিয়ন হয় ।

১২/ ১৯৬৯ চনৰ আজিৰ দিনটোতে আমেৰিকাৰ বিট আন্দোলনৰ কবি আৰু উপন্যাসিক জেক কেৰুয়াক (ইংৰাজী: Jack Kerouac) ৰ মৃত্যু হয়।

১৩/ ১৮৩৩ চনৰ আজিৰ দিনটোতে এজন চুইডিছ ৰসায়নবিদ, অভিযন্তা, উদ্ভাৱক আৰু অস্ত্ৰ উৎপাদনকাৰী আলফ্ৰেড ন'বেলৰ জন্ম,হয়। ।