বাৰাক অ'বামা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
No edit summary
54 নং শাৰী:
চিনেটৰ হিলাৰী ক্লিণ্টনে নিৰ্বাচনী প্ৰচাৰৰ সময়ৰ অ’বামালৈ সম্পূৰ্ণ সমৰ্থন আগবঢ়ায়<ref name = “বায়”></ref>। সেই সময় আমেৰিকাৰ অৰ্থনীতি আৰু কুটনীতিৰ এক জটিল সময় আছিল। অ’বামাৰ নিৰ্বাচনী প্ৰচাৰৰ মূল এজেণ্ডা আছিল, অৰ্থনৈতিক সংষ্কাৰ, বিকল্প শক্তি, আৰু শিক্ষা আৰু স্বাস্থ্যখণ্ডৰ আমূল পৰিবৰ্তন, লগতে ৰাষ্ট্ৰীৰ ঋণ হ্ৰাস কৰা। এই নিৰ্বাচনত অ’বামাই ৫২.৯% শতাংশ ভোট লাভ কৰাৰ বিপৰীতে ৰিপাব্লিকান প্ৰাৰ্থী জন মেক-কেইনে ৪৫.৭% ভোট পায়। অ’বামাৰ সহকৰ্মী ডেলাৱেৰৰ চিনেটৰ জ’ বিডেনক উপ-ৰাষ্ট্ৰপতি মনোনীত কৰা হয়। <ref name = “বায়”></ref><br />
২০০৯ চনৰ ২০ জানুৱাৰীত অবামাই আমেৰিকা ৮৮তম তথা প্ৰথম আফ্ৰিকীয় মূলৰ ৰাষ্ট্ৰপতি হিচাপে শপত গ্ৰহণ কৰে। <ref name = “বায়”></ref><br/>
 
প্ৰথমবাৰ ৰাষ্ট্ৰপতি হোৱাৰ সময়তে অ’বামাই কঠিন পৰীক্ষাৰ সন্মূখীন হয়। ইতিমধ্যে বিশ্বৰ আৰ্থিক মন্দাৱাস্থা আৰম্ভ হৈ গৈছিল, দুখনকৈ যুদ্ধ চলি আছিল, আৰু আন্তঃৰাষ্ট্ৰীয় জনপ্ৰিয়তা মাপকত আমেৰিকাৰ স্থান ইতিহাসত সকলোতকৈ তললৈ নামিছিল। এই সম্পৰ্কে অ’বামাই আমেৰিকা জনসাধাৰণকে এইদৰে কৈছিল “Today I say to you that the challenges we face are real. They are serious and they are many. They will not be met easily or in a short span of time. But know this, America: They will be met."<ref name = “বায়”></ref><br/>
 
নিজৰ কাৰ্যকালৰ ১০০ দিনৰ ভিতৰতে অ’বামাই বিভিন্ন ক্ষেত্ৰত কেইবাটাও দৃঢ় পদক্ষেপ লৈছিল। শিশুৰ স্বাস্থ্য বীমাৰ পৰিসৰ বৃদ্ধি কৰা, মহিলাৰ সম-মজুৰীৰ দাবীৰ প্ৰতি সহায় আগবঢ়োৱা, অৰ্থনৈতিক প্ৰগতি হস্ৰম্যাদী পৰিকল্পনাৰ প্ৰতি সহযোগ কৰা, ইত্যাদি বিল কংগ্ৰেছত গ্ৰহণ কৰা হৈছিল। গৃহনিৰ্মাণ আৰু ক্ৰেডিট ক্ষেত্ৰই পুণৰোত্থানৰ বাবে চৰকাৰী সহায় আগবঢ়োৱা হৈছিল। বিভিন্ন কৰো কৰ্তন কৰা হৈছিল<ref name = “বায়”></ref>। <br/>
এইকেইদিনতে অ’বামাই আমেৰিকাৰ পৰৰাষ্ট্ৰনীতিৰো আমূল পৰিবৰ্তন ঘটোৱাৰ প্ৰয়াস কৰিছিল। তেও, ইউৰোপ, ৰাছিয়া, আৰু চীনৰ সৈতে সম্পৰ্ক উন্নীতকৰণৰ লগতে, ইৰাণ, ভেনিজুৱেলা, আৰু কিউবাৰ সৈতে আলোচনা কৰিবলৈ আগবাঢ়িছিল। মিত্ৰদেশসমূহৰ লগত একেলগ হৈ বিশ্বৰ অৰ্থনৈতিক মন্দাৱস্থাৰ বিৰূদ্ধে সামূহিক ভাবে আগবাঢ়িছিল। আফগানিস্তানলৈ অতিৰিক্ত ২১০০০ সামৰিক গোট পথোৱাৰ লগতে, আগষ্ট ২০১০ৰ ভিতৰত ইৰাকৰ পৰা আমেৰিকীয় সেনা সম্পূৰ্ণৰূপে প্ৰত্যাহাৰ কৰাৰ সিদ্ধান্ত লৈছিল<ref name = “বায়”></ref>।
 
 
 
===পূণৰনিৰ্বাচন আৰু দ্বিত্বীয় কাৰ্যকাল===
66 নং শাৰী:
==ব্যক্তিগত জীৱন==
বৰাক অ’বামা ১৯৯২ চনত মিচ্ছেল অ’বামা (আগতে ৰবিনচন)ৰ লগত বিবাহ পাশত আৱদ্ধ হয়। তেওলোক মালিয়া (জন্ম ১৯৯৮) আৰু ছাছা (জন্ম ২০০১) নামেৰে দুগৰাকী দুহিতা আছে। <ref name = “ ইনফপ্লীজ”></ref>
 
==নবেল পুৰষ্কাৰ==
‘আন্তঃৰাষ্টীয় কুটনীতি আৰু সহযোগীতা সৱলীকৰণৰ ক্ষেত্ৰৰ অসামান্য অৱদান” ৰ বাবে বৰাক অ’বামাক 2009 চনৰ শান্তিৰ নবেল বঁটা প্ৰদান কৰা হয়।<ref name = “ ইনফপ্লীজ”></ref>
 
==সাহি্যকৃতি==
বাৰাক অ’বামাই ১৯৯৫ চনত আত্মজীৱনীমূলক গ্ৰন্থ “Deams from My Father” ( মোৰ দেউতাৰ সপোন) প্ৰকাশ কৰে। তেখেতৰ দ্বিতীয় গ্ৰন্থ হ’ল “The Audacity of Hope” ( আশাৰ সাহস), যিখন ২০০৬ চনত মুকলি কৰা হয়। দুয়ুখন কিতাপেই [[গ্ৰেমী]]ৰ বেষ্ট স্পকে’ন ৱৰ্ড এলবামৰ খিতাপ লাভ কৰে। <ref name = “ ইনফপ্লীজ”></ref>
 
== তথ্য সংগ্ৰহ==
{{Reflist}}