মনোবিজ্ঞান: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
No edit summary
17 নং শাৰী:
১৯ শতিকাৰ আগলৈকে মন সম্পৰ্কীয় সকলোবোৰ অধ্যয়ন দৰ্শনৰ অন্তৰ্ভুক্ত আছিল। দাৰ্শনিকসকলে মানসিক আচাৰ-আচৰণ বা ক্ৰিয়া-কলাপ সম্পৰ্কে কেৱল অনুমানহে কৰিছিল।মন সম্পৰ্কে গ্ৰীক দাৰ্শনিক প্লেটোৱে পোনপ্ৰথমে ব্যাখা দাঙি ধৰিছিল।তেওঁক মনক দেহৰ পৰা বিচ্ছিন্ন সত্তা হিচাপে গণ্য কৰিছিল।আধুনিক যুগত স্নায়ুবিজ্ঞান আৰু প্ৰাণীবিজ্ঞানৰ বিকাশৰ লগে লগে মনোবিজ্ঞানৰো নৱ বিকাশ ঘটে আৰু আধুনিক বিজ্ঞানৰ এক অন্যতম শাখা হিচাপে মনোবিজ্ঞানৰ বিকাশ আৰম্ভ হয়।স্নায়ুবিজ্ঞান আৰু প্ৰাণী বিজ্ঞানৰ মাজেতেই যে মনোবিজ্ঞানৰ প্ৰাথমিক ভিত্তি নিহিত হৈ আছে সেই কথা পোহৰলৈ আনে জাৰ্মান শৰীৰ বিজ্ঞানী যোহানছ পিটাৰ মূলাৰে।অৱশ্য মনোবিজ্ঞানক বিজ্ঞান হিচাপে প্ৰতিষ্ঠা কৰিবৰ বাবে আটাইতকৈ গুৰুত্ত্বপূৰ্ণ বৈজ্ঞানিক আৱিষ্কাৰটো কৰিছিল আন এজন জাৰ্মান বিজ্ঞানী হাৰমেন ভন হেল্মল্টজে।ব্ৰিটিছ পদাৰ্থবিজ্ঞানী টমাছ ইয়ঙৰ প্ৰস্তাৱিত ৰং সংক্ৰান্ত নীতিক লৈ গৱেষণা কৰি তেওঁ ইয়ং-হেল্মল্টজ সূত্ৰ প্ৰতিষ্ঠা কৰিছিল।এই সূত্ৰৰ দ্বাৰা তেওঁ প্ৰমাণ কৰিছিল যে তিনিটা বিভিন্ন ৰঙৰ(সেউজীয়া,নীলা আৰু ৰঙা) অনুভূতিৰ সৃষ্টি হয় মানুহৰ চকুৰ ৰেটিনাৰ লগত সংযুক্ত তিনি ধৰণৰ স্নায়ুৰ কৰ্ম-তৎপৰতাৰ ফলত।ইয়াৰ পিচত পিছৰে পৰা আধুনিক মনোবিজ্ঞানে এটাৰ পাছত আন এটাকৈ আমাৰ মন সম্পৰ্কীয় ৰহস্য উদঘাটন কৰি ইয়াৰ জয় যাত্ৰা অব্যাহত ৰাখিছে।
 
==== আধুনিক মনোবিজ্ঞান====
==তথ্য সংগ্ৰহ==
{{Reflist}}