কাৰ্ল মাৰ্ক্স: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

254 নং শাৰী:
গ্রীক আৰু ৰোমান সাহিত্য তেওঁৰ অতিকৈ প্রিয় আছিল। ঘোৰ মানসিক আৰু শাৰীৰিক কষ্টৰ সময়ত তেওঁ এপ্পিয়ান কৃত ৰোমান গৃহযুদ্ধৰ বিবৰণসমূহ মূল গ্রীক ভাষাত পঢ়িছিল। মার্ক্সৰ ভাষাত ‘স্পার্টাকাছেই হয়তো সমগ্র প্রাচীন ইতিহাসৰ সবাটোকৈ শ্রেষ্ঠ চৰিত্র ...তেওঁ এজন মহান সেনাপতি, এক বিশাল ব্যক্তিত্ব, আদিম সর্বহাৰাৰ প্রকৃত প্রতিনিধি...তেওঁৰ তুলনাত পম্পী আবর্জনাসদৃশ মাথো। Grundrisseত মার্ক্সে লিখিছে ‘যদিও গ্রীক কলা আৰু মহাকাব্যসমূহ সামাজিক বিকাশৰ এক বিশেষ পর্যায়ৰ সৈতে সংপৃক্ত, তথাপিও সিবিলাকে অপৰিসীম কলাত্মক তৃপ্তি প্রদান কৰে...[সাহিত্যিক সৃজনৰ ক্ষেত্রত] সিবিলাক আজিও আমাৰ আদর্শ।’(Grundrisse, পৃষ্ঠা ১১১)। বিপ্লৱোত্তৰ ফৰাচী সমাজখনৰ শ্রেণী সংঘাত বিষয়ক বালজাকৰ বাস্তৱবাদী উপন্যাসসমূহেও মার্ক্সক বিশেষভাৱে প্রভাৱিত কৰিছিল। মার্ক্সৰ অন্যান্য অসম্পূর্ণ প্রকল্পৰ ভিতৰত অন্যতম আছিল -বালজাক সম্পর্কীয় এটি অধ্যয়ন।
 
১৮৭২ চনত সপ্রতিভ ডেকা সাংবাদিক চার্লচ লংগেৰ সৈতে মার্ক্সৰ ডাঙৰজনী ছোৱালী জেনীৰ বিয়া হয়।হল। ইয়াৰ পূর্বে ১৮৬৮ চনত মাজুজনী ছোৱালী লৌৰাৰ বিয়া হয়হল কমিউনিষ্ট নেতা পল লাফার্গৰ সৈতে। প্রবাদ আছে যে শহুৰেক হিচাপে মার্ক্স যথেষ্ঠ কাঢ়া আছিল। বিশেষকৈ লাফার্গে বিয়াৰ আগেয়ে মার্ক্সৰ বহু পৰীক্ষা-নিৰীক্ষাৰ মাজেৰে পাৰ হব লগা হৈছিল! পিছে আচল সংঘাতখন সৃষ্টি হল সৰুজনী ছোৱালী এলেনৰৰ বিয়াৰ সময়তহে। এলেনৰ আছিল মার্ক্সৰ সবাটোকৈ প্রিয় সন্তান, তাইৰ স্বভাৱটো দেউতাকৰ দৰেই আকোৰগোজ আৰু গোৱাৰ। (‘টুছিসাইলাখ‘টুছি সাইলাখ মোৰ দৰে’ মার্ক্সে এসময়ত কৈছিল।) এলেনৰ লিছাগেৰে নামৰ ফৰাচী সাংবাদিক এজনৰ প্রেমত পৰিল। ইফালে সম্পর্কটো লৈ মার্ক্স কোনোপধ্যেই ৰাজী নহয়। এলেনৰেও লিছাগেৰেক বিয়া পাতিবলৈ বদ্ধপৰিকৰ। এই লৈ মাজতে বেছ কিছুদিন ধৰি বাপেক জীয়েকৰ মাত-কথা বন্ধ হোৱাৰো অৱস্থা হল।
 
এলেনৰে অভিনয় কৰি ভাল পাইছিল। জীয়েকৰ প্রভাৱত মার্ক্সেও লণ্ডনৰ প্রেক্ষাগৃহবোৰ ঘুর্মুটিয়াই ফুৰিছিল। মেইটলেণ্ড ৰডত সেইসময়ত শেক্সপীয়েৰ ৰিডিং ক্লাব নামেৰে এখনি নাট্য সভা নিয়মীয়াকৈ বহিছিল। তাৰে এজন সদস্যই মার্ক্সৰ বর্ণনা দিছে এনেদৰে,
 
"দর্শক হিচাপে মার্ক্স এজন অতিশয় ফুর্তিবাজ মানুহ। তেওঁ কেতিয়াও সমালোচনা নকৰে, যিকোনো ধৰণৰ ফুর্তিত যোগদান কৰিবলৈ তেওঁ সদায়েই সাজু, আনকি হাঁহি হাঁহি কেতিয়াবা তেওঁৰ চকুপানী বৈ যোৱাৰো অৱস্থা হয়। শাৰীৰিকভাৱে তেওঁ হয়তো সকলোৰে ভিতৰত বয়োজ্যেষ্ঠ, কিন্তু মানসিকভাৱে তেওঁ আজিও আমাৰ দৰেই তৰুণ।"
 
১৮৮১ চন: স্বামীৰ সৈতে জেনী পেৰিছলৈ গুচি গল। জীয়েক কেইজনীৰ অবিহনে মার্ক্সে ভীষণ অকলশৰীয়া অনুভৱ কৰিলে। এনেতে এটা বেয়া খবৰ আহিলঃ পত্নী জেনী মার্ক্সৰ পৃত্ত কেঞ্চাৰ হৈছে। ইফালে মার্ক্সৰ নিজৰেই ব্রংকাইটিছত যোৱা থোৱা অৱস্থা। এলেনৰৰ ভাষাত,
 
"সেইছোৱা বৰ দুর্বিষহ সময় আছিল। সমুখৰ কোঠাটোত মা শুই থাকে, ভিতৰত আন এটা কোঠাত মূৰ [মূৰ – মার্ক্সৰ ঘৰত মতা নাম]। সমগ্র জীৱনটো তেওঁলোকে সদায়েই একেলগে কটালে, ইজনে সিজনক এৰি এখন্তেকো থাকিব নোৱাৰে, কিন্তু আজি দুয়োকে বেলেগে বেলেগে ৰাখিব লগা হৈছে। ...মই সেই ৰাতিপুৱাটোৰ কথা কেতিয়াও নেপাহৰোঁ। দেউতাই গাটো অকণমান ভাল পাইছিল। তেওঁ মাৰ ৰূমলৈ আহিল আৰু ইজনে সিজনক পাই দুয়ো যেন পুণৰ তৰুণ হৈ পৰিল। যেন মৰমত মগন এহাল ধুনীয়া ডেকা লৰা ছোৱালী। কোনেও কব নোৱাৰে তেওঁলোক ৰোগে কাবু কৰি পেলোৱা, চিৰবিদায় জনাবলৈ অগ্রসৰ এজন বুঢ়া-বুঢ়ী বুলি। বৰঞ্চ এই যেন তেওঁলোকে যৌবনত ভৰিহে দিছে।..."