কাৰ্ল মাৰ্ক্স: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

160 নং শাৰী:
এংগেলছৰ জীৱনীকাৰ গুষ্টাভ মায়েৰে লিখিছেঃ
 
"এংগেলছৰ দৰে সুন্দৰ লেখক এজনৰ বাবে নিজ-ভবিষ্যত সম্পর্কে চিন্তিত হোৱাৰ কোনো কাৰণ নাছিল। কিন্তু তথাপিও যে তেওঁ ‘ব্যৱসায়ৰ লেতেৰা পথ’ত নামিবলৈ বাধ্য হৈছিল – তাৰ একমাত্র কাৰণ আছিল মার্ক্স। এংগেলছে সদায়েই অনুভৱ কৰিছিল – মার্ক্সৰ দৰে বিশাল প্রতিভা এটিক অকালতে মৰহি যাবলৈ এৰি দিব নোৱাৰি। মানৱ ভবিষ্যতৰ কল্যাণৰ বাবেই তেওঁৰ প্রতিভাটিক প্রজ্বোল্লিত কৰি ৰখাটো অতিশয় প্রয়োজনীয়। পৰিয়ালটোক পোহপাল দিবলৈ মার্ক্স প্রায়েই অক্ষম আছিল; হয়তো দেশান্তৰী জীৱনৰ প্রতিকূলতাসমূহৰ মাজত অচিৰেই তেওঁ হেৰাই গল হয়। কিন্তু সেয়া হবলৈ নিদিওঁ বুলি এংগেলছে প্রতিজ্ঞা কৰিছিল। মার্ক্সৰ বাবেই তেওঁ পুণৰ ব্যৱসায়ৰ পৃথিবীখনলৈ ঘূৰি আহিছিল।"
 
এংগেলছৰ এই জীৱনজোৰা ত্যাগৰ কথা মার্ক্সে সদায়েই কৃতজ্ঞতাৰে সোৱঁৰিছিল। ডাছ কেপিটেল গ্রন্থখনিৰ প্রথম খণ্ডটো ছপাশাললৈ পঠোৱাৰ পাছত এংগেলছলৈ তেওঁ এনেদৰে লিখিছে,
 
"তোমাৰ অবিহনে যে মই কেতিয়াও কিতাপখন সম্পূর্ণ কৰিব নোৱাৰিলোহেঁতেন। মই প্রায়েই ভাবো – মোৰ বৈষয়িক প্রয়োজনৰ বাবেই যে তুমি নিজৰ সমস্ত প্রতিভা ব্যৱসায়ৰ চিন্তাত অবাবতে ব্যর্থ কৰিব লগা হৈছে। এই কথাটোৱে যে মোৰ বুকুত শেল হৈ বিন্ধে।"
 
এংগেলছে কেৱল টকা পইছাৰ দিশৰ পৰাই মার্ক্সৰ সহায় কৰা নাছিল; বৰঞ্চ মার্ক্সৰ সমস্ত বৌদ্ধিক জীৱনৰেই তেওঁ আছিল আটাইতকৈ বিশ্বস্ত সহচৰ। এংগেলছে অত্যন্ত বিনয়েৰে নিজকে মার্ক্সৰ জুনিয়ৰ পার্টনাৰ হিচাপে গণ্য কৰিছিল। চিনিয়ৰৰ আসনখন তেওঁ সদায়েই মার্ক্সৰ বাবে এৰি দিছিল। পিছে জুনিয়ৰ হৈও এংগেলছে পার্টনাৰশ্বিপটোলৈ কেতবোৰ অনবদ্য অৱদান আগবঢ়াইছিল। মার্ক্সৰ বিপৰীতে, অতি কম সময়ৰ ভিতৰতেই তেওঁ এজন বিপ্লৱী কমিউনিষ্টলৈ পৰিণত হৈছিল। (‘তুমিতো জানাই; মই বৰ লেহেমকৈহে কথাবোৰ বুজিব পাৰোঁ। এইক্ষেত্রত মই সদায়েই তোমাৰ অনুসৰণ কৰি আহিছোঁ’ – এংগেলছলৈ মার্ক্সৰ পত্র; ৪ জুলাই, ১৮৬৪ চন)। তদুপৰি, মার্ক্সৰ লেহেম গতিৰ বিপৰীতে, এংগেলছে দ্রুত তথা সাৱলীলভাৱে লিখা মেলা কৰিব পাৰিছিল। বহুকেইটা ইউৰোপীয় ভাষাত এংগেলছ সিদ্ধহস্ত আছিল; প্রাকৃতিক বিজ্ঞানতো তেওঁ সমানেই ৰাপ দেখুৱাইছিল। ঐতিহাসিক ব্যাখ্যাৰ ক্ষেত্রতো, মার্ক্সতকৈ এংগেলছৰ দখল বেছি উচ্চ পর্যায়ৰ আছিল। অধিক গুৰুত্বপূর্ণভাৱে – মার্ক্স আছিল মূলতঃ এজন তত্ববিদ; কিন্তু এংগেলছ অনুশীলনৰ জগতখনতো সমানেই সিদ্ধহস্ত আছিল ।(মার্ক্সৰ পৰিয়ালটোত এংগেলছৰ উপনাম আছিল ‘জেনেৰেল চাহাব!’ মিলিটেৰী বিষয়ত এংগেলছৰ গভীৰ জ্ঞানৰ বাবেই এই নাম থোৱা হৈছিল)। এজন বিচক্ষণ সংগঠন কর্তা হিচাপেও এংগেলছৰ যথেষ্ঠ সুনাম আছিল। এই সমস্ত গুণসমূহৰ সৈতে এংগেলছে মার্ক্সক পৰিপূর্ণ কৰি তুলিছিল।
170 নং শাৰী:
পিছে এংগেলছৰ বন্ধুত্ব আৰু সাহার্যয়ো মার্ক্সৰ পৰিয়ালটোক সম্পূর্ণভাৱে আর্থিক দুর্গতিৰ পৰা ৰক্ষা কৰিব নোৱাৰিলে। ১৮৫০ আৰু ১৮৬০ৰ দশককেইটা মার্ক্স দম্পতীৰ বাবে অভিশাপস্বৰূপ আছিল। এইক্ষেত্রত আটাইতকৈ কষ্ট ভোগ কৰিব লগা হৈছিল – জেনী মার্ক্সে। পৰিয়ালৰ সমস্ত দায়িত্ব মূৰত পাতি লৈ ধুনীয়া মানুহজনী বেমাৰী হৈ পৰিছিল। মানসিক ভাৱেও তেওঁ যেন ভাগি পৰিছিল। ১৮৫১ৰ আশে পাশে এংগেলছলৈ এখন পত্রত মার্ক্সে লিখিলে,
 
"ঘৰখনত সকলো সময়তে যেন অশান্তিকৰ পৰিবেশ এটাই বিৰাজ কৰি থাকে। গোটেই ৰাতি কন্দাকটা চিঞৰ বাখৰ...সিবিলাকে মোক কেতিয়াবা সম্পূর্ণভাৱে অস্থিৰ কৰি তোলে...ঘৰৰ মানুহজনীলৈ মোৰ বৰ পুতৌ জন্মে। ঘৰখনৰ সমস্ত বোজা তেঁৱেইতো বহন কৰিব লগা হৈছে...তুমিতো জানাই মই মানুহটো স্বভাৱতে অলপ কঠুৱা...সেয়ে মাজে সময়ে মই ধৈর্য হেৰুৱাই পেলাওঁ।"
 
এই জাতীয় চিঠিসমূহৰ পৰা গম পোৱা যায় – অন্তহীন ঘৰুৱা সংকটসমূহৰ পৰা ৰক্ষা পাবলৈ মার্ক্সে প্রায়েই সকলোৰে পৰা নিলগত নির্বিকাৰ থাকিবলৈ চেষ্টা কৰিছিল। হিম-শীতল কাঠিন্যতাৰ মুখা এখন পিন্ধি তেওঁ যেন দৈনন্দিন সমস্যাসমূহৰ পৰা সাময়িক ভাৱে নিষ্কৃতি বিচাৰিছিল। কিন্তু আনক নেদেখুৱালেও ভিতৰি ভিতৰি দুঃচিন্তা আৰু অস্বাস্থ্যকৰ ৰুটিনৰ ফলত মার্ক্স ৰুগীয়া হৈ পৰিছিল। অনিদ্রা, যকৃত আৰু পিত্তকোষৰ বিষ, সমগ্র শৰীৰ ব্যাপী খহু...এশ এবুৰি ৰোগৰ লগতে ঘৰুৱা দুঃচিন্তাই বাৰে বাৰে মার্ক্সৰ পঢ়া-শুনাত ব্যাঘাট জন্মাইছিল।
178 নং শাৰী:
এইখিনিতে ৱার্নাৰ ব্লুমেনবার্গৰ এষাৰ মন্তব্য প্রণিধানযোগ্য:
 
"মার্ক্সে জীৱনৰ প্রায় তিনিটা দশক নিপাত কৰিও কিয় ডাছ কেপিটেলখন সম্পূর্ণ কৰিব নোৱাৰিলে – এই লৈ আজিও আলোচনা অব্যাহত আছে। মূলতঃ বিভিন্ন তাত্তিক সমস্যাৰ ওৰ পেলাব নোৱাৰাৰ বাবেই এই কার্য অসম্পূর্ণ হৈ ৰল বুলি বহুতেই মন্তব্য কৰিছে। পিছে এইক্ষেত্রত কেনেধৰণত পৰিস্থিতিত মার্ক্সে কাম কৰিবলগীয়া হৈছিল – সেইপিনেও মন দিয়া দৰকাৰ। অতিশয় প্রতিকুল পৰিস্থিতিৰ পাছতো যে তেওঁ ইমানখিনি লিখি থৈ যাব পাৰিলে, সেয়া সচাকৈয়ে বিস্ময়কৰ বুলিয়েই কব লাগিব।"
 
এনে প্রতিকুল পৰিস্থিতিত স্বাভাৱিকতেই মার্ক্সৰ স্বভাৱটো খিংখিঙীয়া হৈ পৰিছিল। সকলো মানুহক অনবৰতে সন্দেহ কৰা, অনাৱশ্যকভাৱে কঠোৰ সমালোচনা কৰা ইত্যাদি বদগুণো ক্রমান্বয়ে লগতে যুক্ত হৈ পৰিছিল। জার্মান সমাজবাদী নেতা ফার্দিনাণ্ড লাছাল সম্পর্কে এংগেলছলৈ মার্ক্সে লিখা চিঠিসমূহ পৰীক্ষা কৰিলে দেখা যায় যে ৰাজনৈতিক মতভেদৰ ওপৰিও লাছালৰ এলিট জীৱন শৈলীৰ বাবেও মার্ক্সে তেওঁক ঘৃণা কৰিছিল। লাছাল আছিল এজন অত্যন্ত সম্পদশালী ব্যক্তি; মার্ক্সতকৈ বহু বেছি জনপ্রিয় তথা পার্টি কৰি ভাল পোৱা ব্যক্তি। ১৮৬২ চনত মার্ক্স দম্পত্তীৰ ঘৰলৈ আহোঁতে লাছালে এদিনতে মাত্র চিগাৰৰ বাবেই এটা সম্পূর্ণ পাউণ্ড খৰচ কৰি পেলাইছিল। ইফালে আলহীক সন্তুষ্ট কৰিবলৈ জেনীয়ে ঘৰৰ প্রায় সমস্ত বস্তু বন্ধকত থব লগা হৈছিল।
190 নং শাৰী:
মার্ক্স দম্পতীৰ আতিথ্য লাভ কৰা এজন প্রুচিয়ান চোৰাংচোৱাই ১৮৫০ৰ দশকৰ মার্ক্সৰ ঘৰখনৰ বর্ণনা এনেদৰে দিছে,
 
"স্বভাৱসূত্রেই মার্ক্স এজন বনৰীয়া তথা অশান্ত মনৰ মানুহ। কিন্তু এজন পিতৃ তথা স্বামী হিচাপে, তেওঁৰ দৰে মৰমীয়াল তথা নির্জু ব্যক্তি হয়তো খুউব কমেই আছে।...মার্ক্সৰ ঘৰখনত প্রবেশ কৰোতেই ডাঠ ধোৱাঁৰ প্রলেপ এটাৰ সৈতে আপুনি মুখামুখি হব। আপোনাৰ চকু-কাণ-নাক সকলোতে ধোৱা সোমাই আপোনাক ক্ষন্তেকৰ বাবে কাঢ়িল কৰি পেলাব। অৱশ্যে কিছু সময় অপেক্ষা কৰাৰ পাছত লাহে লাহে আপুনি ঘৰৰ ভিতৰখন নিৰীক্ষণ কৰিবলৈ সক্ষম হব। আপুনি দেখিব - এটা ভীষণ লেতেৰা কোঠাত আপুনি প্রবেশ কৰিছে। সকলোতে মাথো ধূলি আৰু ধূলি; বহিবলৈ এটুকুৰা ঠাই বিচাৰি আপুনি হায়ৰান হব। এফালে দেখিব – এখন ভগা চকী পৰি আছে; পিছে সেইখনত আপুনি বহিব নোৱাৰে। ইফালে কোঠাটোৰ একমাত্র ভাল চকীখনত লৰা ছোৱালীকেইটাই ভাত ৰন্ধা খেল খেলাত ব্যস্ত। আলহী আহিলে এইখন চকীকে সদায় আগবঢ়াই দিয়া হয়; পিছে আপুনি সেইখনতো বহিব নোৱাৰে কিয়নো চকী খনত এতিয়াও ৰন্ধা-বঢ়াৰ উচ্ছিষ্ট লাগি আছে। তথাপিও যদি আপুনি বহিব বিচাৰে, আপোনাৰ কাপোৰ কানি লেতেৰা হোৱাটো নিশ্চিত। পিছে এনে সৰু সুৰা কথাবোৰে মার্ক্স তথা তেওঁৰ পত্নীক তলাব নোৱাৰে। অতিশয় অমায়িক ভাৱেই তেওঁলোকে আপোনাৰ শুশ্রুষা কৰিব; আপোনাক পাইপ ইত্যাদি যঁচা হব। লাহে লাহে কথা বতৰা পাতি আপুনি অনুভৱ কৰিব – অস্বস্তিৰ ভাৱটো যেন বহুখিনি আতঁৰি গৈছে। আপুনি হয়তো অলপ অচৰপ আৰামো অনুভৱ কৰিব। শেহত আপোনাৰ অনুভৱ হব- সমস্ত ক্রুটি-নাটি স্বত্তেও মার্ক্সৰ ঘৰখন যথেষ্ঠ আকর্ষণীয়; তেওঁলোকৰ কথা বার্তাসমূহ মৌলিক তথা কৌতুহলদ্বীপক। "
 
==ডাছ কেপিটেল আৰু প্রথম ইন্টাৰনেছনেল==