মনোবিজ্ঞান: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
18 নং শাৰী:
১৯ শতিকাৰ আগলৈকে মন সম্পৰ্কীয় সকলোবোৰ অধ্যয়ন দৰ্শনৰ অন্তৰ্ভুক্ত আছিল। দাৰ্শনিকসকলে মানসিক আচাৰ-আচৰণ বা ক্ৰিয়া-কলাপ সম্পৰ্কে কেৱল অনুমানহে কৰিছিল।মন সম্পৰ্কে গ্ৰীক দাৰ্শনিক প্লেটোৱে পোনপ্ৰথমে ব্যাখা দাঙি ধৰিছিল।তেওঁক মনক দেহৰ পৰা বিচ্ছিন্ন সত্তা হিচাপে গণ্য কৰিছিল।আধুনিক যুগত স্নায়ুবিজ্ঞান আৰু প্ৰাণীবিজ্ঞানৰ বিকাশৰ লগে লগে মনোবিজ্ঞানৰো নৱ বিকাশ ঘটে আৰু আধুনিক বিজ্ঞানৰ এক অন্যতম শাখা হিচাপে মনোবিজ্ঞানৰ বিকাশ আৰম্ভ হয়।স্নায়ুবিজ্ঞান আৰু প্ৰাণী বিজ্ঞানৰ মাজেতেই যে মনোবিজ্ঞানৰ প্ৰাথমিক ভিত্তি নিহিত হৈ আছে সেই কথা পোহৰলৈ আনে জাৰ্মান শৰীৰ বিজ্ঞানী যোহানছ পিটাৰ মূলাৰে।অৱশ্য মনোবিজ্ঞানক বিজ্ঞান হিচাপে প্ৰতিষ্ঠা কৰিবৰ বাবে আটাইতকৈ গুৰুত্ত্বপূৰ্ণ বৈজ্ঞানিক আৱিষ্কাৰটো কৰিছিল আন এজন জাৰ্মান বিজ্ঞানী হাৰমেন ভন হেল্মল্টজে।ব্ৰিটিছ পদাৰ্থবিজ্ঞানী টমাছ ইয়ঙৰ প্ৰস্তাৱিত ৰং সংক্ৰান্ত নীতিক লৈ গৱেষণা কৰি তেওঁ ইয়ং-হেল্মল্টজ সূত্ৰ প্ৰতিষ্ঠা কৰিছিল।এই সূত্ৰৰ দ্বাৰা তেওঁ প্ৰমাণ কৰিছিল যে তিনিটা বিভিন্ন ৰঙৰ(সেউজীয়া,নীলা আৰু ৰঙা) অনুভূতিৰ সৃষ্টি হয় মানুহৰ চকুৰ ৰেটিনাৰ লগত সংযুক্ত তিনি ধৰণৰ স্নায়ুৰ কৰ্ম-তৎপৰতাৰ ফলত।ইয়াৰ পিচত পিছৰে পৰা আধুনিক মনোবিজ্ঞানে এটাৰ পাছত আন এটাকৈ আমাৰ মন সম্পৰ্কীয় ৰহস্য উদঘাটন কৰি ইয়াৰ জয় যাত্ৰা অব্যাহত ৰাখিছ।
 
== মনোবিজ্ঞানৰ বিভিন্ন শাখা ==
[[আচৰণবাদ]](Behaviorism):আচৰণবাদৰ জন্ম হৈছিল কুৰি শতিকাৰ দ্বিতীয় দশকত।আচৰণবাদৰ মুখ্য প্ৰৱক্তা আছিল জন বি.ৱাটচন আৰু বি. এফ. স্কীনাৰ।ইয়াৰোপৰি ৰাছিয়াৰ আইভান পাভলভ,বেখটাৰ্ভ আদি মনোবিজ্ঞানীয়েও আচৰণবাদলৈ বহুতো উল্লেখযোগ্য অৱদান আগবঢ়াই থৈ গৈছে।আচৰণবাদীসকলৰ মতে প্ৰাণীয়ে উদ্দীপকৰ প্ৰতি সহাৰী জনোৱা কাৰ্যই হ'ল আচৰণ। আৰু যি তত্ত্বৰ সহায়ত এই আচৰণৰ অধ্যয়ন আৰু বিশ্লষণ কৰা হয় সিয়েই আচৰণবাদ।আচৰণবাদীসকলে মানুহে কাহ মৰা,হাঁচি মৰা আদি সাধাৰণ শাৰীৰিক কাৰ্যৰ পৰা আৰম্ভ কৰি মানুহৰ উচ্চতম বৌদ্ধিক চিন্তা-চৰ্চালৈকে সকলো কামেই উদ্দীপক আৰু প্ৰতিক্ৰিয়াৰ মাজত এক প্ৰকাৰৰ সংযোগ স্থাপন হিচাপেহে কৰে বুলি বিশ্বাস কৰে।আচৰণবাদৰ জৰিয়তে ৱাটচনে মনোবিজ্ঞানৰ জগতলৈ এক নতুন জোৱাৰ আনিলে।তেওঁ মানুহ আৰু জন্তুৰ আচৰণক এক জড়বাদী আহিলা হিচাপে মনোবিজ্ঞানৰ জগতলৈ আগবঢ়ালে।
 
==তথ্য সংগ্ৰহ==