ভেকুলী বিয়া: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

তথ্য যোগ
No edit summary
1 নং শাৰী:
[[অসম]] মূলতঃ কৃষি প্ৰধান দেশ। কৃষিৰ বাবে পানীৰ প্ৰয়োজন। কৃষিৰ বাবে প্ৰয়োজনীয় পানীৰ বাবে খেতিয়কসকলে প্ৰায়ে প্ৰকৃতিৰ ওপৰতে নিৰ্ভৰ কৰিব লগা হয়। কেতিয়াবা খেতিৰ ভৰপকৰ সময়তো বতৰ খৰাং হয় আৰু পথাৰে চিৰাল ফাঁট দিয়ে। এনেকুৱা অনাবৃষ্টিৰ সময়তে মানুহে প্ৰকৃতিক সন্তুস্ত কৰিবলৈ কিছুমান লোকাচাৰ পালন কৰে। তেনে বিভিন্ন অনুষ্ঠানসমূহৰ ভিতৰত ভেকুলী বিয়া অন্যতম। শালিধানৰ খেতি আৰম্ভ কৰাৰ সময়ত বৰষুণ নহ’লে অসমৰ বিভিন্ন অঞ্চলৰ কৃষক সকলে ‘ভেকুলী বিয়া’ অনুষ্ঠানৰ আয়োজন কৰে। সাধাৰণতে জেঠ-আহাৰ মাহত পালন কৰা এই লোকাচাৰ পালনৰ ফলত বৰষুণ হোৱাটো নিশ্চিত বুলি অসমৰ জনমানসত দৃঢ় ধাৰণা আছে।<ref name="বসুন্ধৰা">{{cite journal | title= অসমৰ লোক সমাজত প্ৰচলিত আৱাহন সম্পৰ্কীয় লোকাচাৰ | author= ড০ ৰাজশ্ৰী হাজৰিকা | journal= দৈনিক জনমভূমিৰ দেওবৰীয়া আলোচনী ‘বসুন্ধৰা’ | year= ২০১১ | month= ৭ আগষ্ট | pages= ৬,৭ পৃষ্ঠা}}</ref> অসমীয়া বিবাহ উৎসৱৰ পৰাম্পৰাগত ৰীতি-নীতিসমূহৰ পালনেৰে দুটা ভেকুলীৰ বিয়া পাতি ৰাইজে আনন্দ উল্লাস কি বৰষুণ কামনা কৰে। '''ভেকুলী বিয়া''' প্ৰধানতঃ [[ভাৰত]] আৰু [[নেপাল]]ত প্ৰচলিত এক লোকাচাৰ।
প্ৰধানকৈ লোক অভিজ্ঞতাৰ আধাৰত প্ৰতিষ্ঠিত এই লোকাচাৰৰ সৈতে সাদৃশ্যধৰ্মী যাদুও সংযুক্ত হৈ আছে। ভেকুলী বিয়াৰ ফলত ভেকুলীৰ বংশ বৃদ্ধি হ’ব আৰু এনেদৰে বৃদ্ধি পোৱা ভেকুলীবিলাক থাকিবৰ বাবে প্ৰয়োজন হোৱা অধিক পানীৰ অভাৱ পূৰাবলৈ নিশ্চিতভাৱে বৰষুণ হ’ব – এয়া লোক-সমাজৰ দৃঢ় বিশ্বাস। লোক অভিজ্ঞতা আৰু লোকবিশ্বাসৰ আধাৰত গঢ় লৈ উঠা ভেকুলী বিয়া লোকাচাৰে লোক সমাজত নিৰ্মল আনন্দৰ জোৱাৰ তোলে। ভেকুলী বিয়াত নাৰীসকলে পৰিৱেশন কৰা বিয়ানামসমূহ সাধাৰণতে ধেমেলীয়া ধৰণৰ হয়।<ref name="বসুন্ধৰা" />
[[Image:frog marriage.jpg|thumb|right|200px|<center>ভেকুলী বিয়া<center>]]
 
==নীতি নিয়ম==
Line 18 ⟶ 17:
ভেকুলীৰ বিয়া
শুনি।</poem></center>
 
আৰু
 
<center><Poem>
ভেক ভেক ভেকুলীৰ বিয়া হে
মেঘ দেউতা বৰষুণ দিয়া হে
পথাৰৰ কঠিয়া পথাৰৰ ধান
ভেক ভেক ভেকুলীৰ বিয়া হে
</Poem></center>
 
==তথ্য সংগ্ৰহ==