হেমচন্দ্ৰ বৰুৱা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

+চিত্ৰ
No edit summary
17 নং শাৰী:
 
==শিক্ষাৰম্ভ তথা প্ৰাকযৌৱন==
হেমচন্দ্ৰ বৰুৱাৰ বিদ্যাৰম্ভ হৈছিল ৯ বছৰ বয়সত৷ দেউতাকে তেওঁক বৰ্ণমালা নিশিকোৱাকৈয়ে শব্দৰ আখৰ জোটনি শিকাইছিল আৰু তাৰ লগে লগে [[ব্যাকৰণ|ব্যাকৰণো]] পঢ়ুৱাইছিল৷ ব্যাকৰণৰ সন্ধিলৈকে শিকাৰ পাছতেই তেখেতে সেই শিক্ষাৰ অন্ত পৰে, কাৰণ সেইসময়তে তেওঁলোকৰ গাঁওখনত জহনী ৰোগে মহামাৰী ৰূপ ধাৰণ কৰাত পিতাকে গাঁৱৰ ৰোগীসকলৰ চিকিত্সাত দিনে ৰাতিয়ে ব্যস্ত হৈ থাকি শেষত নিজেই সেই ৰোগত আক্ৰান্ত হৈ ইহলীলা সম্বৰণ কৰে৷<ref>http://www.iitg.ernet.in/rcilts/phaseI/hem_b.html RCILTS, IIT, Guwahati ত হেমচন্দ্ৰ বৰুৱাৰ বিষয়ে থকা তথ্য</ref> ফলত তেওঁ [[শিৱসাগৰ]]লৈ গৈ খুৰাক '''লক্ষ্মীৰাম বৰুৱা'''ৰ ঘৰত থাকিবলগীয়া হয়৷ কিছুদিন পাছত লক্ষ্মীৰাম বৰুৱাই তেওঁক শিৱসাগৰ কাছাৰীত সুমুৱাই দিয়ে। তেতিয়া তেওঁ বেতন পাইছিল মাহে চাৰি [[টকা]]<ref name="অসমীয়া প্ৰতিদিন (এনাজৰী)"/>৷ য'ত তেও কেপ্তেইন ব্ৰডীৰ সংস্পশলৈ আহে,যি সেই সময়ৰ শিৱসাগৰৰ ডেপুটী কমিচনাৰ আছিল ।কেপ্তেইন ব্ৰডীয়ে আৰু খ্ৰীষ্টান মিছনাৰীসকলৰ সহায়ত তেওঁক ইংৰাজী ভাষা আৰু সংস্কৃতিৰ জ্ঞান দিছিল ।
 
নানান প্ৰতিকূল পৰিস্থিতিক প্ৰত্যাহ্বান জনাই তেখেতে [[সংস্কৃত]], [[হিন্দী]] আৰু [[ইংৰাজী ভাষা]]ৰ জ্ঞান আহৰণ কৰিছিল৷