শব্দ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

Bot: Migrating 98 interwiki links, now provided by Wikidata on d:q11461 (translate me)
No edit summary
15 নং শাৰী:
==শব্দৰ অনুভূতি==
কোনো নিৰ্দিষ্ট ইন্দ্ৰিয়ৰ কাৰণে শব্দৰ অনুভূতি, শব্দ তৰংগৰ কম্পনাংকৰ এটা নিৰ্দিষ্ট পৰিসৰৰ কাৰণে সীমাবদ্ধ হয়। মানুহৰ শ্ৰবণ ইন্দ্ৰিয়(কাণ)ৰ কৰণে সধাৰণতে এ‌ই পৰিসৰ ২০ হাৰ্জৰ পৰা ২০০০০ [[হাৰ্জ]](২০ কিল’ হাৰ্জ)<ref>http://books.google.com/books?id=RUDTFBbb7jAC&pg=PA248</ref> হয় যদিও এ‌ই পৰিসৰ নিৰ্দিষ্ট নহয়। বয়সৰ লগে লগে সাধাৰণতে এ‌ই পৰিসৰৰ উচ্ছ সীমা হ্ৰাস পায়। অন্যান্য প্ৰাণীবোৰৰো শ্ৰবণৰ এটা নিৰ্দিষ্ট পৰিসৰ থাকে। উদাহৰণ স্বৰূপে কুকুৰে ২০ কিল’হাৰ্জতকৈ বেছি কম্পনাংকৰ শব্দ শুনা পায় কিন্তু ৪০ হাৰ্জতকৈ কম কম্পনাংকৰ শব্দ শুনা নাপায়। বিভিন্ন প্ৰাণীয়ে শব্দক এক মূখ্য অনুভূতি হিচাপে গ্ৰহণ কৰাৰ ওপৰিও যোগাযোগ, বিপদ নিৰূপন, চিকাৰ কৰা আদি কাৰ্যতো ব্যৱহাৰ কৰে। বায়ু, পানী আৰু বিভিন্ন ভৌতিক পৰিঘটনা যেনে জুই, বতাহ, সাগৰৰ ঢৌ বা ভূমিকম্প আদিয়ে ইহঁতৰ নিজস্ব শব্দ সৃষ্টি কৰে। বিভিন্ন প্ৰাণী যেনে চৰাই, ভেকুলী আৰু বিভিন্ন সাগৰীয় আৰু স্থলচৰ স্তন্যপায়ী প্ৰাণীৰ শব্দ সৃষ্টি কৰিবৰ কাৰণে নিৰ্দিষ্ট অংগ আছে। কিছুমান প্ৰাণীয়ে এ‌ই অংগবোৰ কথা কোৱা বা গান গোৱা কাৰ্যত ব্যৱহাৰ কৰে। সৰ্বোপৰি মানুহে সৃষ্টি কৰা সংষ্কৃতি আৰু প্ৰযুক্তিবিদ্যা যেনে [[সংগীত]], [[দূৰভাষ]], [[অনাতাঁৰ]] যন্ত্ৰ আদিৰ দ্বাৰা শব্দ সৃষ্টি কৰা, বাণীবন্ধন কৰা, প্ৰেৰণ কৰা আৰু প্ৰচাৰ কৰা আদি কাৰ্য সম্ভৱপৰ হৈছে। মানুহৰ শব্দৰ অনুভূতিৰ বৈজ্ঞানিক অধ্যয়ণক চাইক’এক’ষ্টিক্‌‌চ্‌ (Psychoacoustics) বোলা হয়।
 
==অতিশব্দ আৰু অৱশব্দ‌==
26 নং শাৰী:
==অনুদৈৰ্ঘ্য আৰু অনুপ্ৰস্থ‌ তৰংগ==
[[File: Spherical_pressure_waves.gif|thumb|গোলাকাৰ অনুদৈৰ্ঘ্য তৰংগ]]
শব্দ‌ই [[প্লাজমা]], গেছীয় আৰু তৰল পদৰ্থৰ মজেৰে অনুদৈৰ্ঘ্য বা সংকোচন তৰংগ‌ হিচাপে গতি কৰে। কঠিন পদাৰ্থৰ মাজেৰে অৱশ্যে শব্দ‌ই অনুদৈৰ্ঘ্য আৰু অনুপ্ৰস্থ দুই ধৰণৰ তৰংগ হিচাপে গতি কৰে। সাম্যাৱস্থাৰ চাপৰ পৰা একাদিক্ৰমে চাপৰ পৰিৱৰ্তন হৈ নিৰ্দিষ্ট সংকোচন আৰু প্ৰসাৰণ স্থান কিছুমানৰ সৃষ্টি হৈ যিধৰণৰ তৰংগৰ সৃষ্টি হয়, সে‌ই তৰংগক অনুদৈৰ্ঘ্য তৰংগ বোলা হয়। এনে তৰংগৰ গতিৰ দিশ আৰু মাধ্যমৰ কণাবোৰৰ কম্পনৰ দিশ একে হয়। আনহাতে অনুপ্ৰস্থ তৰংগ (কঠিন পদাৰ্থৰ ক্ষেত্ৰত) হৈছে, তৰংগৰ গতিৰ লম্বভাৱে একাদিক্ৰমে প্ৰতিচাপ পৰিৱৰ্তনৰ ফলত সৃষ্টি হোৱা তৰংগ।
 
শব্দ তৰংগৰ গতিৰ ফলত মাধ্যমৰ কণাবোৰ একদিক্ৰমে স্থানান্তৰিত হয় আৰু তাৰ ফলত ইহঁত দোলিবলৈ ধৰে। শব্দ‌ তৰংগই বহন কৰা [[শক্তি]] অতিৰিক্ত‌ সংকোচন(অনুদৈৰ্ঘ্য তৰংগৰ ক্ষেত্ৰত) বা পাৰ্শ্বস্থ স্থানান্তৰ বিকৃতি(অনুপ্ৰস্থ তৰংগৰ ক্ষেত্ৰত)ৰ বাবে মাধ্যমৰ স্থিতি শক্তি আৰু মাধ্যমৰ দোলনৰ গতি শক্তিৰ মাজত আদান-প্ৰদান হৈ ৰূপান্তৰ হয়।
"https://as.wikipedia.org/wiki/শব্দ"ৰ পৰা অনা হৈছে