মোহনদাস কৰমচান্দ গান্ধী: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

(Script) File renamed: File:Hi-Gandhi pronunciation.oggFile:Hi-Mohandas Karamchand Gandhi.oga File renaming criterion #3: Correct misleading names into accurate ones.sound file includes three p...
20 নং শাৰী:
}}
 
'''মোহনদাস কৰমচান্দ গান্ধী''' ({{lang-gu|મોહનદાસ કરમચંદ ગાંધી}}; {{lang-hi|मोहनदास करमचंद गांधी}}, {{lang-en|Mohandas Karamchand Gandhi}}), উচ্চাৰণ: {{IPA-hns|moːˈɦənd̪aːs kəˈrəmtʃənd̪ ˈɡaːnd̪ʱi||Hi-Mohandas Karamchand Gandhi pronunciation 1.oga}}. ২ অক্টোবৰ, ১৮৬৯ – ৩০ জানুৱাৰী, ১৯৪৮) [[বৃটিছ ভাৰত]]ৰ স্বাধীনতা আন্দোলনৰ গুৰি ধৰোঁতা এজন মুখ্য পথপ্ৰদৰ্শক নেতা আছিল। অহিংস নীতিৰে পৰিচালিত ''[[সত্যাগ্ৰহ]]ৰ'' পথপ্ৰদৰ্শক গান্ধীৰ নেতৃত্বত পৰিচালিত হৈ ভাৰতে স্বাধীনতা লাভ কৰে। তেখেতৰ অহিংস নীতিৰ এই পন্থাৰ আধাৰত পৰৱৰ্তীকালত পৃথিবীৰ বিভিন্ন স্থানত বিভিন্ন গণ-অধিকাৰ আন্দোলনৰ জন্ম হয়<ref>Gandhi, "The Momentous Issue", ''Young India'', 10 November 1921, in ''Collected Works of Mahatma Gandhi'', electronic edition,[http://www.gandhiserve.org/cwmg/VOL025.PDF vol. 25], pp. 76–8; and letter to P. Kodanda Rao, 10 September 1935, in ''Collected Works of Mahatma Gandhi'', electronic edition,[http://www.gandhiserve.org/cwmg/VOL067.PDF vol. 67], p. 400, where he stated: "... I found that even civil disobedience failed to convey the full meaning of the struggle. I therefore adopted the phrase civil resistance."</ref>। তেখেতক সাধাৰণতে '''মহাত্মা''' ([[ৰবীন্দ্ৰনাথ ঠাকুৰ|ৰবীন্দ্ৰনাথ ঠাকুৰে]] প্ৰদান কৰা সন্মানসূচক {{lang-sa|महात्मा}}, {{lang-en|mahātmā}}, ({{IPA-hns|məˈɦaːt̪maː|}} বা "মহান আত্মা"), <ref>an honorific first applied to him by[[Rabindranath Tagore]]). {{Cite document|title=The Mahatma and the Poet|last=Bhattacharya|first=Sabyasachi|publisher=National Book Trust, India|place=New Delhi|year=1997|page=1|ref=harv}}</ref> নামেৰেও জনা যায়। ভাৰতীয় সকলে তেখেতক ''জাতিৰ পিতা''ৰ মৰ্য্যদা দিয়ে আৰু সেয়ে ''বাপু'' বুলি সম্বোধন কৰে। তেখেতৰ জন্মদিন ২ অক্টোবৰ দিনটো ভাৰতত ''[[গান্ধী জয়ন্তী]]'' আৰু বিশ্বজুৰি ''[[আন্তৰ্জাতিক অহিংসা দিবস]] হিচাবে পালন কৰা হয়।
গান্ধীয়ে [[দক্ষিণ আফ্ৰিকা]]ত উকিল হৈ থকাৰ সময়তে তাত থকা প্ৰবাসী ভাৰতীয় সকলৰ বাবে সম অধিকাৰ বিচাৰি প্ৰথম অহিংস অসহযোগৰ প্ৰয়োগ কৰে। ১৯১৫ চনত ভাৰতলৈ ঘুৰি আহি তেখেতে চৰকাৰৰ উচ্চ খাজনাৰ দৰ আৰু বৈষম্যবাদী নীতিৰ প্ৰতিবাদ কৰিবলৈ খেতিয়ক আৰু বনুৱাসকলক সংগঠিত কৰা আৰম্ভ কৰে। ১৯২১ চনত [[ভাৰতীয় জাতীয় কংগ্ৰেছ]]ৰ নেতা হিচাবে তেখেতে দৰিদ্ৰতা নিবাৰণ, নাৰীৰ সম অধিকাৰ, অস্পৃশ্যতা বৰ্জন, আৰ্থিক স্বাৱলম্বিতা গঢ়ি তোলা আদিৰ দাবীত, বিশেষকৈ ''[[স্বৰাজ]]'' অৰ্থাৎ ভাৰতৰ বিদেশী শাসনৰ পৰা মুক্ত কৰা ইত্যাদি দাবীৰে দেশজোৰা গণ আন্দোলনৰ সূচনা কৰে। ১৯৩০ চনত বৃটিছ শাসকে ভাৰতীয়সকলৰ ওপৰত জাপি দিয়া ''নিমখ কৰ''ৰ প্ৰতিবাদত তেখেতে ৪০০ কিলোমিটাৰ পদযাত্ৰা কৰি গৈ দাণ্ডি নামে স্থানত [[নিমখ সত্যাগ্ৰহ|দাণ্ডিযাত্ৰা]] নিমখ তৈয়াৰ কৰি বৃটিছ আইন উলংঘা কৰা কাৰ্য্য বিশেষভাবে উল্লেখযোগ্য। ১৯৪২ চনত ইংৰাজক ভাৰত ত্যাগ কৰি গুচি যাবলৈ দাবী কৰি তেখেতে '''[[ভাৰত ত্যাগ আন্দোন]]''' আৰম্ভ কৰে। আন্দোলনৰ বাবে তেখেতে ভাৰত আৰু [[দক্ষিণ আফ্ৰিকা]]তো কেইবাবাৰো কাৰাবন্দী হ'ব লগা হৈছিল।