ৰুণু দেৱী: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
No edit summary
4 নং শাৰী:
|caption =
|birth_name =
|birth_date = ২১ ছেপ্তেম্বৰ,১৯৫৭
|birth_place = গুৱাহাটী
|death_date =
40 নং শাৰী:
|footnotes =
}}
ৰুণু দেৱী হ’ল অসমৰ চলচ্চিত্ৰ আৰু মঞ্চজগতৰ এগৰাকী আগশাৰীৰ অভিনেত্ৰী। ''সংগ্ৰাম লগ্নে আজি'' নামৰ একাংকিকা নাট এখনৰ জৰিয়তে শিশু অৱস্থাতে অভিনয় জীৱনৰ পাতনি মেলা দেৱীয়ে পঞ্চাশৰো অধিক মঞ্চ নাট,ষাঠিৰো অধিক অনাতাঁৰ নাট,সন্ধ্যাৰাগ,[[কোলাহল]],মেঘমুক্তি আদি উচ্চ প্ৰশংসিত অসমীয়া চলচিত্ৰ আৰু বিভিন্ন ধৰাবাহিকত অভিনয় কৰাৰ লগতে [[ভ্ৰাম্যমাণ থিয়েটাৰ]]টো অভিনয় কৰিছে। ইয়াৰে কোলাহল ছবিৰ বাবে দেৱীয়ে অসম চলচ্চিত্ৰ মহোত্সৱতমহোৎসৱত শ্ৰেষ্ঠ অভিনেত্ৰী আৰু [[হেঙুল থিয়েটাৰ]]ৰ ‘গডমাদাৰ”ত কৰা অভিনয়ৰ বাবে শ্ৰেষ্ঠা অভিনেত্ৰীৰ মুনলাইট মিডিয়া বঁটা লাভ কৰে।<ref name="বিবিয়ান">{{cite journal | title=ৰুণু দেৱী | author=বি.বৰুৱা মহাবিদ্যালয়ৰ মুখপত্ৰ | journal=বিবিয়ান | year=২০১১ | pages=১০৫-১১২}}</ref>
==জন্ম আৰু শিক্ষাগ্ৰহণ==
১৯৫৭ চনৰ ২১ ছেপ্তেম্বৰত [[গুৱাহাটী]]ত ৰুণু দেৱীৰ জন্ম হয়। তেওঁৰ দেউতাক আছিল ভোলানাথ শৰ্মা আৰু মাক কিৰণ বালা দেৱী। পিতৃৰ চাকৰি সূত্ৰে গুৱাহাটীত জন্ম হ’লেও দেৱীৰ শৈশৱ্কাল প্ৰথমতে [[ডিব্ৰুগড়]],তাৰ পিছত [[গোৱালপাৰা]],তাৰ পিছত [[তিনিচুকীয়া]] আৰু শেষত নামৰূপত অতিবাহিত হয়। নামৰূপৰ অসম ৰাজ্যিক বিদ্যুত পৰিষদ উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰা দেৱীয়ে মেট্ৰিক পৰীক্ষা পাছ কৰে। পিছলৈ [[সন্দিকৈ ছোৱালী মহাবিদ্যালয়]]ৰ পৰা উচ্চতৰ মাধ্যমিক আৰু স্নাতক ডিগ্ৰীৰ শিক্ষা গ্ৰহণ কৰে।
==অভিনয় জীৱন==
===মঞ্চজগত===
{{Quote box
[[File:কোলাহলৰ এটি দৃশ্যত ৰুণু দেৱী.jpg|thumb|right|220ppx|কোলাহলৰ এটি দৃশ্যত ৰুণু দেৱী]]
|quote = মই গৌৰৱবোধ কৰো যে ৰুণু দেৱীয়ে অসমৰ সাংস্কৃতিক ক্ষেত্ৰখনত অভিনয় প্ৰতিভাৰ প্ৰথম পৰিচয় নিশ্চিত প্ৰতিশ্ৰুতি লৈ উপস্থিত হৈছিল প্ৰায় তিনি দশক পূৰ্বে মোৰ এখন নাটকৰ এটা জটিল নাৰী চৰিত্ৰৰ অতুলনীয় মঞ্চ ৰূপায়নেৰে। নাটকখন আছিল ''আহাৰ''।.....নাটকখনত এককভাৱে পাঁচটা বিভিন্ন চৰিত্ৰত তেওঁ অভিনয় কৰিব লগা হৈছিল। যি পাৰংগতা,অন্তৰ্দৃষ্টি আৰু স্বাভাৱিকতাৰে নিপুণভাৱে ৰুণুৱে চৰিত্ৰকিটা ৰূপায়ণ কৰিছিল সেই অভিনয় অসমৰ মঞ্চ ইতিহাসৰ এক বিৰল কৃতি ৰূপে উল্লেখিত হৈ থাকিব।
|source = [[অৰুণ শৰ্মা]]
|width = 50%
}}
পিতৃ চাকৰি সূত্ৰে গোৱালপাৰাত থাকোতে ‘’সংগ্ৰাম লগ্নে আজি’’ নামৰ একাংকিকা নাট এখনত প্ৰথমবাৰৰ বাবে অভিনয় কৰি দেৱীয়ে শ্ৰেষ্ঠ শিশু শিল্পীৰ পুৰস্কাৰ লাভ কৰে। নামৰূপলৈ অহাৰ পিছত দেৱীয়ে অসমৰ সাংস্কৃতিক জীৱনৰ প্ৰখ্যাত ব্যক্তি কিছুমানক লগ পাই আৰু অভিনয় জগতৰ লগত ওতঃপ্ৰোত ভাৱে জড়িত হৈ পৰে। সেই সময়তে শম্ভু গুপ্তাৰ ''স্তব্ধবিহংগ''(১৯৭১) আৰু ''সেন্দূৰৰ ৰং মাধুৰ্য''(১৯৭২) নাটকত অভিনয় কৰি তেওঁ সদৌ অসম ভিত্তিত শ্ৰেষ্ঠা অভিনেত্ৰীৰ বঁটা লাভ কৰে।<ref name="বিবিয়ান" /> সন্দিকৈ কলেজত নাম ভৰ্তি কৰাৰ পিছত দেৱীয়ে এক বহল সাংস্কৃতিক ক্ষেত্ৰৰ লগত নিজকে জড়িত কৰাৰ সুযোগ পাই আৰু আৱৰণ,শিপা,আথেল’ আদি নাটত অভিনয় কৰে। ''অগ্নিপৰীক্ষা'' নামৰ নাটখনৰ পূৰ্ব নিৰ্ধাৰিত অভিনেত্ৰী গৰাকী হঠাত অসুস্থ হৈ পৰাত দেৱীয়ে নামমাত্ৰ অনুশীলনেৰে নাটকখনত অভিনয় কৰে আৰু প্ৰশংসা লাভ কৰে। ১৯৭৬ চনত [[ৰবীন্দ্ৰ ভৱন]]ত [[অৰুণ শৰ্মা]]ৰ ''আহাৰ'' নাটখনত একেলগে পাঁচটা চৰিত্ৰত অভিনয় কৰি দেৱীয়ে সকলোৰে দৃষ্টি আকৰ্ষণ কৰে। ১৯৯৮ চনত [[মেক্সিম গৰ্কী]]ৰ মাদাৰ উপন্যাসৰ আধাৰত নিৰ্মিত [[অৰুণ শৰ্মা]]ৰ ''মা'' ত তেওঁৰ অভিনয় বহুলভাৱে সমাদৃত হয়।
===কথাছবি===
[[File:কোলাহলৰ এটি দৃশ্যত ৰুণু দেৱী.jpg|thumb|right|220ppx|কোলাহলৰ এটি দৃশ্যত ৰুণু দেৱী]]
১৯৭৫ চনত ইন্দুকল্প হাজৰিকাৰ ''নিয়তি'' কথাছবিৰ জৰিয়তে ৰুণু দেৱীয়ে অসমীয়া চলচ্চিত্ৰ জগতত প্ৰৱেশ কৰে। তাৰ পিছত তেওঁ [[ভবেন্দ্ৰ নাথ শইকীয়া]]ৰ [[সন্ধ্যাৰাগ]]ত অভিনয় কৰে। অনিৰ্বাণ,অপৰূপা,মেঘ,মেঘমুক্তি আদিত অভিনয় কৰাৰ পিছত দেৱীয়ে ''বহাগৰ দুপৰীয়া''ত আগৰ চৰিত্ৰসমূহৰ সম্পূৰ্ণ বিপৰীত এক চৰিত্ৰত অভিনয় কৰি প্ৰশংসিত হয়। ১৯৮৮ চনত দেৱীয়ে এন্দুৰ গল্পৰ আধাৰত ভবেন্দ্ৰ নাথ শইকীয়া নিৰ্মিত [[কোলাহল]]ত অভিনয় কৰে। এই অভিনয়ৰ বাবে দেৱীয়ে ৰাষ্ট্ৰীয় বঁটাৰ বাবে বাছনিত উঠে যদিও পিছলৈ পৰাজিত হয়।<ref name="বিবিয়ান" /> লণ্ডনৰ দ্য গাৰ্ডিয়ান কাকতত চলচ্চিত্ৰ সমালোচক ডেৰেক মেলেকমে এই অভিনয়ৰ প্ৰশংসা কৰে।<ref name="বিবিয়ান" /> ইয়াৰ পিছত দেৱীয়ে লাজ,কইনা মোৰ ধুনীয়া,কদম তলে কৃষ্ণ নাচে আদি ছবিত অভিনয় কৰে।
===ভ্ৰাম্যমাণ===
Line 59 ⟶ 64:
 
==উল্লেখযোগ্য বঁটা আৰু সন্মান<ref name="বিবিয়ান" />==
*অসম চলচ্চিত্ৰ মহোত্সৱতমহোৎসৱত শ্ৰেষ্ঠা অভিনেত্ৰীৰ পুৰস্কাৰ (কোলাহল),১৯৮৯
*অসম চিনে আৰ্টছ ছ’চাইটিৰ চলচ্চিত্ৰ মহোত্সৱতমহোৎসৱত শ্ৰেষ্ঠা অভিনেত্ৰীৰ পুৰস্কাৰ,১৯৯৫
* শ্ৰেষ্ঠা অভিনেত্ৰীৰ মুনলাইট মিডিয়া বঁটা (হেঙুল থিয়েটাৰৰ ‘গডমাদাৰ”),২০০১
*জ্যোতিৰূপাৰ শ্ৰেষ্ঠা সহঃ-অভিনেত্ৰীৰ বঁটা(কদম তলে কৃষ্ণ নাচে),২০০৫
Line 67 ⟶ 72:
{{reflist}}
==বাহ্যিক সংযোগ==
*[http://www.facebook.com/profile.php?id=100003358327874 ফেছবুক সংযোগ]
 
{{অসমীয়া চলচ্চিত্ৰ}}
{{অসমৰ প্ৰসিদ্ধ ব্যক্তি}}
"https://as.wikipedia.org/wiki/ৰুণু_দেৱী"ৰ পৰা অনা হৈছে