জম্মু আৰু কাশ্মীৰ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
92 নং শাৰী:
জম্মু আৰু কাশ্মীৰ বহুবোৰ উপত্যকা থকা এখন প্ৰদেশ, ইয়াৰ মূখ্য উপত্যকাসমূহ হৈছে, কাশ্মীৰ উপত্যকা, তাৱী উপত্যকা, চেনাব উপত্যকা, পুঞ্চ উপত্যকা আৰু চিন্দ উপত্যকা। প্ৰধান উপত্যকা কাশ্মীৰ {{convert|100|km|mi|abbr=on}} বহল আৰু ইয়াৰ মাটিকালি {{convert|15520.3|km2|sqmi|abbr=on}}। হিমালয় পৰ্বতে কাশ্মীৰ উপত্যকাক লাডাখৰ পৰা পৃথক কৰি ৰাখিছে, আনহাতেদি পিৰ-পানজল পৰ্বতমালাই কাশ্মীৰ উপত্যকাক উত্তৰ ভাৰতৰ বিশাল সমতলভূমিৰ পৰা পৃথক কৰিছে। হিমালয়ৰ মূল পৰ্বতমালা কাশ্মীৰ উপত্যকাৰ উত্তৰ-পূৱ অংশজুৰি বিস্তৃত। ঘন জনবসতিপূৰ্ণ আৰু সুন্দৰ কাশ্মীৰ উপত্যকা সাগৰ পৃষ্ঠৰ পৰা {{convert|1850|m|ft}} উচ্চতাত অৱস্থিত, পিৰ-পানজল পৰ্বতমালাৰ গড় উচ্চতা {{convert|5000|m|ft}}।
 
সাগৰ পৃষ্ঠৰ পৰা উচ্চতাৰ বিবিধতাৰ বাবে জম্মু আৰু কাশ্মীৰৰ জৈৱ-ভূগোল বৈচিত্ৰতাৰে পৰিপূৰ্ণ। উত্তৰ-পশ্ছিমীয় কাঁইটীয়া বনভূমি, হিমালয়ান উপ-ক্ৰান্তীয় পাইন বন কম উচ্চতাৰ দক্ষিণ-পশ্ছিম অঞ্চলৰ দূৰ প্ৰান্তত দেখিবলৈ পোৱা যায়। পশ্ছিম হিমালয়ান বহলপাতৰ বনৰ এক বিশাল বনাঞ্চল কাশ্মীৰ উপত্যকাৰ উত্তৰ-পশ্ছিম অঞ্চলৰ পৰা দক্ষিণ-পূৱ অঞ্চললৈকে দেখিবলৈ পোৱা যায়। সমতল ভূমিৰ পৰা পৰ্বতৰ দিশত গ’লে, পশ্ছিম হিমালয়ান চাব-এল্পাইন ক’নিফাৰ বন দেখিবলৈ পোৱা যায়, বৃক্ষৰ বনাঞ্চলৰ উচ্চ অঞ্চলত উত্তৰ-পশ্ছিম হিমালয়ান এলপাইন গুল্ম আৰু তৃণভূমি দেখিবলৈ পোৱা যায়, উত্তৰ পূৱৰ অধিকাংশ কাৰাকোৰাম-পশ্ছিম তিব্বতীয় মালভূমীয় এলপাইন বন দেখিবলৈ পোৱা যায়। একেবাৰে উচ্চ অঞ্চলত সাধাৰণতে কোনোধৰনৰ বনাঞ্চল দেখিবলৈপোৱা নায়ায়, এই অঞ্চলসমূহ শিলা আৰু বৰফেৰে ঢাক খাই থাকে।
 
[[File:Srinagar- Yatra- Hindu holy cave.JPG|thumb|শ্ৰীনগৰ- যাত্ৰা- পবিত্ৰ হিন্দু গুহা]]
 
==তথ্যসূত্ৰ==