কাৰ্ল মাৰ্ক্স: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

246 নং শাৰী:
পিছে এই জাতীয় দুই এটা ব্যতিক্রম বাদ দিলে জীৱনৰ শেহৰছোৱা সময় মার্ক্সে বেছ শান্তিৰেই কটাইছিল বুলি কব পাৰি। এই সময়খিনিত মার্ক্সৰ চিনাকী ব্যক্তি এজনে তেওঁৰ বিবৰণ দিছে এনেদৰে:
 
"…[মার্ক্স] এংলো-জার্মান সুঁতিৰ এজন উচ্চ সংস্কৃতিমনা ব্যক্তি। [কবি] হেইনেৰ [ৰছনাৰ] সৈতে পৰিচয়ে তেওঁক প্রদান কৰিছে এক প্রফুল্ল চিত্ত আৰু ৰসাল ব্যংগ ৰছনাৰ অসীম ক্ষমতা। অৱশেষত তেওঁৰ ব্যক্তিগত জীৱন এতিয়া কিছু ভাললৈ আহিছে। আজি তেওঁ এজন সুখী মানুহ।"
 
১৮৬৫ চনত জীয়েকহঁতে ধেমালিতে প্রস্তুত কৰা প্রশ্নাৱলী এখনৰ ‘প্রিয় কাম’ শীর্ষক প্রশ্ন এটাৰ উত্তৰত মার্ক্সে লিখিছিল – "তেওঁ সদায়েই গ্রন্থকীট হবলৈ ভাল পাব।" কথাষাৰ আছিল সম্পূর্ণ সঁচা। মার্ক্সৰ অধ্যয়নৰ ব্যাপ্তি আছিল আশ্বর্যকৰ। অক্সফর্ড ইউনিভার্চিটিৰ জার্মান সাহিত্যৰ অধ্যাপক এছ এছ প্রয়েৰে ‘ইউৰোপীয় সাহিত্যৰ সৈতে মার্ক্সৰ পৰিচয়’ সম্পর্কীয় এটি অধ্যয়নত অলপতে এনেদৰে লিখিছে:
 
"ধ্রুপদী সাহিত্য, মধ্যকালীন জার্মান সাহিত্য, গ্যেটে, ডান্টে, বয়ার্ড, টাছ’, চার্ভেণ্টিছ, শ্যেক্সপীয়েৰ..., ১৮ তথা ১৯ শতিকাৰ ফৰাচী আৰু ইংৰাজী গদ্য সাহিত্য – এই আটাইবোৰেই মার্ক্সৰ অবাধ বিচৰণৰ স্থলী আছিল। যিকোনো সমকালীন কবিতা – যেনে ধৰক হেইনীৰ ৰছনাসমূহ- যি পৰম্পৰাগত কর্তৃত্বৰ প্রতি বুঢ়া আঙুলি প্রদর্শন কৰি এক ন্যায়সংগত ভবিষ্যতৰ সপোন দেখুৱাবলৈ সাহস কৰিব পাৰিছিল, সিবিলাকে মার্ক্সৰ দৃষ্টি আকর্ষণ কৰিছিল। সামগ্রিকভাৱে চাবলৈ গলে অৱশ্যে বর্তমানতকৈ অতীতৰ কৃতিসমূহৰ প্রতিহে তেওঁৰ চকু আছিল যেন লাগেঃ সমকালীন লেখকসকলতকৈ এছিলিছ, ডাণ্টে আৰু শেক্সপীয়েৰৰ ৰছনাসমূহেই তেওঁৰ দৃষ্টি বেছিকৈ আকর্ষণ কৰিছিল।"
 
গ্রীক আৰু ৰোমান সাহিত্য তেওঁৰ অতিকৈ প্রিয় আছিল। ঘোৰ মানসিক আৰু শাৰীৰিক কষ্টৰ সময়ত তেওঁ এপ্পিয়ান কৃত ৰোমান গৃহযুদ্ধৰ বিবৰণসমূহ মূল গ্রীক ভাষাত পঢ়িছিল। মার্ক্সৰ ভাষাত ‘স্পার্টাকাছেই হয়তো সমগ্র প্রাচীন ইতিহাসৰ সবাটোকৈ শ্রেষ্ঠ চৰিত্র ...তেওঁ এজন মহান সেনাপতি, এক বিশাল ব্যক্তিত্ব, আদিম সর্বহাৰাৰ প্রকৃত প্রতিনিধি...তেওঁৰ তুলনাত পম্পী আবর্জনাসদৃশ মাথো। Grundrisseত মার্ক্সে লিখিছে ‘যদিও গ্রীক কলা আৰু মহাকাব্যসমূহ সামাজিক বিকাশৰ এক বিশেষ পর্যায়ৰ সৈতে সংপৃক্ত, তথাপিও সিবিলাকে অপৰিসীম কলাত্মক তৃপ্তি প্রদান কৰে...[সাহিত্যিক সৃজনৰ ক্ষেত্রত] সিবিলাক আজিও আমাৰ আদর্শ।’(Grundrisse, পৃষ্ঠা ১১১)। বিপ্লৱোত্তৰ ফৰাচী সমাজখনৰ শ্রেণী সংঘাত বিষয়ক বালজাকৰ বাস্তৱবাদী উপন্যাসসমূহেও মার্ক্সক বিশেষভাৱে প্রভাৱিত কৰিছিল। মার্ক্সৰ অন্যান্য অসম্পূর্ণ প্রকল্পৰ ভিতৰত অন্যতম আছিল -বালজাক সম্পর্কীয় এটি অধ্যয়ন।