বাষ্প উদ্ভাৱক: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

নতুন পৃষ্ঠা: '''বাষ্প উদ্ভাৱক''' (ইংৰাজী: Boiler) হৈছে পানীৰ পৰা বাষ্প বা ভাপ উদ্ভা...
 
No edit summary
7 নং শাৰী:
===অগ্নি নলীকা আৰু জল নলীকা বাষ্প উদ্ভাৱক: (ইংৰাজী: Fire tube and water tube Boiler)===
অগ্নি নলীকা বাষ্প উদ্ভাৱকত নলীকাৰ মাজেৰে উত্তপ্ত গেছীয় পদাৰ্থ পৰিবাহিত কৰা হয় আৰু এই নলীকা সমূহ আৱৰি ৰাখে ভাপলৈ ৰূপান্তৰিত কৰিব বিচৰা পানীভাগে। নলীকাৰ পৰা তাপ শোষণ কৰি পানীভাগ ভাপলৈ পৰিৱৰ্তন হয়। উদাহৰণ: কোক্ৰাণ, লেনকাচায়াৰ, লোকোমটিভ (ইংৰাজী: Cochran, Lancashire, Locomotive)
[[চিত্ৰ:Steam Boiler 2 English version.png|right|thumb|300px|অগ্নি নলীকা বাষ্প উদ্ভাৱক]]
আনহাতে জলনলীকা বাষ্প উদ্ভাৱকসমূহত নলীকাৰ মাজেৰে পানী পৰিবাহিত কৰা হয়। নলীকাবোৰ আৱৰি ইন্ধন দহন কৰি বাহিৰত জুই জ্বলোৱা হয়। বাহিৰৰ উত্তাপৰ জৰিয়তে নলীকাৰ ভিতৰৰ পানী ভাপলৈ ৰূপান্তৰিত হয়। উদাহৰণ: বেবকক অৰু উইলকক্স, ষ্টায়াৰ্লিং, য়াৰ্ৱ (ইংৰাজী: Babcock and Wilcox, Stirling, Yarrow)
[[চিত্ৰ:Steam Boiler 3 english.png|right|thumb|300px|জল নলীকা বাষ্প উদ্ভাৱক]]
===অন্তৰ্দাহী আৰু বহিৰ্দাহী বাষ্প উদ্ভাৱক (ইংৰাজী: Internally Fired and Externally Fired Boiler)===
অন্তৰ্দাহী বাষ্প উদ্ভাৱকবোৰত ইন্ধনৰ দহন মূল পাত্ৰৰ ভিতৰতে সম্পাদন কৰা হয়। উদাহৰণ স্বৰূপে, বেবকক অৰু উইলকক্স, ষ্টায়াৰ্লিং বাষ্প উদ্ভাবক।