কুচিপুড়ি: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

নতুন পৃষ্ঠা: '''কুচিপুড়ি নৃত্য''' (ইংৰাজী: Kuchipudi Dance) ভাৰতম অন্যতম প্ৰধান শাস্ত্...
 
No edit summary
1 নং শাৰী:
[[File:Kuchipudi Performer DS.jpg|thumb|কুচিপুড়ি নৃত্যশিল্পী]]
 
'''কুচিপুড়ি নৃত্য''' (ইংৰাজী: Kuchipudi Dance) ভাৰতম অন্যতম প্ৰধান শাস্ত্ৰীয় নৃত্য শৈলী। সপ্তদশ শতিকাত অন্ধ্ৰপ্ৰদেশৰ কুচিপুড়ি নামৰ গাৱত এই নৃত্যকলাৰ জন্ম হয়। সিদ্ধেন্দ্ৰ যোগী নামৰ এজন নৃত্য গুৰুৱে ভগৱান শ্ৰী কৃষ্ণৰ পত্নী সত্যভামাৰ কাহিনীৰ ভিত্তিত ‘ভামা কল্পনা’ নামৰ এখন নৃত্য-নাটিকাত এই নৃত্য কলাৰ প্ৰয়োগ কৰে। সিদ্ধেন্দ্ৰ যোগীয়ে কুচিপুড়ি গাঁৱৰ ব্ৰাহ্মণ পুত্ৰ সন্তান সকলক এই নৃত্য কলাৰ প্ৰশিক্ষণ দিয়ে ১৬৭৫ চনত গোলকোণ্ডাৰ নবাবৰ দৰবাৰত এই নৃত্যকলাৰ প্ৰদৰ্শন কৰে। ন-শৈলীৰ এই নৃত্য দেখি নবাব সন্ত্তষ্ট হয় আৰু এই নৃত্যৰ চৰ্চা আৰু সংৰক্ষণৰ বাবে কুচিপুড়ি গাঁওখন দান কৰে। এই নৃত্যত নৰ্তকে তাল-লয়ৰ লগত সংগতি ৰাখি মাজে মাজে গান গায় আৰু সংলাপো ব্যৱহাৰ কৰে। পৰম্পৰাগত এই নৃত্য পুৰুষেহে প্ৰদৰ্শন কৰে যদিও বৰ্তমান মহিলায়ো এই নৃত্য প্ৰদৰ্শন কৰিবলৈ লৈছে। <ref> শান্তনু কৌশিক বৰুৱা, সংক্ষিপ্ত অসমীয়া বিশ্বকোষ, প্ৰথম খণ্ড, জ্যোতি প্ৰকাশন </ref>
 
"https://as.wikipedia.org/wiki/কুচিপুড়ি"ৰ পৰা অনা হৈছে