পৰিৱেশ বিজ্ঞান: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

Bot: Migrating 1 interwiki links, now provided by Wikidata on d:Q188847
পৰিৱেশ বিজ্ঞান-লৈ পুনৰ্নিৰ্দেশ কৰা হ'ল
1 নং শাৰী:
#REDIRECT [[পৰিৱেশ বিজ্ঞান]]
{{wikify}}
{{story}}
 
চুইদেন ৰাষ্ট্ৰৰ বাল্টিক সাগৰৰ পাৰৰ ষ্টকহ'মত ১৯৭২ চনৰ জুন মাহত মানৱ পৰিবেশ সংক্ৰান্তীয় আন্ত্ৰৰাষ্ট্ৰীয় সভাত বিশ্বৰ ১১৩খন ৰাষ্ট্ৰ একগোট হৈছিল আৰু তাতেই প্ৰথম ছুইদেনে মানৱ পৰিবেশত ব্যাঘাত জনোৱা বিভিন্ন সমস্যাৰ অৱতাৰনা কৰিছিল। তাতেই চুইদেন ৰাষ্ট্ৰৰ ৯০০০০টা সৰু সৰু হ্ৰদৰ প্ৰায় ২০০০০টা হ্ৰদত এচিদ বৰষুণ হৈ তাত জীৱ জন্তু মৰি যোৱাৰ কথা উল্লেখ কৰিছিল। সেই সভাৰ পিছতে বিশ্বৰ দেশ সমুহত পৰিবেশ সংৰক্ষনৰ বাবে বিচাৰ বিশ্লেষণ আৰম্ভ হৈছিল আৰু তেতিয়াৰ পৰাই জনসাধাৰনৰ মাজত পৰিবেশ সংক্ৰান্তীয় সজাগতা বৃদ্ধিৰ বাবে সেই জুন মাহৰ ৫ তাৰিখ দিনটো [[বিশ্ব পৰিৱেশ দিৱস]] হিচাপে পালন কৰাৰ সিদ্ধান্ত লোৱা হয়। সেই সভাৰ পিছৰে পৰাই বিভিন্ন দেশৰ নিবন্ধকাৰ, সাংবাদিক, বুদ্ধিজীবিৰ দ্বাৰা বাতৰি কাকত, বাৰ্তালোচনী আদিত পৰিবেশ সংক্ৰান্তীয় নিবন্ধ,খবৰ আদিৰ পয়োভৰ ঘটিবলৈ ধৰে। তাৰ পিছতে ভাৰতত তেতিয়াৰ ভাৰতৰ প্ৰধান মন্ত্ৰী ইন্দিৰা গান্ধীৰ দিনত প্ৰথম পৰিবেশ সংক্ৰান্তীয় পানীৰ বিশুদ্ধতা ৰক্ষা কৰাৰ বিষয়ত ১৯৭৪ ত আইন প্ৰণয়ন কৰে। তথাপিও আজি পৰ্য্যন্ত প্ৰকৃতিপ্ৰেমী আৰু পৰিবেশবিদ সকলক বাদ দি বহুতো লোকৰ বাবে ই এক কমগুৰুত্বৰ বিষয় হৈয়ে আছে যেন লাগে। সুখৰ কথা যে প্ৰায় ১০ বছৰমান আগৰ পৰা আমাৰ স্কুলীয়া পাঠ্যপুথিত পৰিবেশ এক বিষয় হিচাবে অন্তৰ্ভূক্তি হৈছে আৰু লগে লগে নৱপ্ৰজন্মই উঠি অহা চামে এই দিশত চিন্তা চৰ্চা কৰিবলৈ খোৰাক বিচাৰি পাইছে ।
 
প্ৰকৃতিপ্ৰেমী আৰু পৰিবেশবিদ সকলৰ অনুৰোধ আৰু হেচাত আমাৰ স্কুলীয়া পাঠ্যপুথিত পৰিবেশ এক বিষয় হিচাবে অৰ্ন্তভূক্তি হলেও আজিও পৰিবেশ সংক্ৰান্তীয় বহু কথা আলোচনাৰ আওতাৰ পৰা বাদ পৰিয়েই থাকে। কেতিয়াবা লক্ষ্য কৰা যায় যে পৰিবেশ সৰ্ম্পকে আমাৰ ধাৰনা থাকিলেও আমি বৰ্ত্তমানৰ দিনবোৰত দেখা দিয়া সমস্যাবোৰৰ কথা গুৰুত্ব সহকাৰে চিন্তা নকৰো। আমি সকলোৱে এটা কথা লক্ষ্য কৰিছো যে যোৱা দুবছৰমান শীতৰ দিনবোৰৰ সংখ্যা কমি আহিছে আৰু বিপৰিতে গৰমৰ দিনবোৰৰ সংখ্যা বাঢ়ি আহিছে । তাৰ অৰ্থ জলবায়ুৰ পৰিৱবৰ্ত্তন হৈছে আৰু পৃথিবীৰ তাপমাত্ৰা বাঢ়িছে। এয়া ভগৱানৰ কায্যকলাপ নেকি আৰু এই বিষয়ত আমাৰ একো কৰিবলগা নাই নেকি । এয়া ভগৱানৰ কায্যকলাপ নহয় - এয়া আমাৰ সুসভ্য বুলি ভবা মানুহ জাতিৰে লাহ বিলাহৰ বাবে, বা অভাৱত পৰি প্ৰকৃতিৰ প্ৰকৃত অৱস্থা ধংস কৰি অহাৰে কুফল। আজিৰ পৰা যদি পাঁচশমান বছৰ আগৰ কথা ভাবো তেতিয়া আমাৰ মনলৈ চবি আহিব যে সেইসময়ত জনসংখ্যা বহুত কম আছিলে আৰু ভুমি ভাগৰ বেছি ভাগেই বন্য অবস্থাত আছিল আৰু গছ গছনিৰে ভৰপুৰ আছিল। আবাস ক্ষেত্ৰ অনুসৰি জীব জন্তু আৰু চৰাই চিৰিকতিয়ে এক নান্দনিক পৰিবেশ বিৰাজ কৰিছিল। তেতিয়া নদ নলাবোৰ দ আছিল -খাল, পুখুৰী কুৱা আদিত এটাই কেইটা কালতে পানী থাকিছিল। গছত ফল ফুল ,খেতি পথাৰত সুন্দৰ খেতি আছিল , পোক পতংগই খেতি পথাৰ নষ্ট কৰা নাছিল,গৰমৰ দিনত গৰম আৰু ঠাণ্ডাৰ দিনবোৰ ঠা্ণ্ডাই আছিল । বেমাৰ আজাৰ কম আছিল, এতিয়াৰ দৰে হোৱা বেমাৰ আজাৰ তেতিয়া নাছিল। “ডেকা মানুহৰ কিহৰ বেমাৰ” সেই কথাষাৰ সেইসময়ৰ। সেইসময়ত পৃথিবীৰ নিচেই ওচৰত পৃথিবীক আবৰি থকা বায়ুমণ্ডলৰ গেচীয় আৱৰন বা স্তৰটোৱে পৃথিবীৰ জলবায়ু সুস্থ ৰাখিবলৈ সক্ষম আছিল ।
 
পৃথিবীৰ জলবায়ু সুস্থ ৰাখিবলৈ কাম কৰি থকা প্ৰধান কাৰক টো হৈছে পৃথিবীৰ উদ্ভিদ জগত পৃথিবীৰ মাটিভাগ আৰু উপৰিভাগৰ অন্যান্নই দিনত শুহি লোৱা তাপৰ অধিকাংশই (৪৮%)শোষণ কৰি ৰাখে , বাকীৰ সৰহখিনি (৩১%) বায়ুমণ্ডলৰ পৰা মহাকাশলৈ ঘুৰি যায় ,কিছু অংশ (১৮%)শোষণ কৰি ৰাখে ট্ৰপ’স্ফিয়াৰত থকা জলীয় বাষ্প আদিয়ে আৰু বাকী কিছু অংশ (৩%)শোষণ কৰি ৰাখে ষ্ট্ৰেট’স্ফিয়াৰত । সূৰ্য্যৰ পৰা শুহি লোৱা গোটেইখিনি তাপ পৃথিবীৰ পৰা গুচি যোৱা হ’লে পৃথিবীৰ উপৰিভাগ অসম্ভব ঠাণ্ডা হৈ গল হেতেন । কিন্তু সূৰ্য্য, পৃথিৱীৰ উদ্ভিদ জগত আৰু বায়ুমণ্ডলৰ গেচীয় আৱৰনত থকা বিভিন্ন উপাদান নাইট্ৰোজেন, অক্সিজেন,কাৰ্বন-ডাই-অক্সাইড, হিলিয়াম, মিথেন আদি গেছ আৰু লগতে থকা জলীয় বাষ্প আদিৰ ক্ৰিয়াই পৃথিবীৰ উষ্ণতা ৰক্ষাত সহায় কৰি আছে পৃথিবীৰ উষ্ণতা ৰক্ষাত সহায় কৰা এই সন্মিলিত কাম খিনিকে সেউজ গৃহ প্ৰভাব বোলা হয়৷ সেউজ গৃহ প্ৰভাবত কাৰ্বন ডাই অক্সাইড,মিথেন,ক্লৰফ্লৰ কাৰ্বন(১৯৩০-জেনেৰেল মটৰ ৰিচাৰ্চ লেব’ৰেটৰিয়ে উদ্ভাবন),নাইট্ৰাছঅক্সাইড,আৰু অজন নামৰ গেছে ভাগ লয়) আৰু ইয়েই গোলকীয় উষ্ণতা বৃদ্ধিৰ সুত্ৰৰ মুল কথা। গতিকে বৰ্ত্তমান সময়ত হৈ থকা গোলকীয় উষ্ণতা বৃদ্ধিৰ বাবে আমাৰ পৰিবেশ আমি নিকা কৰি ৰাখিব লাগিব । এতিয়া কথা হ’ল আমি পৰিবেশ বেয়া কৰিছো নেকি –যদি কৰিছো কেনেকৈ ? ইয়াৰ উত্তৰ একেবাৰে সচা যে আমি পৰিবেশ ধ্বংস কৰি আহিছো । আমি কাৰ্বন মনো অক্সাইদ, কাৰ্বন ডাই অক্সাইদ গেছ শোষণ কৰা উৎস গছ গছনি কাটি শেষ কৰিব ধৰিছো , গছ গছনি কাটি বনাঞ্চলৰ ভূমিভাগ মূকলি কৰিছো আৰু কাৰ্বন মনো অক্সাইদ,মিথেন,চালফাৰ অক্সাইদ, নাইট্ৰোজেন অক্সাইদ আদি বিষাক্ত গেছ বায়ুমণ্ডলত এৰি দিছো, অবৈজ্ঞানিক ভাবে উদ্যোগ স্থাপন কৰি কাৰ্বন মনো অক্সাইদ, চালফাৰ অক্সাইদ, নাইট্ৰোজেন অক্সাইদ আদি বিষাক্ত গেছ বায়ুমণ্ডলত এৰি দিছো। পেলনীয়া দ্ৰব্য আৰু তেজস্ক্ৰিয় সামগ্ৰীৰে মাটি দুষিত কৰিছো,বৈদ্যুতিক সামগ্ৰী চাফা কৰাৰ বাবে বা ফ্ৰীজ সাজি ঠাণ্ডা ৰখাৰ ব্যবস্থা কৰিবলৈ ব্যবহাৰ কৰা পদাৰ্থ ,ৰঙ কৰা,বিভিন্ন দ্ৰাবক পদাৰ্থত থকা ক্ল’ৰ’ফ্ল’ৰ কাৰ্বনৰে বায়ুমণ্ডলত অ’জন স্তৰত কুপ্ৰভাব পেলাইছো ,জৈব বৈচিত্ৰৰ ক্ষতিহোৱাকৈ জীৱানু আৰু বীজানুনাশক দ্ৰব্য ব্যবহাৰ কৰিছো,খনিজ তেল ব্যবহাৰ কৰি যান বাহন চলাই, ট্ৰেফিক জাম কৰি অধিক কাৰ্্বন মনো অক্সাইদ এৰিছো, কেতিয়াও নষ্ট কৰিব নোৱৰা প্লাষ্টিক ব্যবহাৰ কৰি জ্বলাই দি বায়ু মণ্ডল দুষিত কৰিছো আৰু মাটিত পেলাই মাটি দুষিত কৰিছো, মাটি ভাগো খান্দি কয়লা উলিয়াই তাক শোধন নকৰাকৈ ব্যবহাৰ কৰি মাটি ভাগত আৰু বায়ুমণ্ডলত চালফাৰ অক্সাইদৰ পৰিমান বঢ়াইছো। ওপৰত উল্লেখ কৰা পদাৰ্থ সমূহেই পৃথিবীৰ উষ্ঞতা বৃদ্ধিৰ আৰু মানব সমাজৰ দুৰ্য্যোগৰ মূল কাৰন । ১৯৫০ চনৰ পিচত মানুহৰ কামকাজৰ পৰাই তেতিয়াৰ তুলনাত এতিয়া কাৰ্বন মনো অক্সাইদ, কাৰ্্বন ডাই অক্সাইদ আদি গেছ শতকৰা ৩০ ভাগ বৃদ্ধি পাইচে। ওপৰত উল্লেখ কৰা কাৰনবোৰৰ পৰা উৎপন্ন হোৱা পদাৰ্থ সমূহেই আমি কব নোৱাৰাকৈ আমাৰ স্বাস্থ্যৰ যঠেষ্ঠ ক্ষতি কৰিছে আৰু পৃথিবীৰ উষ্ণতা বৃদ্ধিৰ বাবে আমি ধূলিৰ বতাহ,অস্বাভাবিক খৰাং বতৰ,কম বৰষুণ বা বৰষুণ নোহোৱা ,অত্যাধিক তাপমাত্ৰা আদিৰ সন্মুখিন হৈছো । বৈজ্ঞানিক সকলে ঠাৱৰ কৰিছে যে পৃথিবীৰ গড় উষ্ঞতা কেই বছৰমানৰ ভিতৰতে ২০ ৰ পৰা ৬০ চেন্টিগ্ৰেডলৈ লৈ বৃদ্ধি পাব পাৰে । এইয়া আমাৰ পৰিবেশ নিকা কৰি নৰখাৰ বাবে হোৱা ভুলৰে ফলশ্ৰুতি ।
 
গতিকেই আমি পৰিবেশ নিকা কৰি ৰাখিবলৈ সকলো আগবাঢ়ি আহিব লাগিব আৰু তাৰ বাবে পৰিবেশ কি তাক জানিবই লাগিব । সকলোৱে জানিলেও পৰিবেশ কি মইও কব বিচাৰিছো । পৰিবেশ বুলিলে গছ গছনি, জীব-জন্তু , বায়ু, পানী আৰু মাটিৰে পৰিবেষ্টিত চৌপাশ বা চাৰিওকাষকে আমি বুজো ।কিন্তু এই পৰিস্থিতিৰ পৰিবেষ্টিত চৌপাশ বা চাৰিওকাষত আজি আমি বিভিন্ন সমস্যাৰে জৰ্জৰিত । বিভিন্ন সমস্যাৰ ভিতৰত :-
(১) প্ৰাকৃতিক গেচ, খনিজ তেল আৰু কয়লা আদিৰ দহনৰ বাবে হোৱা সমস্যা ।
প্ৰাকৃতিক গেচ , খনিজ তেল আৰু কয়লা আদিৰ দহনৰ বাবে হোৱা সমস্যাসমুহৰ ভিতৰত কাৰ্বন ডাই অক্সাইড, কাৰ্বন মন’ অক্সাইড, চালফাৰডাই অক্সাইড, নাইট্ৰাচ অক্সাইড আদিৰ পৰা হোৱা সমস্যাই প্ৰধান ।ইহতৰ কাৰ্বনভাগে বায়ুমণ্ডলৰ তাপমান বৃদ্ধি কৰাত অৰিহনা যোগায় আৰু চালফাৰডাই অক্সাইড, নাইট্ৰাচ অক্সাইড আদিয়ে এচিদ বৰষুণ,বতৰ ধূঁৱলি-কূঁৱলি হোৱা সমস্যাৰ প্ৰধান কাৰক ।
(২) পশু পাম আৰু কৃষিৰ বাবে বিশাল ভুমিভাগ মুকলি কৰি কৰা কাৰ্য্যৰ হোৱা সমস্যা ।
ই পৃথিবীৰ উপৰিভাগৰ বায়ুমণ্ডলৰ তাপমান বৃদ্ধি কৰাত পশু পামৰ পশুয়ে ইয়াৰ মলমুত্ৰ,খাদ্য গ্ৰহনৰ পিচত উগাৰমৰা আদি বিভিন্ন কাম কাজৰ দ্বাৰা সেউজ গৃহ গেচত এক বিশেষ ভূমিকা লয়। বিজ্ঞানীৱ গৱেষনাত পোৱা গৈচে যে ১৮% ভাগ গেচ সেউজ গৃহ গেচৰ লগত কেৱল পশু পামৰ পশুৰ বিভিন্ন কাম কাজৰ দ্বাৰা যোগ হয়।বায়ুমণ্ডলত থকা মুঠ মিথেনৰ এক-তৃতীয়াংশ পশুৰ খাদ্য হজমনলীত হোৱা দহন কাৰ্য্যৰ পৰাই মিথেন উৎপন্ন হয়। মিথেন গেচে বায়ুমণ্ডলত কাৰ্বন ডাই অক্সাইডতকৈ ২৫ গুনে বেচিকৈ তাপ শোষন কৰি ৰাখিব পাৰে ।অৰ্থাৎ বায়ুমণ্ডলত ২৫ কিলো কাৰ্বন ডাই অক্সাইডে যিমান পৰিমানৰ তাপ কৰিব পাৰে বায়ুমণ্ডলত মিথেন গেচৰ এক কিলো পৰিমানেই সিমান তাপ শোষন কৰি ৰাখিব পাৰে ।যোৱা ১০০ বছৰত বায়ুমণ্ডলত মিথেনৰ পৰিমান ১৪৫% বাঢ়িচে ।
(৩) কিছু উদ্যোগৰ পৰা নিৰ্গত দীৰ্ঘসময় ধৰি বায়ুমণ্ডলত থকা গেচবোৰৰ পৰা হোৱা সমস্যা ।
(৪) বনাঞ্চল ধ্বংসৰ পৰা হোৱা সমস্যা ।
(৫) জনসংখ্যা বৃদ্ধিৰ পৰা হোৱা প্ৰদূষণৰ সমস্যা ।
 
 
==তথ্য সংগ্ৰহ==
{{Reflist}}
 
==বাহ্যিক সংযোগ==
 
[[শ্ৰেণী:পৰিবেশ বিজ্ঞান]]