আল্লাহ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
5 নং শাৰী:
মুছলমানসকলে তেওঁলোকৰ [[সৃষ্টিকৰ্তাকে]] 'আল্লাহ' বুলি সম্বোধন কৰে। [[ইছলাম|ইছলামৰ]] মূল বিশ্বাস হ’ল আল্লাহৰ একত্ব বা [[তৌহিদ]]। ইছলাম পৰম একেশ্বৰবাদী আৰু কোনোভাবেই আপেক্ষিক বা বহুত্ববাদী নহয়। আল্লাহৰ একত্ব ইছলামৰ পাঁচটি মূল স্তম্ভৰ মাজৰ প্ৰথম, যাক [[শাহাদাহ]] বোলা হয়। এটা পাঠৰ মাধ্যমত এজনে স্বীকাৰ কৰে যে, (এক) আল্লাহ বাদে অন্য কোনো উপাস্য নাই আৰু (দুই) মুহম্মদ (সাঃ) তেওঁৰ প্ৰেৰিত বাণীবাহক। [[সূৰা ইখলাস|সুৰা এখলাছত]] আল্লাহৰ এনেদৰে বৰ্ণনা দিয়া হৈছে
[قُلْ هُوَ اللهُ أَحَدٌ. اللهُ الصَّمَدُ. لَمْ يَلِدْ وَلَمْ يُولَدْ. لَمْ يَلِدْ وَلَمْ يُولَدْ. وَلَمْ يَكُنْ لَهُ كُفُوًا أَحَدٌ] {الاخلاص:1-4}
*১. "কওঁক, তেওঁ আল্লাহ, এক, একক
*২. আল্লাহ অমুখাপেক্ষী,
*৩. তেওঁ কাকো জন্ম দিয়া নাই আৰু কোনেও তেওঁক জন্ম দিয়া নাই
*৪. আৰু তেওঁৰ সমতুল্য একোৱেই নাই।
 
ব্যুৎপত্তিগতভাৱে আল্লাহ শব্দটো "ইলাহ" তকৈ আগত। খ্ৰীষ্টানসকলে খ্ৰীষ্টান ধৰ্মক একেশ্বৰবাদী বুলি দাবী কৰিলেও মুছলমানসকলে খ্ৰীষ্টানসকলৰ [[ত্ৰিত্ববাদ]] (trinity) বা এক ঈশ্বৰৰ মাজৰ পিতা, পুত্ৰ আৰু পবিত্ৰ আত্মাৰ মিলন, এই বিশ্বাসক বহু-ঈশ্বৰবাদী ধাৰণা বুলি অস্বীকাৰ কৰে। ইছলামী ধাৰণাত ঈশ্বৰ সম্পূৰ্ণ নিৰাকাৰ, যাৰ কোনোপ্ৰকাৰ আবয়বিক বৰ্ণনা অসম্ভব আৰু [[পৌত্তলিকতা|পৌত্তলিকতাৰ]] সমতুল্য। এইধৰনে অবয়বহীনতাৰ ধাৰণা [[ইহুদি ধৰ্ম|ইহুদি]] আৰু কিছু [[খ্ৰীষ্টান ধৰ্ম|খ্ৰীষ্টান]] বিশ্বাসটো দেখা যায়। মুছলমানসকলে তেওঁলোকৰ সৃষ্টিকৰ্তকে তেওঁৰ বিভিন্ন গুণবাচক নাম আৰু গুণাবলীৰ মাধ্যমেৰে বৰ্ণনা কৰে।
"https://as.wikipedia.org/wiki/আল্লাহ"ৰ পৰা অনা হৈছে