শ্ৰীশ্ৰীপৰিহৰেশ্বৰ দেৱালয়: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
No edit summary
33 নং শাৰী:
 
==ভৌগলিক অৱস্থিতি==
[[অসম]]ৰ [[বৰপেটা জিলা]]ৰ ব্ৰহ্মপুত্ৰ নদীৰ উত্তৰ পাৰে [[বজালী]] মহকুমাৰ অন্তৰ্গত [[পাঠশালা]] নগৰৰ পৰা প্ৰায় তিনি কিলোমিটাৰ দক্ষিণে ডুবি গাঁওত ২৬ ডিগ্ৰী ২৯ মিনিট (২৬°২৯') উত্তৰ অক্ষাংশ আৰু ৯১ ডিগ্ৰী ৯ মিনিট ৪৫ চেকেণ্ড (৯১°৯'৪৫'') পূৱ দ্ৰাঘিমাংশ সংযোগস্থলত এই দেৱালয় অৱস্থিত। ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা ইয়াৰ দূৰত্ব ৪ কিলোমিটাৰ আৰু উত্তৰ পূৱ সীমান্ত ৰেলপথৰ পৰা ইয়াৰ দূৰত্ব ৩ কিলোমিটাৰ। গুৱাহাটীৰ পৰা ইয়াৰ দূৰত্ব ১০৩ কিলোমিটাৰ পশ্চিমে আৰু বৰপেটা নগৰৰ পৰা ৩৭ কিলোমিটাৰ পূৱত। নিকটৱৰ্তী ৰাষ্ট্ৰ ভূটানৰ নাংলমৰ পৰা ইয়াৰ দূৰত্ব ৫৩ কিলোমিটাৰ দক্ষিণে।
 
===যাতায়ত===
44 নং শাৰী:
==পৰিসৰ==
===বিগ্ৰহৰ অৱস্থিতি===
 
===মঠ আৰু বৰচ'ৰা===
===কেতেকীবাৰী===
===পুৰণি তালগছ===
===পুষ্পভদ্ৰা নদী===
-->
 
===পুষ্পভদ্ৰা নদী===
খ্ৰীষ্টীয় সপ্তদশ শতিকাত কালদিয়া নদীৰ এটি সুঁতি গোবিন্দপুৰ, বামুনকুছি, ডুবি আদি গাঁওৰ মাজেৰে গৈ পুনৰ উপৰনৈত কালদিয়া নদীৰ লগত মিলিছিলগৈ। বৰ্তমান এই সুঁতি নাই, মৰা সুঁতিৰ ৰূপতহে অ'ত-ত'ত অলপ আছে। ১৮৮৪ চনৰ আগৰ পিয়লৰ নক্সাত এই নদীৰ অৱস্থিতিৰ কথা লিপিৱদ্ধ কৰা আছে। এই সুঁতিটোক পুষ্পভদ্ৰা নামে জনা গৈছিল।
 
==ঐতিহাসিক পটভূমি==
ডুবিৰ শ্ৰীশ্ৰীপৰিহৰেশ্বৰ দেৱালয় অসমৰ শৈৱপীঠ সমূহৰ ভিতৰত প্ৰাচীন, ঐতিহ্যপূৰ্ণ আৰু জাগ্ৰতৰূপে খ্যাত অন্যতম দেৱালয়। ইয়াৰ ঐতিহাসিক পটভূমি অনেক পুৰণি। ইয়াত থকা [[ভাস্কৰ বৰ্মা]]ৰ [[তাম্ৰলিপি]]ৰ পৰা এই দেৱালয়ৰ বৈশিষ্ট্য আৰু প্ৰাচীনতাৰ উমান পোৱা যায়। দেৱালয়ৰ মূল মন্দিৰৰ নিৰ্মাণ সামগ্ৰী আৰু আন্তঃগাঁথনিলৈ চাই ইয়াৰ নিৰ্মাণকাল ষষ্ঠ-সপ্তম শতিকাতে নিৰ্মাণ হোৱা বুলি ধাৰণা কৰিব পাৰি। এই মন্দিৰত পূজা-অৰ্চনা কৰা পুৰোহিত সকললৈ কুমাৰ ভাস্কৰ বৰ্মাই ভূমিদান দিয়াৰ কথা তাম্ৰলিপিত পোৱা যায়।<ref>{{cite journal | title=শ্ৰীশ্ৰীপৰিহৰেশ্বৰ দেৱালয়ঃ অতীত আৰু বৰ্তমান | author= আদ্য শৰ্মা | year=| month=| pages= অভিমত}}</ref> অৱশ্যে কিবা কাৰণত মাজতে এই মন্দিৰৰ অস্তিত্ব বিলুপ্ত হৈছিল আৰু ওঠৰশ শতিকাৰ তৃতীয় দশকৰ আৰম্ভণিতে ধৰ্মবৰ নামৰ ব্ৰাহ্মণ এজনে কপিলী গাই এজনীয়ে বিৰিণা এজোপাৰ ওপৰত গাখীৰ দান কৰাৰ পম খেদি দেৱালয়ৰ বিগ্ৰহটো আৱিষকাৰ কৰে। [[আহোম]] ৰজা [[শিৱসিংহ]]ৰ ৰাজত্ব কালত ১৭৩০ খ্ৰীষ্টাব্দত মন্দিৰৰ বিগ্ৰহটো পুনৰুদ্ধাৰ হয় আৰু ৰজা [[লক্ষমী সিংহ]]ৰ দিনত ১৭৭০ খ্ৰীষ্টাব্দত মন্দিৰটি নতুনকৈ সজোৱা হয়।
 
<!--
=== ডুবি নামৰ উৎপত্তি===
 
=== ডুবিৰ তাম্ৰপত্ৰ===
=== পৰিহৰেশ্বৰত দেৱদাসী===
 
[[File:Madan Kamdev Temple.jpg|thumb|300px|right|দেৱালয়খনৰ ভাস্কৰ্য]]
-->
 
==জনশ্ৰুতি==
===বিগ্ৰহৰ আৱিষ্কাৰ===
বৰ্তমানে মন্দিৰ থকা ঠাইৰ ওচৰৰে কোনো এখন গাঁওৰ (ডুবি অথবা কটহকুছি) ধৰ্মবৰ নামেৰে এজন ব্ৰাহ্মণে বাস কৰিছিল। সেই ব্ৰাহ্মণৰ এজনী কজলা কপিলী গাই আছিল। ঘৰত খীৰাবলৈ নিদিয়া গাইজনীয়ে সদায় গৈ পুষ্পভদ্ৰা নদীৰ পাৰত নল-খাগৰী বিৰিণাৰে ভৰি থকা নিৰ্দিষ্ট জাৰণি এডৰাত গাখীৰ দিয়েগৈ। এই কথা ধৰ্মবৰে গম পাই জাৰণিডৰাত কি আছে জানিবলৈ যেতিয়া খান্দিলে, তাত এডোখৰ শিল দেখা পালে। ইতিমধ্যে শিলডোখৰ কোৰ ঘাপ লাগি এডোখৰ কটা গৈছিলেই। শিলডোখৰ দেখি ধৰ্মবৰ ভয় খাই গুছি আহিল আৰু গাঁওৰ ৰাইজক কথাটো ক'লেগৈ। গাঁওৰ ৰাইজেও বহু চেষ্টা কৰিও শিলচটা উলিয়াব নোৱাৰিলে। বৰং, যিমানেই চেষ্টা কৰিলে, শিলচটা তললৈহে গ'ল। অৱশেষত বিফল হৈ সকলো ঘূৰি আহিল যদিও ধৰ্মবৰে সপোন দেখিলে যে ভগৱান শিৱই তেওঁক শিলচটা থকা ঠাইত এটি মন্দিৰ সজাবলৈ আদেশ দিছে। লগতে এই মন্দিৰ সজালে সকলোৰে মঙ্গল হব বুলিও আশ্বাস দিলে। এয়ে মন্দিৰৰ বিগ্ৰহৰ আৱিষ্কাৰৰ কাহিনী।
 
<!--
===পাইক প্ৰথা===