শ্ৰীশ্ৰীপৰিহৰেশ্বৰ দেৱালয়: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
No edit summary
30 নং শাৰী:
}}
 
'''শ্ৰীশ্ৰীপৰিহৰেশ্বৰ দেৱালয়''' <ref name = "dubi">{{cite journal | title=শ্ৰীশ্ৰীপৰিহৰেশ্বৰ দেৱালয়ঃ অতীত আৰু বৰ্তমান | author= টিকেন্দ্ৰনাথ কলিতা | year=২০০৮ | month=১২ ডিচেম্বৰ | pages=}}</ref> হৈছে [[অসম]]ৰ [[বৰপেটা জিলা]]ৰ [[পাঠশালা]]ৰ পৰা তিনি কিলোমিটাৰ আঁতৰৰ ডুবি গাঁওত অৱস্থিত এখন দেৱালয়। এই দেৱালয় অসমৰ অন্যতম প্ৰাচীন আৰু ঐতিহ্যমণ্ডিত শৈৱপীঠ তথা এটা উল্লেখযোগ্য পৰ্যটন কেন্দ্ৰ। [[কুমাৰ ভাস্কৰ বৰ্মা]]ৰ [[ডুবিৰ তাম্ৰলিপি]]য়ে এইখন পীঠস্থানৰ মহত্ব আৰু গৰিমা বহন কৰি আহিছে। অসমৰ পুৰাতত্ব আৰু ইতিহাস, এই দেৱালয়খনৰ সৈতে গভীৰভাৱে প্ৰযুক্ত আৰু ই অসমৰ এক গৌৰৱময় কীৰ্তিস্তম্ভ।
 
==ভৌগলিক অৱস্থিতি==
54 নং শাৰী:
 
==ঐতিহাসিক পটভূমি==
ডুবিৰ শ্ৰীশ্ৰীপৰিহৰেশ্বৰ দেৱালয় অসমৰ শৈৱপীঠ সমূহৰ ভিতৰত প্ৰাচীন, ঐতিহ্যপূৰ্ণ আৰু জাগ্ৰতৰূপে খ্যাত অন্যতম দেৱালয়। ইয়াৰ ঐতিহাসিক পটভূমি অনেক পুৰণি। ইয়াত থকা [[ভাস্কৰ বৰ্মা]]ৰ [[তাম্ৰলিপি]]ৰ পৰা এই দেৱালয়ৰ বৈশিষ্ট্য আৰু প্ৰাচীনতাৰ উমান পোৱা যায়। দেৱালয়ৰ মূল মন্দিৰৰ নিৰ্মাণ সামগ্ৰী আৰু আন্তঃগাঁথনিলৈ চাই ইয়াৰ নিৰ্মাণকাল ষষ্ঠ-সপ্তম শতিকাতে নিৰ্মাণ হোৱা বুলি ধাৰণা কৰিব পাৰি। এই মন্দিৰত পূজা-অৰ্চনা কৰা পুৰোহিত সকললৈ কুমাৰ ভাস্কৰ বৰ্মাই ভূমিদান দিয়াৰ কথা তাম্ৰলিপিত পোৱা যায়।<ref>{{cite journal | title=শ্ৰীশ্ৰীপৰিহৰেশ্বৰ দেৱালয়ঃ অতীত আৰু বৰ্তমান | author= আদ্য শৰ্মা | year=| month=| pages= অভিমত}}</ref> অৱশ্যে কিবা কাৰণত মাজতে এই মন্দিৰৰ অস্তিত্ব বিলুপ্ত হৈছিল আৰু ওঠৰশ শতিকাৰ তৃতীয় দশকৰ আৰম্ভণিতে ধৰ্মবৰ নামৰ ব্ৰাহ্মণ এজনে কপিলী গাই এজনীয়ে বিৰিণা এজোপাৰ ওপৰত গাখীৰ দান কৰাৰ পম খেদি দেৱালয়ৰ বিগ্ৰহটো আৱিষকাৰ কৰে। [[আহোম]] ৰজা [[শিৱসিংহ]]ৰ ৰাজত্ব কালত ১৭৩০ খ্ৰীষ্টাব্দত মন্দিৰৰ বিগ্ৰহটো পুনৰুদ্ধাৰ হয় আৰু ৰজা [[লক্ষমী সিংহ]]ৰ দিনত ১৭৭০ খ্ৰীষ্টাব্দত মন্দিৰটি নতুনকৈ সজোৱা হয়। <ref name="dubi"/>
 
<!--