ৱিকিপিডিয়া:ভিজুৱেল এডিটৰ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল এপ্‌ সম্পাদনা
110.28.3.81 (কথা-বতৰা)ৰ সম্পাদনাসমূহ Elitre (WMF)য়ে কৰা শেষ সংশোধনলৈ ঘূৰাই নি...
1 নং শাৰী:
[[File:VisualEditor-logo.svg|right|300px]]
'''ভিজুৱেল এডিটৰ''' (VisualEditor)-লৈ আদৰণি জনাইছোঁ। ই [[ৱিকিমিডিয়া ফাউণ্ডেছন]]ৰ দ্বাৰা বিকশিত ৱিকিপিডিয়াত সম্পাদনা কৰা এক নতুন পদ্ধতি। বৰ্তমান ৱিকিপিডিয়াত একেবাৰে সৰু কিবা সম্পাদনা কৰিবলৈকো ব্যক্তি এজনে ৱিকিসংকেত (wikimarkup) শিকাৰ আৱশ্যক যি কিছু পৰিমাণে জটিল। ২০০১ চনত ই গ্ৰহণযোগ্য আছিল; ২০১৩ চনত ই অৱদানকাৰীক ভীতিগ্ৰস্ত কৰি [[:en:Wikipedia:VisualEditor/Why|আঁতৰাই পঠিয়াইছে]]। ভিজুৱেল এডিটৰৰ সহায়ত মানুহে ৱিকিসংকেত নিশিকাকৈয়ে সম্পাদনা কৰিব পাৰিব আৰু ই মানুহক ৱিকিপিডিয়ালৈ অধিক অৱদান আগবঢ়াবলৈ উৎসাহিত কৰিব বুলি ভবা হৈছে।
 
==ভিজুৱেল এডিটৰৰ বিষয়ে==
ভিজুৱেল এডিটৰ ৱিকিপিডিয়াত সম্পাদনা কৰা এক নতুন "দৃশ্যগত" পদ্ধতি আৰি ইয়াৰ সহায়ত ৱিকিসংকেত নিশিকাকৈয়ে বৰঙণি আগবঢ়াব পাৰি। ইংৰাজী ৱিকিপিডিয়াত ই বৈকল্পিক পদ্ধতি হিচাপে ডিচেম্বৰ ২০১২ৰ পৰা, [https://blog.wikimedia.org/2013/04/25/visualeditor-alpha-in-15-languages/ ১৬টা আন ভাষাত এপ্ৰিল ২০১৩ৰ পৰা], আৰু [https://blog.wikimedia.org/2013/06/06/preparing-for-visualeditor-on-all-wikipedias/ আন প্ৰায় সকলো ভাষাত] জুনৰ প্ৰথমভাগৰ পৰা উপলব্ধ হৈছে। ১ জুলাইত ইংৰাজী ৱিকিপিডিয়াৰ পৰা আৰম্ভ কৰি জুলাইৰ শেষলৈকে প্ৰায় সকলো ৱিকিপিডিয়াত ইয়াক ডিফল্ট পদ্ধতি হিচাপে মুকলি কৰাৰ কথা ভবা হৈছে।
 
ভিজুৱেল এডিটৰ ব্যৱহাৰ কৰিব খুজিলে [[:en:Wikipedia:VisualEditor/User guide|এই নিৰ্দেশিকা]] (ইং) পঢ়িব পাৰে, আৰু কেইটামান [[:en:Wikipedia:VisualEditor/Keyboard shortcuts|কীব'ৰ্ড চমুপথ]] শিকি ল'ব পাৰে। ভিজুৱেল এডিটৰ পৰীক্ষা কৰি চাই যিকোনো অসুবিধা পালে সেয়া [[ৱিকিপিডিয়া বাৰ্তা:VisualEditor|আলোচনা পৃষ্ঠাত]] লিখি থওক।
 
*[[:mw:VisualEditor/Portal|Portal]], mediawiki.org
[[শ্ৰেণী:ৱিকিপিডিয়া সঁজুলি]]