বৈজ্ঞানিক নামকৰণ পদ্ধতি: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

র-ৰ পেট কাটি ৰ কৰা হ'ল
1 নং শাৰী:
{{বিস্তাৰ}}
'''দ্বৈৰাশিক নামাকৰণ'''(<small>[[ইংৰাজী]]</small>: Binomial nomenclature,) জীৱ বিজ্ঞানত [[প্ৰজাতি (জীৱবিদ্যা)|প্ৰজাতি]] নামাকৰণৰ এটা আনুষ্ঠানিক পদ্ধতি। এই নামাকৰণ পদ্ধতিত, প্ৰত্যেকটো জীৱৰ নাম দুটা অংশৰে গঠিত। নামটো লিখোতে লেটিন বা অন্য যিকোনো ভাষাৰ পৰা আহৰণ কৰা শব্দবোৰ লেটিন ব্যায়াকৰণৰ ৰূপত লিখা হয়। যেনে, “assam” শব্দটো “''assama''” বুলি লিখা হয়। এনে নাম একোটাই '''দ্বিপদ নাম''', '''দ্বৈৰাশিক নাম''' বা '''বৈজ্ঞানিক নাম'''; অনানুষ্ঠানিক ভাবে '''লেটিন নাম''' বুলিও কয়। নামটোৰ প্ৰথম অংশই প্ৰজাতিটো যিটো [[গণ (জীৱবিদ্যা)|গণ]]ৰ অন্তৰ্গত তাক চিনাক্ত কৰে; দ্বিতীয় অংশই গণটোৰ অন্তৰ্গত প্ৰজাতিটোক চিনাক্ত কৰে। উদাহৰণ স্বৰূপে, মানুহবোৰ, হম' ([[::en:Homo|Homo]]) নামৰ গণটোৰ অন্তৰ্গত আৰু এই গণৰে ''হম' চেপিয়েন্স'' ([[::en:Homo sapiens|''Homo sapiens'']]) নামৰ প্ৰজাতিটোৰ অন্তৰ্গত জীৱ। প্ৰজাতি নামাকৰণৰ এই প্ৰদ্ধতিটো প্রথমপ্ৰথম ব্যৱহাৰ কৰাৰ শ্ৰেয় ছুইছ প্ৰকৃতি বিজ্ঞানী কাৰ্ল লিনিয়াছক দিয়া হয়, ১৭৫৩ চনত তেওঁ, তেওঁৰ স্পেছিচ প্লেন্টাৰামত ([[::en:Species Plantarum|Species Plantarum]]) এই প্ৰদ্ধতিটো কাৰ্যকৰী ভাৱে আৰম্ভ কৰিছিল।<ref>http://www.nhm.ac.uk/nature-online/science-of-natural-history/taxonomy-systematics/history-taxonomy/session1/index.html</ref>
 
বৰ্তমান প্ৰচলিত দ্বৈৰাশিক নামাকৰণ, আন্তঃৰাষ্ট্ৰীয় ভাবে গ্ৰহণ কৰা বিভিন্ন নীতিৰ দ্বাৰা নিয়ন্ত্ৰন কৰা হয়, যিবোৰৰ ভিতৰত দুটা অতি গুৰুত্বপূৰ্ণ নীতি হ'ল, “প্ৰাণীবৈজ্ঞানিক নামাকৰণৰ আন্তঃৰাষ্ট্ৰীয় নীতি('''[[:en:International Code of Zoological Nomenclature|ICZN]]''')” প্ৰাণীৰ বাবে, আৰু “শেলাই, ভেঁকুৰ আৰু উদ্ভিদ নামাকৰণৰ আন্তঃৰাষ্ট্ৰীয় নীতি('''[[:en:International Code of Nomenclature for algae, fungi, and plants|ICN]]''')।” যদিও দ্বিপদ নামাকৰণৰ দুয়োটা পদ্ধতিতে সাধাৰণ নীতিসমূহ প্ৰায় একে, তথাপি দুয়োটাই ব্যৱহাৰ কৰা সূত্ৰ আৰু নীতি সমূহৰ মাজত কিছু পাৰ্থক্যও আছে, । আধুনিক ব্যৱহাৰত, নামটোৰ প্ৰথম অংশৰ, গণটোৰ, প্ৰথম বৰ্ণটো সদায় বৰফলাত লিখা হয়, কিন্তু দ্বিতীয় অংশটো যদিও, মানুহৰ নাম বা ঠাইৰ নামৰ দৰে নামবাচক বিশেষ্য পদৰ পৰা অনা হয়, তথাপি তেনেদৰে লিখা নহয়। সেইদৰে, যেতিয়া বৈজ্ঞানিক নামটো সাধাৰন ভাবে লিখা হয়, তেতিয়া নামটোৰ দুয়োটা অংশ হেলনীয়াকৈ লিখা হয়। যেনে, এনোৱেল ফ্লক্স (উদ্ভিদবিদ থমাছ ড্ৰোমণ্ডৰ নামেৰে নামাকৰণ কৰা হৈছে)ৰ বৈজ্ঞানিক নামটো ''[[:en:Phlox drummondii|Phlox drummondii]]'' বুলি লিখা হয়। বৈজ্ঞানিক কামত, অন্ততঃ যেতিয়া নামটো প্ৰথমবাৰৰ বাবে লিখা হয়, তেতিয়া বৈজ্ঞানিক নামটোৰ স্বত্বাধিকাৰীৰ নামটোও সাধাৰণতে লিখা হয়, লগতে প্ৰকাশৰ তাৰিখটোও কেতিয়াবা উল্লেখ কৰা হয়।