স্নায়ুকোষ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

ছবি
No edit summary
2 নং শাৰী:
{{Neuron map|স্নায়ুকোষ ([[প্ৰান্তীয় স্নায়ুতন্ত্ৰ]])}}
 
'''স্নায়ুকোষ''' বা '''নিউৰ'ন''' ({{IPAc-en|ˈ|nj|ʊər|ɒ|n}} {{Respell|NYEWR|on}} বা {{IPAc-en|ˈ|n|ʊər|ɒ|n}} {{Respell|NEWR|on}} স্নায়ুতন্ত্ৰৰ মুখ্য গঠনমূলক আৰু কাৰ্যকৰী একক। এই জৈৱিক কোষে বৈদ্যুতিক বা ৰাসায়নিক সংকেতৰ মাধ্যমেৰে তথ্য প্ৰেৰণ আৰু আহৰণ কৰে। স্নায়ুকোষবোৰ মাজত ছাইনাপ্স (Synapse) নামৰ বিশেষ সংযোগৰ যোগেদি সংকেতৰ আদান-প্ৰদান হয়। স্নায়ুকোষবোৰ লগ লাগি জৈৱিক স্নায়ৱীয় জালিকা (biological neural network)ৰ সৃষ্টি কৰিব পাৰে। স্নায়ুকোষে গঠন কৰা স্নায়ুতন্ত্ৰৰ ভাগ দুটা- [[মস্তিষ্ক]] আৰু [[স্নায়ুৰজ্জু]] মিলাই [[কেন্দ্ৰীয় স্নায়ুতন্ত্ৰ]] আৰু গেংলিয়া সন্নিবিষ্ট থকা [[প্ৰান্তীয় স্নায়ুতন্ত্ৰ]]। বিশেষ প্ৰকাৰৰ স্নায়ুকোষবোৰ হৈছে: [[সংবেদী স্নায়ুকোষ]] (sensory neuron) যিয়ে শৰীৰত জ্ঞানেন্দ্ৰিয় বা সংগ্ৰাহী ইন্দ্ৰিয়বোৰৰ পৰা স্পৰ্শ, শব্দ, পোহৰ আদিৰ স্নায়ুপ্ৰেৰণা কেন্দ্ৰীয় স্নায়ুতন্ত্ৰলৈ আনে; [[চালক স্নায়ুকোষ]] (motor neuron) যিবোৰে কেন্দ্ৰীয় স্নায়ুতন্ত্ৰৰ পৰা সংকেত পেশী, গ্ৰন্থি আদিলৈ আনে আৰু [[আন্তঃস্নায়ুকোষ]] (interneuron) যিবোৰে মস্তিষ্ক বা স্নায়ুৰজ্জুৰ একেটা অংশত ভিন ভিন স্নায়ুকোষৰ মাজত সংযোগ স্থাপন কৰে।
 
এটা সাধাৰণ স্নায়ুকোষ [[কোষদেহ]] (cell body বা Soma) আৰু ছাইট'প্লাজমীয় প্ৰৱৰ্দ্ধৰে (cytoplasmic process) গঠিত। স্নায়ুকোষৰ যিটো অংশত কোষকেন্দ্ৰ অৱস্থিত তাক কোষদেহ বোলা হয়। কোষদেহৰ পৰা ওলোৱা অসংখ্য দীঘল বা চুটি শাখাৰ প্ৰৱৰ্দ্ধবোৰক ছাইট'প্লাজমীয় প্ৰৱৰ্দ্ধ বোলা হয়। কোষৰ অবিকাশিত অৱস্থাত এইবোৰক নিউৰাইট বোলা হয়। [[ডেন্দ্ৰাইট]] (dendrite) দেহকোষৰ পৰা ওলোৱা মিহি প্ৰৱৰ্দ্ধ যিবোৰ শ শ মাইক্ৰ'মিটাৰ পৰ্যন্ত দীঘল হ'ব পাৰে কেইবাবাৰো শাখা-প্ৰশাখাত বিভাজিত হৈ জটিল "ডেন্দ্ৰাইটিক বৃক্ষ" (dendritic tree)-ৰ সৃষ্টি কৰিব পাৰে।<ref name="জীৱবিজ্ঞান">{{cite book | title=উচ্চতৰ মাধ্যমিক জীৱবিজ্ঞান | publisher=অসম বুক ডিপো | author=যশোদানন্দ ভৰালী, ড° ৰঞ্জিত নাথ ভট্টাচাৰ্য, ড° ৰাতুল চন্দ্ৰ ৰাজখোৱা | year=২০০৮ | location=গুৱাহাটী | pages=২৭১}}</ref> কোষদেহৰ পৰা ওলোৱা প্ৰৱৰ্দ্ধবিলাকৰ মাজত এডাল আনবোৰতকৈ আপেক্ষিকভাৱে দীঘল। এই প্ৰৱৰ্দ্ধডালক [[এক্সন]] (axon) বোলে। কোষদেহৰ সীমাৰ পৰা কিছু আগবাঢ়ি থকা এটা ক্ৰিয়াচূড়া (axon hillock)ৰ পৰা এক্সনৰ উৎপত্তি হয় আৰু মানুহৰ দেহত এক মিটাৰ পৰ্যন্ত দীঘল হ'ব পাৰে। এটা স্নায়ুকোষৰ পৰা কেইবাডালো ডেন্দ্ৰাইটৰ উৎপত্তি হয় কিন্তু এক্সন মাত্ৰ এডালেই থাকে। বেছিভাগ ছাইনাপ্সত সংকেত এটা স্নায়ুকোষৰ এক্সনৰ পৰা আন এটা স্নায়ুকোষৰ ডেন্দ্ৰাইটলৈ যায়। কিন্তু এনে নহ'বও পাৰে: কিছুমান স্নায়ুকোষৰ ডেন্দ্ৰাইট নাথাকে, কিছুমানৰ এক্সন নাথাকে, কিছুমান ছাইনাপ্সত এক্সন-এক্সন বা ডেন্দ্ৰাইট-ডেন্দ্ৰাইটৰ মাজত সংযোগ স্থাপন হ'ব পাৰে ইত্যাদি।