উৎসেচক: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
No edit summary
1 নং শাৰী:
[[File:Galactosidase enzyme.png|thumb|400px|[[গ্লুক'ছাইডেজ]] উৎসেচকে শৰ্কৰা [[মেল্ট'জ]]ক দুটা [[গ্লুক'জ]] অনুলৈ ৰূপান্তৰ কৰে।]]
'''উৎসেচক''' {{En|Enzyme}} হৈছে এক প্ৰকাৰৰ জৈৱিক অনুঘটক। উৎসেচকে ৰাসায়নিক বিক্ৰিয়া ত্বৰান্বিত কৰে। এই প্ৰক্ৰিয়াৰ আৰম্ভনিৰ অনুবোৰক বিক্ৰিয়ক বোলে আৰু উৎসেচকে সিঁহতক উৎপাদক নামৰ অন্য অনুলৈ ৰূপান্তৰ কৰে। কোষত সংঘটিত হোৱা প্ৰায় সকলো পৰিপাক ক্ৰিয়াতে উৎসেচকৰ প্ৰয়োজন হয়।<ref name = "Stryer_2002">{{cite book |author= Stryer L, Berg JM, Tymoczko JL | title = Biochemistry | publisher = W.H. Freeman | location = San Francisco | year = 2002 | edition = 5th | isbn = 0-7167-4955-6 | url = http://www.ncbi.nlm.nih.gov/books/NBK21154/ }}</ref>
 
প্ৰায় ৫০০০তকৈও অধিক জৈৱ-ৰাসায়নিক বিক্ৰিয়াত উৎসেচকে অনুঘটক হিচাপে কাম কৰে।<ref>{{vcite2 journal | vauthors = Schomburg I, Chang A, Placzek S, Söhngen C, Rother M, Lang M, Munaretto C, Ulas S, Stelzer M, Grote A, Scheer M, Schomburg D | title = BRENDA in 2013: integrated reactions, kinetic data, enzyme function data, improved disease classification: new options and contents in BRENDA | journal = Nucleic Acids Research | volume = 41 | issue = Database issue | pages = D764-72 | date = January 2013 | pmid = 23203881 | doi = 10.1093/nar/gks1049 }}</ref> কিছু [[অনুঘটকীয় RNA অনু]]ৰ বাদে বেছিভাগ উৎসেচকেই [[প্ৰ'টিন]]। উৎসেচকবোৰৰ বিশেষত্ব হৈছে, সিঁহতৰ অনন্য [[ত্ৰি-অক্ষীয় গাঠনি]]।
 
সকলো অনুঘটকৰ দৰেই, উৎসেচকবোৰে [[সক্ৰিয়ন শক্তি]]ৰ মান কম কৰি বিক্ৰিয়াৰ হাৰ বঢ়াই। কিছুমান উৎসেচকে বিক্ৰিয়কৰ পৰা উৎপাদক সৃষ্টিৰ প্ৰক্ৰিয়া প্ৰায় নিযুত গুণ বৃদ্ধি কৰে। এনে এবিধ উৎসেচক হৈছে [[অক্টিডাইন ৫'-ফছফেট ডিকাৰ্ব'ক্সিলেইজ]], যি নিযুত বছৰত সম্পন্ন হোৱা বিক্ৰিয়াটো মাত্ৰ মিলি ছেকেণ্ডতে সংঘটিত কৰাই।<ref name="radzicka">{{vcite2 journal | vauthors = Radzicka A, Wolfenden R | title = A proficient enzyme | journal = Science | volume = 267 | issue = 5194 | pages = 90–931 | date = January 1995 | pmid = 7809611 | doi=10.1126/science.7809611}}</ref><ref name="pmid17889251">{{vcite2 journal | vauthors = Callahan BP, Miller BG | title = OMP decarboxylase—An enigma persists | journal = Bioorganic Chemistry | volume = 35 | issue = 6 | pages = 465–9 | date = December 2007 | pmid = 17889251 | doi = 10.1016/j.bioorg.2007.07.004 }}</ref> ৰাসায়নিকভাৱে, সকলো অনুঘটকৰ দৰে উৎসেচকবোৰেও বিক্ৰিয়াত প্ৰত্যক্ষভাৱে অংশ নলয় নাইবা বিক্ৰিয়াৰ সাম্যতাৰ পৰিবৰ্তনো নকৰে। অন্য অনুঘটক আৰু উৎসেচকৰ মাজৰ পাৰ্থক্য হৈছে, নিৰ্দিষ্ট উৎসেচকে কেৱল নিৰ্দিষ্ট বিক্ৰিয়াৰ গতিহে বৃদ্ধি কৰে। কিছুমান অন্য অনুৱেও উৎসেচকৰ কাৰ্যত প্ৰভাৱ পেলাই: [[বাধক]] বোৰে উৎসেচকৰ কাৰ্যকাৰিতা হ্ৰাস কৰে, আৰু [[সক্ৰিয়ক]]বোৰে কাৰ্যকাৰিতা বৃদ্ধি কৰে। বেছিভাগ [[দৰৱ]] আৰু [[বিহ]] হৈছে বাধক। নিৰ্দিষ্ট [[উষ্ণতা]] আৰু [[pH]] পৰিসৰৰ বাহিৰতো উৎসেচকৰ কাৰ্যকাৰিতা হ্ৰাস পায়।
 
কিছুমান উৎসেচক ব্যৱসায়িক ক্ষেত্ৰতো ব্যৱহৃত হয়, উদাহৰণ স্বৰূপে, [[প্ৰতিজৈৱিক]]ৰ সংশ্লেষণ। বিক্ৰিয়াৰ হাৰ বৃদ্ধি কৰিবলৈ কিছুমান ঘৰুৱা সামগ্ৰীতো উৎসেচক ব্যৱহাৰ কৰা হয়: জৈৱিক [[ৱাছিং পাউডাৰ]]ত থকা উৎসেচকে, কাপোৰৰ পৰা প্ৰ'টিন, স্বেতসাৰ বা চৰ্বীৰ দাগবোৰ আঁতৰায়, [[papain|meat tenderizer]]ত থকা উৎসেচকে মাংসৰ প্ৰ'টিনবোৰ ক্ষুদ্ৰ অনুলৈ ৰূপান্তৰ কৰি সহজে চোবাব পৰা কৰি তোলে।
 
==তথ্য সংগ্ৰহ==
"https://as.wikipedia.org/wiki/উৎসেচক"ৰ পৰা অনা হৈছে