মহো-হো উৎসৱ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
No edit summary
16 নং শাৰী:
| organised =
}}
'"মহোহো"' [[নামনি অসম]]ৰ কোনো ধৰ্মধৰ্মীয় বিশ্বাসৰ লগত সম্বন্ধ নথকা এটা উৎসৱ। নামনি অসমৰ বিশেষকৈ [[কামৰূপ]], [[গোৱালপাৰা]], [[নলবাৰী]], [[বৰপেটা]], [[দৰং]] জিলাত ইয়াৰ প্ৰচলন দেখা যায়। মহোহো ঠাই বিশেষে মহখুন্দা বা [[গোৱালপাৰা জিলা]]ৰ কিছু অংশত এউৰি/ওৰি মাগা বুলিও জনাজাত ।
 
==লোকবিশ্বাস==
আঘোনআঘোণ মাহ [[অসম]]ৰ খেতিয়কসকলৰ বাবে এটা অতি গুৰুত্বপূৰ্ণ মাহ । এই সময়তে পথাৰত ধানে পক ধৰে । গতিকে আঘোণ মাহৰ পূৰ্ণিমাৰ ৰাতি এই উৎসৱ পালন কৰা হয় যাতে ঘৰৰপৰা [[মহ]] আৰু খেতি পথাৰৰ পৰা পোক-পতংগ নাইকিয়া হয় । তাৰ লগতে তেওঁলোকে গৃহস্থক তেওঁলোকৰ খেতি নদন-বদন হ'বলৈ আশীৰ্বাদ দিয়ে । এই দিনটোৰ পিছতহে সাধাৰণতে খেতিয়কসকলে ধান দোৱা আৰম্ভ কৰে ।
 
==প্ৰধান আকৰ্ষণ==
আঘোনআঘোণ মাহৰ পূৰ্ণিমাৰ ৰাতি গাৱঁৰ ডেকা সবে ঘৰে ঘৰে হাতত টাঙোন লৈ মহোহো গীত গাই ফুৰাটোৱে ইয়াৰ মূল আকৰ্ষণ। মহোহো মাগিব (খুজিব/গাব) যোৱা গাৱঁৰ দলটিত এজন দলপতি থাকে । তেওঁ মহোহো গীতৰ প্ৰথম শাৰীটো গাই দিয়ে আৰু লগে লগে বাকী সদস্য কেইজনে তাৰ পিছৰ শাৰী গীত সমবেত হৈ গায় । শেষত গৄহস্থকগৃহস্থক আশীৰ্বাদ দি সামৰ্থসামৰ্থ্য অনুযায়ী দিয়া চাউল/টকা লৈ দ্বিতীয় গৃহস্থলৈ যোৱাটো এটা পৰম্পৰা ।
 
==কেইটিমান প্ৰচলিত মহোহো গীত==