পাচন তন্ত্ৰ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
No edit summary
5 নং শাৰী:
|Caption = মানুহৰ পাচন তন্ত্ৰ
}}
'''পাচন তন্ত্ৰ''' ({{lang-en|Digestive system}}) হৈছে মানুহ আৰু আন উচ্চস্তৰৰ প্ৰাণীসমূহৰ পৰিপুষ্টি[[পাচন|পাচন প্ৰক্ৰিয়া]] সমাধা কৰা এক [[অংগ তন্ত্ৰ]]। মানুহৰ পাচন তন্ত্ৰ এডাল খাদ্যনলী আৰু কিছুমান পাচক গ্ৰন্থিৰে গঠিত। খাদ্যনলী হ'ল মুখৰপৰা আৰম্ভ কৰি পায়ু পৰ্যন্ত পাকখোৱা ন মিটাৰ মান দৈৰ্ঘ্যৰ এডাল দীঘল নলী।<ref name=KongSingh2008>{{cite journal |author=Kong F, Singh RP |title=Disintegration of solid foods in human stomach |journal=J. Food Sci. |volume=73 |issue=5 |pages=R67–80 |date=June 2008 |pmid=18577009 |doi=10.1111/j.1750-3841.2008.00766.x |url=}}</ref> বিভিন্ন কাৰ্য সমাধা কৰাৰ বাবে নলীডাল বিভিন্ন অংশত বিভক্ত:-[[মুখ]], মুখগহ্বৰ, টেটু (ডিঙি), গ্ৰাসনলী, [[পাকস্থলী]], অন্ত্ৰ আদি। অন্ত্ৰ দুটা পুনৰ দুটা ভাগত বিভক্ত - ''ক্ষুদ্ৰান্ত'' আৰু ''বৃহদান্ত্ৰ''। ক্ষুদ্ৰান্ত ডুৱেডেনাম, মধ্যান্ত্ৰ বা জেজুনাম আৰু ইলিয়ামেৰে গঠিত। বৃহদান্ত্ৰ ক'লন (colon) আৰু মলভাণ্ডাৰে গঠিত। মানুহৰ পাচন তন্ত্ৰত পাঁচ প্ৰকাৰৰ পাচন গ্ৰন্থি থাকে - লালটি গ্ৰন্থি, [[যকৃৎ]], অগ্নাশয়, পাকস্থলী গ্ৰন্থি আৰু আন্ত্ৰিক গ্ৰন্থি। এই গ্ৰন্থিবোৰৰপৰা নিঃসৰিত পাচক ৰসে খাদ্যৰ পাচন কাৰ্যত সহায় কৰে।
 
== মানুহৰ পাচন==
[[মানুহৰ পাচন তন্ত্ৰ]]ত, খাদ্য মুখত প্ৰৱেশ কৰে আৰু [[গুড়াকৰণ]]ৰ (চব্যন, এক প্ৰকাৰৰ mechanical পাচন) দ্বাৰা পাচন আৰম্ভ হয়, লালটিয়ে খাদ্যবোৰ তিয়াই পেলায়। লালটি হৈছে [[লালটি গ্ৰন্থী]]য়ে নিঃসৰণ কৰা একপ্ৰকাৰৰ [[পাচক ৰস]], ইয়াত থকা [[ছেলিভাৰী এমাইলেইজ]] নামৰ এবিধ উৎসেচকে খাদ্যত থকা [[স্বেতসাৰ]]ৰ পাচন ঘটাই; লালটিত থকা [[মিউকাছ|মিউকাছে]], খাদ্যখিনি পিছল কৰে, আৰু [[হাইড্ৰ'কাৰ্বনেট|হাইড্ৰ'কাৰ্বনেটে]], এমাইলেইজৰ কাৰ্য ক্ষমতা বঢ়াবলৈ উপযুক্ত pHৰ আদৰ্শ পৰিৱেশ ([[ক্ষাৰকীয়]]) সৃষ্টি কৰে। গুড়াকৰণ আৰু স্বেতসাৰ পাচনৰ পাছত, খাদ্যবোৰ সৰু পিণ্ড আকাৰ লৈ [[খাদ্যনলী]]ৰ মাজেৰে [[পাকস্থলী]]ত প্ৰৱেশ কৰে। পাকস্থলীত [[গেছট্ৰিক ৰসে]] [[প্ৰ'টিন]]ৰ পাচন আৰম্ভ কৰে। গেছট্ৰিক ৰসত প্ৰধানকৈ [[হাইড্ৰ'ক্লৰিক এচিড]] আৰু [[পেপছিন]] থাকে। এই দুবিধ ৰসে পাকস্থলীৰ বেৰ ক্ষতিসাধন কৰাৰ পৰা সুৰক্ষা দিবৰ বাবে পাকস্থলীৰ পৰা ক্ষৰিত মিউকাছে ইয়াৰ বেৰত এটা পাতল তৰপৰ সৃষ্টি কৰে। পাকস্থলীৰ সংকোচন-প্ৰসাৰণ ঘটাৰ ফলত খাদ্য আৰু পাচৰ ৰসবোৰ ভালদৰে মিহলি হৈ পৰে।
 
কিছুসময়ৰ পাছত (যেনে, মানুহৰ ১–২ ঘণ্টা, ঘৰুৱা কুকুৰৰ ৪–৬ ঘণ্টা, ঘৰুৱা মেকুৰীৰ ৩–৪ ঘণ্টা), গাঢ় জুলীয়া খাদ্য বোৰ [[ডুঅ'ডেনাম]]ত প্ৰৱেশ কৰে। ইয়াত এই অৰ্ধ পাচন হোৱা খাদ্য খিনিত [[অগ্নাশয়]]ৰ পৰা পাচক উৎসেচক আৰু [[যকৃত]]ৰ পৰা [[পিত্ত ৰস]] আহি মিহলি হয় আৰু [[ক্ষুদ্ৰান্ত্ৰ]]ৰ মাজেৰে আগবাঢ়ি যায়, পাচন কাৰ্য চলি থাকে। সম্পূৰ্ণ পাচন হোৱাৰ পাচত ই তেজলৈ শোষিত হয়। ক্ষুদ্ৰান্ত্ৰত ৯৫% শোষণ সম্পন্ন হয়। [[বৃহদান্ত্ৰ]]ত (ক'লন) তেজলৈ পানী আৰু খনিজ লৱন পুণৰ শোষিত হয়। ইয়াত বেক্টেৰিয়াই উৎপাদন কৰা কিছুমান ভিটামিন, যেনে [[বায়টিন]] আৰু [[ভিটামিন K]] (K<sub>2</sub>MK7) আদিৰো শোষণ হয়। অৱশিষ্ট বৰ্জ্য পদাৰ্থবোৰ পায়ুৰ যোগেদি মল আকাৰে দেহৰ পৰা নিস্কাষিত হয়।<ref name=Maton>{{cite book| last = Maton| first = Anthea|author2=Jean Hopkins |author3=Charles William McLaughlin |author4=Susan Johnson |author5=Maryanna Quon Warner |author6=David LaHart |author7=Jill D. Wright | title = Human Biology and Health| publisher = Prentice Hall| year = 1993| location = Englewood Cliffs, New Jersey, USA| isbn = 0-13-981176-1|oclc = 32308337}}</ref>
 
==তথ্য সংগ্ৰহ==
{{Reflist}}