জীৱন: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
No edit summary
27 নং শাৰী:
*** জগৎ [[Chromalveolata]]
}}
'''জীৱন''' {{En|Life}} হৈছে এক বিশেষ ধৰণৰ জৈৱিক প্ৰক্ৰিয়া সংঘটিত কৰা ভৌতিক দেহ। এই প্ৰক্ৰিয়াবোৰৰ অবিহনে বা বন্ধহৈ গ'লে ইহঁতক মৃত বুলি কোৱা হয়। [[পৃথিৱী]]ত [[উদ্ভিদ]], [[প্ৰাণী]], [[ভেঁকুৰ]], [[শেলাই]], [[প্ৰটিষ্টা|প্ৰটিষ্ট]]­, [[আৰ্কিয়া]] আৰু [[বেক্টেৰিয়া]] আদি ভিন্ন প্ৰকাৰৰ জীৱন দেখা পোৱা যায়। [[ভাইৰাছ]]বোৰক জীৱিত বুলি গণ্য কৰা নহয়। [[জীৱবিজ্ঞান]]ত জীৱন সম্পৰ্কে অধ্যয়ন কৰা হয়। জীৱনৰ আটাইতকৈ ক্ষুদ্ৰ গোট হৈছে [[জীৱ]]। জীৱবোৰ এক বা একাধিক [[কোষ]]ৰ দ্বাৰা গঠিত, [[পৰিপাকবিপাক ক্ৰিয়া]] সংঘটিত কৰে, বৃদ্ধি হয়, [[প্ৰজনন তন্ত্ৰ|প্ৰজনন]] (যৌন বা অযৌন) কৰে, আৰু নতুন প্ৰজন্মবোৰ [[প্ৰাকৃতিক পৰিৱেশ|পৰিৱেশ]]ৰ লগত খাপখাবখাপ খাব পৰাকৈ [[ক্ৰমবিকাশ|বিৱৰ্তিত]] হয়।
 
পৃথিৱীত জীৱনৰ বিচিত্ৰ প্ৰয়োভৰ দেখা পোৱা যায়। এই জীৱবোৰ- উদ্ভিদ, প্ৰাণী, ভেঁকুৰ, প্ৰটিষ্ট, আৰ্কিয়া আৰু বেক্টেৰিয়া- কাৰ্বন আৰু পানী আধাৰিত কোষীয় ৰূপৰ জটিল সংগঠন আৰু জিনীয় তথ্যৰে সমৃদ্ধ। সাধাৰণ জৈৱ যোগৰ দৰে জীৱহীন পদাৰ্থৰ পৰা এই জীৱবোৰ সৃষ্টি হয়। পৃথিৱীৰ বয়স প্ৰায় ৪৫৪০ নিযুত বছৰ। পৃথিৱীত প্ৰথম জীৱৰ আৱিৰ্ভাব হৈছিল প্ৰায় ৩৫০০ নিযুত বছৰ আগেয়ে। পশ্চিম গ্ৰীনলেণ্ডত প্ৰায় ৩৭০০ নিযুত বছৰ আগেয়ে মেটাছেডিমেণ্টেৰি শিলাৰ বায়'জেনিক গ্ৰেফাইট হৈছে পৃথিৱীত আবৃস্কিত প্ৰথম জীৱনৰ শাৰীৰিক প্ৰমান। এনে প্ৰমানৰ অন্য এটা উদাহৰণ হৈছে পশ্চিম অষ্ট্ৰেলিয়াৰ ৩৪৮০ নিযুত বছৰ পুৰণি বালিশিলাৰ মাইক্ৰ'বিয়েল মেট জীৱাশ্ম। কিন্তু ইয়াতকৈও বহু আগেয়ে প্ৰায় ৪২৫০ নিযুত বছৰ আগেয়ে পৃথিৱীত জীৱন আৰম্ভ হৈছিল বুলি বিশেষজ্ঞ সকলে কয়, আৰু অন্য কিছুমানৰ মতে প্ৰায় ৪৪০০ নিযুত বছৰ আগেয়ে। পৃথিৱীত জীৱন আৰম্ভৰ ৰহস্য আজিও অজ্ঞাত, যদিও বহু লোকে বহু তত্ব ব্যাখ্যা কৰে।
34 নং শাৰী:
সম্ভৱতঃ মহানাদৰ পিছৰে পৰা জীৱনৰ ৰসায়ন আৰম্ভ হৈছিল, প্ৰায় ১৩,৮০০ নিযুত বছৰ আগেয়ে, আৱাস যোগ্য পৰিৱেশত যেতিয়া বিশ্বব্ৰহ্মাণ্ডৰ বয়স মাত্ৰ ১০-১৭ নিযুত বছৰ আছিল। পাঞ্চপাৰ্মিয়া মতবাদ অনুহৰি, আনুবীক্ষণিক জীৱন -মেটেঅ'ৰইড, এষ্টেৰ'ইড আৰু অন্য সুক্ষ্ম সৌৰজাগতিক কণাৰ ৰূপত সমগ্ৰ ব্ৰহ্মাণ্ডলৈ বিস্তাৰিত হৈছিল। যদিও কেৱল পৃথিৱীতহে জীৱন নিশ্চিত হৈছে, বহুলোকে ভাৱে যে বহিঃজগতৰ জীৱ কেৱল সম্ভৱেই নহয়, হয়তো বিদ্যমানো। সৌৰজগতৰ অন্য গ্ৰহ আৰু উপগ্ৰহ আৰু অন্য গ্ৰহপ্ৰণালীত জীৱনৰ অস্তিত্ব সম্পৰ্কে পৰীক্ষা কৰি থকা হৈছে। কোনো অজ্ঞাত এলিয়েন সভ্যতাই পঠাব পৰা অনাতাঁৰ সংকেত চিনাক্তকৰণৰ বাবে ছেটি (SETI)ৰ দৰে প্ৰকল্প লোৱা হৈছে।
জীৱনৰ অৰ্থ -অতি বৈশিষ্টপূৰ্ণ, উৎপত্তি, উদ্দেশ্য, আৰু পৰম লক্ষ -দৰ্শন আৰু ধৰ্মৰ এটা কেন্দ্ৰীয় ধাৰণা আৰু প্ৰশ্ন।
 
==তথ্য সংগ্ৰহ==
{{Reflist}}
"https://as.wikipedia.org/wiki/জীৱন"ৰ পৰা অনা হৈছে