প্ৰস্তৰ যুগ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

নতুন পৃষ্ঠা: {{Stone Age|260}} File:Awashrivermap.png|thumb|260px|ইথিয়’পিয়াৰ আৱাছ নদীত প্ৰস্তৰ যুগৰ প্...
 
16 নং শাৰী:
 
উত্তৰ-পশ্চিম কেনিয়াৰ তুৰ্কানাৰ পৰা ৩০ লাখ ৩০ হাজাৰ বছৰ পুৰণি শিলৰ সঁজুলি আৱিষ্কাৰ কৰা হৈছে।<ref name="Harmand 2015">{{cite journal|last1=Harmand|first1=Sonia, et al|title=3.3-million-year-old stone tools from Lomekwi 3, West Turkana, Kenya|journal=Nature|date=21 May 2015|volume=521|pages=310–315|doi=10.1038/nature14464}}</ref>
 
===প্ৰস্তৰ যুগৰ অন্তকাল===
ধাতুৰ আকৰৰ পৰা ধাতু আহৰণ কৰা পদ্ধতিৰ আৱিষ্কাৰ হোৱাৰ লগে লগে প্ৰস্তৰ যুগৰ অন্ত পৰে আৰু ব্ৰঞ্জ যুগৰ সূচনা হয়। প্ৰস্তৰ যুগ আৰু ব্ৰঞ্জ যুগৰ মাজৰ সময়ছোৱাত মানুহে তাম আৰু টিন আহৰণ কৰিবলৈ শিকিছিল। এই কালছোৱাক তাম্ৰ যুগ বা কেলক’লিথিক অৰ্থাৎ তাম্ৰ-প্ৰস্তৰ যুগ বুলি অভিহিত কৰা হয়। ব্ৰঞ্জ যুগৰ পিছত লৌহ যুগৰ আৰম্ভণি ঘটে। কিন্তু এই গোটেই কালছোৱাতে কিছুসংখ্যক সামগ্ৰীৰ (যেনে শৈল পাত্ৰ) সন্দৰ্ভত ধাতুৰ লগতে সমান্তৰালভাৱে শিলৰ ব্যৱহাৰ অব্যাহত থাকে।
 
৬০০০-২৫০০ খ্ৰী:পূ:ৰ কালছোৱাতে প্ৰস্তৰ যুগৰ অন্ত পৰিছিল। খ্ৰী:পূ: ৫ম আৰু ৬ষ্ঠ সহস্ৰাব্দৰ ভিতৰতে মানুহে প্ৰথম ধাতুৰ ব্যৱহাৰ কৰাৰ প্ৰমাণ পোৱা গৈছে।<ref>{{cite news | url=http://www.stonepages.com/news/archives/002605.html | title=Neolithic Vinca was a metallurgical culture | date=17 November 2007 | publisher=Archaeo News | agency=Reuters | accessdate=25 January 2011}}</ref>
 
==টোকা==
{{Reflist|colwidth=30em}}