আলোক-বৰ্ষ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

Content deleted Content added
নতুন পৃষ্ঠা: {{Infobox unit | standard = জ্যোতিৰ্বিদ্যাৰ একক...
(কোনো পাৰ্থক্য নাই)

04:53, 2 September 2015ৰ সংস্কৰণ

এক আলোক-বৰ্ষ বা পোহৰ-বৰ্ষ (ইংৰাজীত Light-year বা light year, চমুকৈ: ly), [1] মহাজাগতিক দূৰত্ব সূচিত কৰা এটা একক। ই প্ৰায় ৯ লাখ কোটি কিল’-মিটাৰ(বা প্ৰায় ৬ লাখ কোটি মাইলৰ সমান)। আন্তঃৰাষ্ট্ৰীয় জ্যোতিৰ্বিজ্ঞান সংস্থা (IAU)ৰ মতে, এক আলোক বৰ্ষ হৈছে এক জুলিয়ান বৰ্ষপোহৰে অতিক্ৰম কৰিব পৰা দূৰত্ব[2] যিহেতু ইয়াত বৰ্ষ শব্দটো সোমাই আছে, সেয়ে বহুসময়ত আলোক-বৰ্ষক সময়ৰ একক বুলি ভুল কৰা হয়।

আলোক-বৰ্ষ
একক পদ্ধতি জ্যোতিৰ্বিদ্যাৰ একক
কিহৰ একক দৈৰ্ঘ্য
সংকেত ly 
একক পৰিৱৰ্তন
১ ly ... পদ্ধতিত ...ৰ সমান
   জ্যোতিৰ্বিদ্যাৰ একক    
   


জনপ্ৰিয় বিজ্ঞান লেখা(পত্ৰিকা) সমূহত, তাৰকাপুঞ্জৰ মাজৰ দূৰত্ব বা ইহঁতৰ তৰাবোৰৰ মাজৰ দূৰত্ব প্ৰকাশ কৰিবলৈ সাধাৰণভাৱে আলোক-বৰ্ষ ব্যৱহাৰ কৰা হয়, ই অৱ্শ্যে মানক বৈজ্ঞানিক একক নহয়। পেচাদাৰী জ্যোতিৰ্বিদ্যাত ব্যৱহাৰ কৰা দূৰত্বৰ একক হৈছে পাৰছেক, (সংকেত: pc, এক পাৰছেক প্ৰায় ৩.২৬ আলোক-বৰ্ষৰ সমান)। ১ পাৰছেক হৈছে, ১ জ্যোতিৰ্বৈজ্ঞানিক একক দৈৰ্ঘৰ এডাল ৰেখাৰ দুইমূৰৰ পৰা টনা আন দূডাল ৰেখাই য’ত এক আৰ্ক-ছেকেণ্ড কোণ কৰি মিলিত হ’ব, সিমান দূৰত্ব।[2]


তথ্যসূত্ৰ

  1. ISO 80000-3, Quantities and Units - Space and Time
  2. 2.0 2.1 International Astronomical Union, Measuring the Universe: The IAU and Astronomical Units, http://www.iau.org/public/themes/measuring/, আহৰণ কৰা হৈছে: 10 November 2013