ব্ৰঞ্জ যুগ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

Content deleted Content added
নতুন পৃষ্ঠা: {{সম্পাদনা দ্বন্দ}} File:Metallurgical diffusion.png|thumb|250px|ইউৰোপ আৰু এচিয়াত ধাতুবি...
(কোনো পাৰ্থক্য নাই)

05:33, 3 September 2015ৰ সংস্কৰণ

ব্ৰঞ্জ যুগ (ইংৰাজী: Bronge Age) হৈছে মানৱ সভ্যতাৰ প্ৰাক ঐতিহাসিক কালৰ তিনিটা প্ৰধান পুৰাতাত্ত্বিক ভাগৰ (প্ৰস্তৰ যুগ, ব্ৰঞ্জ যুগ আৰু লৌহ যুগ) দ্বিতীয়টো ভাগ। এই কালছোৱাতে আধুনিক মানৱে ব্ৰঞ্জ ধাতু আৰু চিহ্ন লিপিৰ ব্যৱহাৰ কৰিবলৈ শিকিছিল। প্ৰাথমিক অৱস্থাৰ নগৰীয়া সভ্যতা এই কালছোৱাৰ অন্যতম বৈশিষ্ট্য।

ইউৰোপ আৰু এচিয়াত ধাতুবিদ্যাৰ বিস্তাৰ (গাঢ় ৰঙৰ অংশ আটাইতকৈ পুৰণি
ব্ৰঞ্জ যুগ
নৱ প্ৰস্তৰ যুগ

প্ৰাচ্য (৩৩০০–১২০০ খ্ৰী:পূ:)

এনাটলিয়া, ক'কেচাছ, ইলাম, ইজিপ্ট, লেভাণ্ট, মেচ'পটেমিয়া, চিষ্টান
ব্ৰঞ্জ যুগৰ সামৰণি

দক্ষিণ এচিয়া (৩০০০–১২০০ খ্ৰী:পূ:)

হেঙুল-হাইতাল মৃৎশিল্প
সমাধি এইচ

ইউৰোপ (৩২০০–৬০০ খ্ৰী:পূ:)

এজিয়ান, ক'কেচাছ, ফোঁপোলা সমাধিৰ সংস্কৃতি
আটলাণ্টিক, ব্ৰিটেইন, নৰ্ডিক

চীন (২০০০–৭০০ খ্ৰী:পূ:)

এৰ্লিটাও, এৰ্লিগেং

আৰ্চেনিকেল ব্ৰঞ্জ

তৰোৱাল, ৰথ

লৌহ যুগ

ব্ৰঞ্জ যুগত তামৰ আকৰৰ পৰা তাম আহৰণ কৰি ইয়াক টিন, আৰ্ছেনিক বা অন্য ধাতুৰ সৈতে মিহলাই মিশ্ৰ ধাতু যেনে ব্ৰঞ্জ তৈয়াৰ কৰা হৈছিল। ব্ৰঞ্জৰ উৎপাদন কৰা ঠাই আৰু আন ঠাইৰ মাজত ধাতুবিধৰ আদান-প্ৰদান কৰা চলিছিল। তাম-টিনৰ আকৰ সহজতে পোৱা নগৈছিল আৰু খ্ৰীষ্টপূৰ্ব ৩য় সহস্ৰাব্দত আমদানি নোহোৱালৈকে পশ্চিম এচিয়াত এই আকৰসমূহ নাছিল। সেয়ে বিশ্বৰ প্ৰায়ভাগ ঠাইতে নৱ্য প্ৰস্তৰ যুগৰ (ইংৰাজী: Neolithic) পিছতে ব্ৰঞ্জ যুগৰ আৰম্ভণি হোৱাৰ বিপৰীতে কোনো কোনো অঞ্চলত তাম্ৰ যুগে সেই ঠাই লৈছিল। কিছু ঠাইত আনকি নৱ্য প্ৰস্তৰ যুগৰ পিছতে লৌহ যুগৰ আৰম্ভণি ঘটিছিল।[1]

ইতিহাস

ব্ৰঞ্জ যুগৰ গোটেই কালছোৱাৰ বৈশিষ্ট্য হৈছে বিশ্বৰ বিভিন্ন অঞ্চলত ব্ৰঞ্জৰ ব্যৱহাৰ। অৱশ্যে সকলো ঠাইতে ধাতুবিধৰ ব্যৱহাৰ আৰু প্ৰযুক্তিৰ সূচনা একে সময়তে হোৱা নাছিল।[2] সেই সময়ত ধাতুৰ বহুল ব্যৱহাৰৰ লগতে বাণিজ্যই লাহে লাহে প্ৰসাৰ লাভ কৰিছিল।

প্ৰাচ্য (Near East)

প্ৰাচীন কালৰ প্ৰাচ্যত খ্ৰীষ্টপূৰ্ব ৪ৰ্থ সহস্ৰাব্দত সুমেৰীয় সভ্যতা আৰম্ভ হোৱাৰে পৰা ব্ৰঞ্জ যুগৰ আৰম্ভণি ঘটে। সেই সময়ত সম্প্ৰসাৰিত কৃষিকাৰ্য, এক লেখন পদ্ধতিৰ বিকাশ, কুমাৰৰ চাকৰ আৱিষ্কাৰ, এক কেন্দ্ৰীয় চৰকাৰৰ সৃষ্টি, আইন আৰু ৰাজ্যৰ গঠন হৈছিল। ইয়াৰ লগতে সামাজিক সন্তুষ্টি, দাস প্ৰথা আৰু সুসংহত সমৰকলাৰ সূচনা হৈছিল। সেই সময়ৰ সমাজখনে জ্যোতিৰ্বিজ্ঞান আৰু গণিতৰ প্ৰাথমিক ভেঁটিটোক গঢ় দিছিল।

টোকা

  1. Iron In Africa: Revising The History : Unesco. Portal.unesco.org. Retrieved on 2013-07-28.
  2. Bronze was independently discovered in the Maykop culture of the North Caucasus as early as the mid-4th millennium BC, which makes them the producers of the oldest known bronze. However, the Maykop culture only had arsenical bronze, a naturally occurring alloy. Other regions developed bronze and its associated technology at different periods.

তথ্য সংগ্ৰহ

  • Figueiredo, Elin (2010) "Smelting and Recycling Evidences from the Late Bronze Age habitat site of Baioes," Journal of Archaeological Science, Volume 37, Issue 7, p. 1623–1634
  • Eogan, George (1983) The hoards of the Irish later Bronze Age, Dublin: University College, 331p., ISBN 0-901120-77-4
  • Hall, David and Coles, John (1994) Fenland survey : an essay in landscape and persistence, Archaeological report 1, London : English Heritage, 170 p., ISBN 1-85074-477-7
  • Pernicka, E., Eibner, C., Öztunah, Ö., Wagener, G.A. (2003) "Early Bronze Age Metallurgy in the Northeast Aegean", In: Wagner, G.A., Pernicka, E. and Uerpmann, H-P. (eds), Troia and the Troad: scientific approaches, Natural science in archaeology, Berlin; London : Springer, ISBN 3-540-43711-8, p. 143–172
  • Piccolo, Salvatore (2013). Ancient Stones: The Prehistoric Dolmens of Sicily. Abingdon (GB): Brazen Head Publishing.
  • Waddell, John (1998) The prehistoric archaeology of Ireland, Galway University Press, 433 p., ISBN 1-901421-10-4
  • Siklosy et al. (2009): Bronze Age volcanic event recorded in stalagmites by combined isotope and trace element studies. Rapid Communications in Mass Spectrometry, 23/6, 801-808. doi:10.1002/rcm.3943
  • Roberts, B.W., Thornton, C.P. and Pigott, V.C. 2009. [http://britishmuseum.academia.edu/BenjaminRoberts/Papers/340888/Development_of_metallurgy_in_Eurasia Developm