বেংকক: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য
Content deleted Content added
দিব্য দত্ত (আলোচনা | বৰঙণি) No edit summary |
দিব্য দত্ত (আলোচনা | বৰঙণি) No edit summary |
||
63 নং শাৰী:
বেংকক ১৫শ শতিকাৰ আয়ুত্থা ৰাজ্যৰ এটা সৰু ব্যৱসায় ঘাটী আছিল, ঘটনাক্ৰমে ইয়াৰ আকাৰ বৃদ্ধি হয় আৰু ইয়াতেই দুখনকৈ ৰাজধানী চহৰ: ১৭৬৮ চনত থনবুৰি আৰু ১৭৮২ চনত ৰট্টানাকছিনৰ স্থাপিত হয়। ১৯শ শতিকাত দেশে পশ্চিমীয়া হেঁচাৰ সন্মূখীন হোৱাৰ সময়ত, বেংকক আছিল ছিয়ামৰ আধুনিকীকৰণৰ প্ৰাণকেন্দ্ৰ স্বৰূপ। ই বিংশ শতিকাৰ একনায়কত্ববাদৰ অৱসান ঘটাই সংবিধানিক শাসন প্ৰতিস্থাৰ ৰাজনৈতিক সংঘাতৰো প্ৰধান কেন্দ্ৰ আছিল। ১৯৬০ৰ পৰা ১৯৮০ দশকৰ ভিতৰত নগৰখনৰ দ্ৰুত বিকাশ আৰম্ভ হয় আৰু আজি ই থাইলেণ্ডৰ ৰাজনীতি, অৰ্থনীতি, শিক্ষা, সংস্কৃতি তথা আধুনিক সমাজত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।
==পৰ্যটন==
বেংকক হৈছে পৰ্যটকৰ বাবে এখন অতি আকৰ্ষণিয় ঠাই। এটা জৰীপ মতে ২০১৩ চনত চহৰখন পৰিভ্ৰমণ কৰা পৰ্যটকৰ সংখ্যা আছিল প্ৰায় ১৫.৯৮ নিযুত। নিউ য়ৰ্ক, লণ্ডন আৰু পেৰিছৰ পিছতেই বেংকক হৈছে বৈদেশিক মুদ্ৰা খৰছ কৰা চতুৰ্থখন চহৰ, ২০১৩ চনত আনুমানিক ১৪৩ কোটি ডলাৰ।<ref name="MasterCard 2013">{{cite web|last1=Hedrick-Wong|first1=Yuwa| first2=Desmond|last2=Choog|title=MasterCard Global Destination Cities Index|url=http://insights.mastercard.com/wp-content/uploads/2013/05/Mastercard_GDCI_Final_V4.pdf |work=MasterCard Worldwide Insights 2Q 2013|publisher=MasterCard|accessdate=6 June 2013|year=2013}}</ref> [[Euromonitor International]] নামৰ এক অনুষ্ঠানে ২০১১ চনৰ শীৰ্ষ আকৰ্ষণীয় নগৰৰ তালিকাত বেংককক ষষ্ঠ স্থান প্ৰদান কৰিছে।<ref>{{cite web|title=Top 100 Cities Destination Ranking|url=http://blog.euromonitor.com/2013/01/top-100-cities-destination-ranking.html |publisher=Euromonitor International|accessdate=6 June 2013|date=21 January 2013}}</ref> ''[[Travel + Leisure]]'' নামৰ আলোচনীয়ে তেঁওলোকৰ পাঠকৰ মাজত চলোবা এক সমীক্ষাত বেংককে ২০১০ৰ পৰা ২০১৩ চনলৈ একেৰাহে চাৰিবাৰ “পৃথিৱীৰ শ্ৰেষ্ট নগৰ”ৰ খিতাপ লাভ কৰিছিল।<ref name="best cities 2013">{{cite web|title=2013 World's Best Cities|url=http://www.travelandleisure.com/worldsbest/2013/cities|work=Travel + Leisure|publisher=American Express Publishing Corporation|accessdate=31 July 2013}}</ref>
[[File:Wat Phra Sri Rattana Satsadaram 07.jpg|thumb|left|alt=A Thai temple complex with several ornate buildings and a stupa, and a lot of visitors|[[Wat Phra Kaeo]] in the [[Grand Palace]] is among Bangkok's major tourist attractions.]]
==তথ্য সংগ্ৰহ==
{{Reflist}}
|