বিজ্ঞানৰ দৰ্শন: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য
Content deleted Content added
IKHazarika (আলোচনা | বৰঙণি) "Philosophy of science" পৃষ্ঠাৰ অনুবাদেৰে সৃষ্টি কৰা হৈছে |
IKHazarika (আলোচনা | বৰঙণি) No edit summary |
||
1 নং শাৰী:
'' এই প্ৰবন্ধৰ বানান শুদ্ধ কৰা হোৱা নাই। অনুগ্ৰহ কৰি সহায় কৰক।
<br>
'''বিজ্ঞানৰ দৰ্শন '''[[দৰ্শন]]ৰ এটি ভাগ যাৰ বিষয় [[বিজ্ঞান]]ৰ গুৰি, প্ৰণালী আদি। এই ভাগৰ মুখ্য প্ৰশ্নসমূহৰ বিষয় 'কি বিজ্ঞান হয় আৰু কি নহয়', 'বৈজ্ঞানিক প্ৰণালীসমূহৰ নিৰ্ভৰশীলতা', 'বিজ্ঞানৰ শেষ লক্ষ্য' আদি। এই ভাগৰ দৰ্শন আন আন ভাগ যেনে [[অধিবিদ্যা]], [[তত্ত্ববিদ্যা]], [[জ্ঞানতত্ত্ব]] আদিৰ সৈতে সম্পৰ্কিত। উদাহৰণ স্বৰূপে বিজ্ঞান আৰু [[সত্য]]ৰ সম্বন্ধ অধ্যয়ন কৰোঁতে-- কেনেকৈ বিজ্ঞানে মিছা প্ৰমাণিত কৰাৰ যোগ্য ভৱিষ্যদ্বানী আগবঢ়াই আৰু বিজ্ঞানৰ এই কাৰ্যই কেনেকৈ বিজ্ঞানক অধিক নিৰ্ভৰশীল কৰি তুলে।
বিজ্ঞানৰ দৰ্শনৰ বহু মুখ্য প্ৰশ্নৰ উত্তৰৰ ক্ষেত্ৰত দাৰ্শনিকসকল একমত নহয়। 'বিজ্ঞানে অনিৰীক্ষণীয় বিষয়ৰ সত্য অনাবৃত কৰিব পাৰিব নে?', 'বৈজ্ঞানিক যুক্তিৰ ন্যায্যতাই বা প্ৰতিপন্ন কৰিব পৰা যায় নে নাযায়?' আদি প্ৰশ্ন তাৰ অন্তৰ্গত। বিজ্ঞান বিষয়ক তেনে সাধাৰণ প্ৰশ্নসমূহৰ উপৰিও দৰ্শনৰ এই ভাগে বিজ্ঞানৰ কোনো এক ধাৰাতহে (যেনে [[জীৱবিজ্ঞান]], [[ভৌতিক বিজ্ঞান]] আদি) মাথো প্ৰযোজ্য প্ৰশ্নৰো উত্তৰ সন্ধান কৰে। কোনো কোনো দাৰ্শনিকে আকৌ আধুনিক বিজ্ঞানৰ ফলাফলৰ সহায়ত স্বয়ং দৰ্শনৰ বিষয়েই মীমাংসা কৰে।
|