বিজ্ঞানৰ দৰ্শন: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
লিংক যোগ
1 নং শাৰী:
<b '''বিজ্ঞানৰ দৰ্শন '''[[দৰ্শন]]ৰ এটি ভাগ যাৰ বিষয় [[বিজ্ঞান]]ৰ গুৰি, প্ৰণালী আদি। এই ভাগৰ মুখ্য প্ৰশ্নসমূহৰ বিষয় 'কি বিজ্ঞান হয় আৰু কি নহয়', 'বৈজ্ঞানিক প্ৰণালীসমূহৰ নিৰ্ভৰশীলতা', 'বিজ্ঞানৰ শেষ লক্ষ্য' আদি। এই ভাগৰ দৰ্শন আন আন ভাগ যেনে [[অধিবিদ্যা]], [[তত্ত্ববিদ্যা]], [[জ্ঞানতত্ত্ব]] আদিৰ সৈতে সম্পৰ্কিত। উদাহৰণ স্বৰূপে বিজ্ঞান আৰু [[সত্য]]ৰ সম্বন্ধ অধ্যয়ন কৰোঁতে-- কেনেকৈ বিজ্ঞানে মিছা প্ৰমাণিত কৰাৰ যোগ্য ভৱিষ্যদ্বানী আগবঢ়াই আৰু বিজ্ঞানৰ এই কাৰ্যই কেনেকৈ বিজ্ঞানক অধিক নিৰ্ভৰশীল কৰি তুলে।
'' এই প্ৰবন্ধৰ বানান শুদ্ধ কৰা হোৱা নাই। অনুগ্ৰহ কৰি সহায় কৰক।''<br>
<b'''বিজ্ঞানৰ দৰ্শন '''[[দৰ্শন]]ৰ এটি ভাগ যাৰ বিষয় [[বিজ্ঞান]]ৰ গুৰি, প্ৰণালী আদি। এই ভাগৰ মুখ্য প্ৰশ্নসমূহৰ বিষয় 'কি বিজ্ঞান হয় আৰু কি নহয়', 'বৈজ্ঞানিক প্ৰণালীসমূহৰ নিৰ্ভৰশীলতা', 'বিজ্ঞানৰ শেষ লক্ষ্য' আদি। এই ভাগৰ দৰ্শন আন আন ভাগ যেনে [[অধিবিদ্যা]], [[তত্ত্ববিদ্যা]], [[জ্ঞানতত্ত্ব]] আদিৰ সৈতে সম্পৰ্কিত। উদাহৰণ স্বৰূপে বিজ্ঞান আৰু [[সত্য]]ৰ সম্বন্ধ অধ্যয়ন কৰোঁতে-- কেনেকৈ বিজ্ঞানে মিছা প্ৰমাণিত কৰাৰ যোগ্য ভৱিষ্যদ্বানী আগবঢ়াই আৰু বিজ্ঞানৰ এই কাৰ্যই কেনেকৈ বিজ্ঞানক অধিক নিৰ্ভৰশীল কৰি তুলে।
 
বিজ্ঞানৰ দৰ্শনৰ বহু মুখ্য প্ৰশ্নৰ উত্তৰৰ ক্ষেত্ৰত দাৰ্শনিকসকল একমত নহয়। 'বিজ্ঞানে অনিৰীক্ষণীয় বিষয়ৰ সত্য অনাবৃত কৰিব পাৰিব নে?', 'বৈজ্ঞানিক যুক্তিৰ ন্যায্যতাই বা প্ৰতিপন্ন কৰিব পৰা যায় নে নাযায়?' আদি প্ৰশ্ন তাৰ অন্তৰ্গত। বিজ্ঞান বিষয়ক তেনে সাধাৰণ প্ৰশ্নসমূহৰ উপৰিও দৰ্শনৰ এই ভাগে বিজ্ঞানৰ কোনো এক ধাৰাতহে (যেনে [[জীৱবিজ্ঞান]], [[ভৌতিক বিজ্ঞান]] আদি) মাথো প্ৰযোজ্য প্ৰশ্নৰো উত্তৰ সন্ধান কৰে। কোনো কোনো দাৰ্শনিকে আকৌ আধুনিক বিজ্ঞানৰ ফলাফলৰ সহায়ত স্বয়ং দৰ্শনৰ বিষয়েই মীমাংসা কৰে।
Line 16 ⟶ 15:
বিজ্ঞান আৰু অ-বিজ্ঞানৰ মাজত পাৰ্থক্য কৰাক সীমা সমস্যা বোলা হয়। যেনে, [[মনোবিশ্লেষণ]] বিজ্ঞান হয় নে? তথা কথিত [[সৃষ্টিৰ বিজ্ঞান]], স্ফীতিজনিত মাল্টিভাৰ্ছ পৰিকল্পনা বা [[সামষ্টিক অৰ্থনীতি]]ৰ বিষয়ে কি ক'ব পাৰি? [[কাৰ্ল পপাৰ]]ৰ মতে এই প্ৰশ্নই বিজ্ঞানৰ দৰ্শনৰ মূল প্ৰশ্ন।<ref name="Thornton2006">{{সাঁচ:Cite web|url=http://plato.stanford.edu/entries/popper/|title=Karl Popper|accessdate=2007-12-01|last=Thornton|first=Stephen|year=2006|work=Stanford Encyclopedia of Philosophy}}</ref> পিচে, এই প্ৰশ্নৰ কোনো সৰ্বজনবিদিত সমাধান বিচাৰি পোৱা হোৱা নাই। কোনো কোনোৱে এই সমস্যাৰ সমাধান নাই অথবা এই প্ৰশ্ন ৰুচিহীন বুলি গণ্য কৰে।<ref>[http://plato.stanford.edu/entries/pseudo-science/#NonSciPosSci "Science and Pseudo-science"] (2008) in Stanford Encyclopedia of Philosophy</ref><ref name="Laudan1983">{{সাঁচ:Cite book|last=Laudan|first=Larry|editor=Adolf Grünbaum, Robert Sonné Cohen, Larry Laudan|title=Physics, Philosophy, and Psychoanalysis: Essays in Honor of Adolf Grünbaum|year=1983|publisher=Springer|isbn=90-277-1533-5|chapter=The Demise of the Demarcation Problem}}</ref> [[মাৰ্টিন গাৰ্ডনাৰ|মাৰ্টিন গাৰ্ডনাৰে]] অপ-বিজ্ঞান চিনাক্ত কৰিবলৈ পটাৰ ষ্টীৱাৰ্ট মানক ব্যৱহাৰ কৰিবলৈ পৰামৰ্শ প্ৰদান কৰে-- "মই ইয়াক জানো কাৰণ মই ইয়াক দেখো"।
 
যৌক্তিক দৃষ্টবাদীসকলে প্ৰথমে বিজ্ঞানক পৰ্যবেক্ষণলৈ স্থলিত কৰিছিল, তাৰ বিপৰীতে অ-বিজ্ঞান পৰ্যবেক্ষণহীন আৰু সেইবাবে অৰ্থহীন।<ref name="Uebel2006">{{সাঁচ:Cite web|url=http://plato.stanford.edu/entries/vienna-circle/|title=Vienna Circle|accessdate=2007-12-01|last=Uebel|first=Thomas|year=2006|work=Stanford Encyclopedia of Philosophy}}</ref> পপাৰে তৰ্ক কৰিছিল যে বিজ্ঞানৰ কেন্দ্ৰীয় গুণ হ'ল মিথ্যায়ন।[[মিথ্যায়ন]]। অৰ্থাৎ, প্ৰতি বাস্তৱিক বৈজ্ঞানিক দাবীকে, অন্ততঃ সিদ্ধান্তত হ'লেও, অসত্য প্ৰমাণ কৰিব পৰা যাব।
 
অধ্যয়ন বা ভাৱনা-চিন্তাৰ কোনো ক্ষেত্ৰ, যি ক্ষেত্ৰই অন্যথা লাভ কৰিব নোৱাৰা বৈধতাৰ দাবী কৰাৰ প্ৰচেষ্টাত বিজ্ঞানৰ ছদ্মবেশ ধাৰণ কৰে, সেই অধ্যয়ন বা ভাৱনা চিন্তাক [[অপ-বিজ্ঞান]], পাৰ (ফ্ৰিঞ্জ--fringe)) বিজ্ঞান বা আবৰ্জনা বিজ্ঞান বোলা হয়।<ref>"''Pseudoscientific&nbsp;– pretending to be scientific, falsely represented as being scientific''", from the ''Oxford American Dictionary'', published by the Oxford English Dictionary; Hansson, Sven Ove (1996)."</ref> ভৌতিক বিজ্ঞানী [[ৰিচাৰ্ড ফাইনমেন|ৰিচাৰ্ড ফেইনমেনে]] এনে ঘটনাসমূহৰ বাবে, যি ঘটনাসমূহত গবেষণাকাৰীয়ে তেওঁলোকৰ কাৰ্য বিজ্ঞান বুলি ভাবে কিন্তু প্ৰকৃততে বাহিৰাকৈ বৈজ্ঞানিক আৱৰণ থাকিলেও কাৰ্যসমূহত কাঠিন্যৰে মূল্যায়ন কৰাৰ যোগ্য "চৰম সততা" নাথাকে, মাল-পন্থ বিজ্ঞান (কাৰ্গ'-কাল্ট চাইঞ্চ--cargo-cult science) সংজ্ঞা ব্যৱহাৰ কৰিছিল।
 
=== বৈজ্ঞানিক ব্যাখ্যা ===
আন এক প্ৰশ্ন হ'ল "ভাল [[বৈজ্ঞানিক ব্যাখ্যা]] কাক বোলা হয়?"। ভৱিষ্যতৰ[[ভৱিষ্যৎ|ভৱিষ্যত]]ৰ ঘটনাৰ পূৰ্বানুমান কৰাৰ উপৰিও, [[সমাজ|সমাজে]] প্ৰায় বৈজ্ঞানিক সূত্ৰসমূহৰ সহায়ত বৰ্তমানে ঘটি থকা আৰু পূৰ্বতে ঘটিত ঘটনাৰ ব্যাখ্যা দাঙি ধৰে। দাৰ্শনিকসকলে বৈজ্ঞানিক সূত্ৰই কোনো এক ঘটনাক সফলভাৱে ব্যাখ্যা কৰিছে নে নাই আৰু এটি বৈজ্ঞানিক সূত্ৰৰ ব্যাখ্যাৰ শক্তি আছে নে নাই সেই কথা নিৰ্ণয় কৰাৰ মাপ-কাঠি অনুসন্ধান কৰি উলিয়াইছে।
 
এটি পূৰ্বৰ কালৰে পৰা চলি অহা প্ৰভাৱশালী  বৈজ্ঞানিক ব্যাখ্যাৰ সূত্ৰ হ'ল ন্যায়িক-ন'মলজিকেল মডেল। এই মডেল অনুসৰি এক সফল বৈজ্ঞানিক ব্যাখ্যাই প্ৰশ্নোদ্ধৃত ঘটনাত কোনো এক বৈজ্ঞানিক সিদ্ধান্তৰপৰা যুক্তিৰে উপনীত হ'ব লাগিব।<ref name="Hempel1948">{{সাঁচ:Cite journal|last=Hempel|first=Carl G.|authorlink=Carl Hempel|author2=Paul Oppenheim|year=1948|title=Studies in the Logic of Explanation|journal=Philosophy of Science|volume=15|pages=135–175|doi=10.1086/286983|issue=2}}</ref> এই ধাৰণাক বাৰুকৈ সমালোচনা কৰা হৈছে আৰু অনেক অভ্যুদাহৰণ বহুলভাৱে স্বীকৃত।<ref name="Salmon1992">{{সাঁচ:Cite book|last=Salmon|first=Merrilee|author2=John Earman, Clark Glymour, James G. Lenno, Peter Machamer, J.E. McGuire, John D. Norton, Wesley C. Salmon, Kenneth F. Schaffner|title=Introduction to the Philosophy of Science|year=1992|publisher=Prentice-Hall|isbn=0-13-663345-5}}</ref> বিশেষকৈ, ব্যাখ্যা চিনাক্ত কৰা অতিকৈ কঠিন হৈ পৰে যেতিয়া ব্যাখ্যা কৰিবলগীয়া বস্তুত কোনো সিদ্ধান্তৰপৰা যুক্তিৰে উপনীত হ'ব পৰা নাযায়। কাৰণ এয়া কেৱল সুযোগৰ বস্তু, বা ইয়াক যি জনা যায় তাৰে সঠিকভাৱে পূৰ্বানুমান কৰিব পৰা নাযায়। [[ৱেস্লী চেল্মনৰচেল্মন]]ৰ মতে এক ভাল বৈজ্ঞানিক ব্যাখ্যা পৰিসংখ্যাংনভাৱে ব্যাখ্যা কৰিবলগীয়া ফলাফলৰ সৈতে প্ৰাসংগিক হ'ব লাগিব।<ref name="Salmon1971">{{সাঁচ:Cite book|last=Salmon|first=Wesley|title=Statistical Explanation and Statistical Relevance|year=1971|location=Pittsburgh|publisher=University of Pittsburgh Press}}</ref><ref name="Woodward2003">{{সাঁচ:Cite web|url=http://plato.stanford.edu/entries/scientific-explanation/|title=Scientific Explanation|accessdate=2007-12-07|last=Woodward|first=James|year=2003|work=Stanford Encyclopedia of Philosophy}}</ref> আন আনৰ মতে ভাল বৈজ্ঞানিক ব্যাখ্যাৰ চাবি হ'ল ভিন ভিন ঘটনাক একেই ব্যাখ্যাৰে বুজোৱা।
 
=== বিজ্ঞানৰ বৈধতা প্ৰতিপন্ন কৰা ===
[[চিত্ৰ:Chicken_farmer_in_Ghana_(5926941911).jpg|thumb|কুকুৰাবোৰে মালিকৰ বিষয়ে ৰাখিব পৰা ধাৰণাসমূহে "অধিষ্ঠাপনৰ সমস্যা"ৰ উদাহৰণ দাঙি ধৰে]]
যদিও এই কথাক বিনা প্ৰমাণে শুদ্ধ বুলি প্ৰায় ধৰি লোৱা হয়, এই কথা একেবাৰেই স্পষ্ট নহয় যে কেইবাৰমান পৰীক্ষা শুদ্ধ হ'লে বা কেইটামান উদাহৰণ চাই কোনো সূত্ৰক কেনেকৈ বৈধ বুলি ধৰিব পাৰি।<ref name="StanInduction">{{সাঁচ:Cite web|url=http://plato.stanford.edu/entries/induction-problem/|title=The Problem of Induction|accessdate=2014-02-25|last1=Vickers|first1=John|year=2013|work=Stanford Encyclopedia of Philosophy}}</ref> উদাহৰণ স্বৰূপে, এটি কুকুৰাই[[কুকুৰা]]ই পৰ্যবেক্ষণ কৰে যে প্ৰতি ৰাতিপুৱা মালিক আহে আৰু খাদ্য প্ৰদান কৰে। তেনে শ-শ দিনৰপৰা চলি আহিছে। সেয়ে, কুকুৰাটোৱে [[প্ৰস্তাৱনামূলক যুক্তিৰেযুক্তি]]ৰে এই সিদ্ধান্তত উপনীত হ'ব পাৰে যে মালিকে ''সকলো ''ৰাতিপুৱাই খাদ্য প্ৰদান কৰিব। পিচে, এবাৰ ৰাতিপুৱা, মালিক আহিল আৰু কুকুৰাটোক খাদ্য প্ৰদান কৰাৰ পৰিৱৰ্তে হত্যা কৰিলে। বৈজ্ঞানিক যুক্তি কুকুৰাটোৰ যুক্তিতকৈ কেনেকৈ অধিক নিৰ্ভৰশীল?
 
এক অভিগমন হ'ল এই কথা লক্ষ্য কৰা যে অধিষ্ঠাপনাই নিশ্চয়তা প্ৰদান কৰিব নোৱাৰে, কিন্তু এটি সাধাৰণ বিবৃতিৰ উদাহৰণ বাৰে বাৰে [[পৰ্যবেক্ষণ]] কৰিলে অন্ততঃ বিবৃতিটো অধিক সাম্ভাব্য হ'ব। সেয়ে, প্ৰতি ৰাতিপুৱাৰ অভিজ্ঞতাৰপৰা কুকুৰাটোৱে ধাৰণা কৰিব পাৰে যে এই কথা অধিক সাম্ভাব্য যে পৰৱৰ্তী ৰাতিপুৱা মালিকে খাদ্য প্ৰদান কৰিব, যদিও এই কথা নিশ্চিত নহয়। পিচে, প্ৰতি প্ৰৰ্যবেক্ষণে সাধাৰণ বিবৃতিত কি যথাযথ সম্ভাৱনীয়তা ন্যায্য কৰে, সেই বিষয়ে অনেক কঠিন প্ৰশ্ন থাকি যায়। এই কঠিনতাসমূহৰপৰা আঁতৰাৰ এক উপায় হ'ল এই কথা ঘোষণা কৰা যে বৈজ্ঞানিক সূত্ৰসমূহৰ বিষয়ে থকা বিশ্বাস বিষয়বাদী, বা ব্যক্তিগত, আৰু শুদ্ধ যুক্তি কেৱল কেনেকৈ সাক্ষই এজনৰ বিষয়বাদী বিশ্বাসক প্ৰভাৱিত কৰে, সেই বিষয়েহে।
 
কোনো কোনোৱে তৰ্ক কৰে যে বিজ্ঞানীসকলে অধিষ্ঠাপনামূলক যুক্তি ব্যৱহাৰেই নকৰে। তাৰ সলনি এব্ডাক্টিভ যুক্তিৰহে (abductive reasoning) প্ৰয়োগ কৰে। এই হিচাপত বিজ্ঞান বিশেষ ঘটনাসমূহৰ সাধাৰণীকৰণ বিষয়ক নহয়, পিচে, পৰ্যবেক্ষণৰ ব্যাখ্যাৰ বাবে পৰিকল্পনা প্ৰস্তুত কৰাৰ বিষয়েহে। পূৰ্বতে আলোচনা কৰাৰ দৰে, এই কথা সদাই স্পষ্ট নহয় যে কোনটো ব্যাখ্যা "উৎকৃষ্টতম্"। অকহামৰ ৰেজৰে সবাটোকৈ সৰল ব্যাখ্যাক চয়ন কৰাৰ পৰামৰ্শ প্ৰদান কৰে। সেয়ে এই অভিগমনৰ কোনো কোনো সংস্কৰণত ই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। কুকুৰাৰ উদাহৰণলৈ পুনৰ চালে, কোনটো পৰিকল্পনা অধিক সৰল-- মালিকে তাক ভাল পায় আৰু খাদ্য প্ৰদান কৰি যাব, নে মালকে তাক ভক্ষণ কৰাৰ পূৰ্বে ভালকৈ খোৱাই-বোৱাই শকত কৰিছে? দাৰ্শনিকসকলে এই অনুসন্ধানমূলক নীতিক অধিক যথাযথ কৰিবলৈ চেষ্টা কৰিছে শাস্ত্ৰীয় মিতব্যয়িতা আদিৰ ক্ষেত্ৰত। তথাপিও, সৰলতাৰ বহু জোখ আগবঢ়ালেও, সাধাৰণতে মানি লোৱা হৈছে যে সূত্ৰ-মুক্ত সৰলতাৰ জোখ নাই। আন শব্দত, সৰলতাৰ জোখ চয়ন কৰাৰ কাৰ্যও সূত্ৰসমূহৰ এটিক চয়ন কৰাৰ দৰেই সমস্যাপূৰ্ণ।