চৰাই: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

28 নং শাৰী:
 
== শ্ৰেণীবিভাজন ==
পৃথিৱীৰ সকলো ঠাইতে পোৱা পক্ষী বা চৰাই দেখিবলৈ পোৱা যায়। প্রাচীন যুগৰ প্রাণীবোৰৰ তুলনাত্মক শাৰীৰবিজ্ঞান আৰু জীৱাশ্মবোৰ অধ্যয়ন কৰি প্রাণীবিদসকলে পক্ষীবোৰ সৰীসৃপৰ পৰা উৎপত্তি হৈছে বুলি একমত হৈছে। চৰাই আৰু সৰীসৃপবোৰে বহুক্ষেত্ৰতে সাদৃশ্য দেখুৱাই বাবে হাক্স্‌লেই ইহঁতক কশেৰুকী প্রাণীৰ অন্তর্গত চৌৰ’পছিডা (sauropsida) নামৰ অতিগোত্ৰত (Superclass) অন্তর্ভূক্ত কৰিছিল। তদুপৰি হাক্সলেই পক্ষীবোৰক মহামান্বিত সৰীসৃপ বুলি অভিহিত কৰিছিল। চৰাইবোৰ হ’ল দ্বিপদী তথা পাখিযুক্ত প্রাণী। ইহঁতবোৰ মেছ’য’ইক যুগৰ অৰনিথিছিয়া বর্গৰ সৰীসৃপৰ পৰা উৎপত্তি হৈ বর্তমান যুগৰ পক্ষীবোৰলৈ ক্ৰ’ম’বিকশিত হৈছে। ক্ৰম’বিকাশৰ ধাৰাত চৰাইবোৰ সৰীসৃপতকৈ উচ্চখাপৰ আৰু স্তন্যপায়ী প্রাণীতকৈ নিম্নখাপৰ। দেখা গৈছে যে আধুনিক যুগৰ চৰাইবোৰ প্রকৃততে ক্ৰিটেছিয়াছ যুগৰ প্রাৰম্ভিক সময়তহে আৱির্ভাব হৈছিল। সৰীসৃপৰ ক্ৰ’মবিকাশ হওঁতে বহু সময়ৰ প্রয়োজন হৈছিল; যিহেতু এই পৰিৱর্তনে দেহৰ আৰু দেহক্ৰিয়াৰ প্রায় সকলোখিনি স্পর্শ কৰিছে। এই ক্ৰম’বিকাশৰ ধাৰাত শীতলৰক্তী সৰীসৃপৰ উষ্ণৰক্তী চৰাইলৈ পৰিৱর্তন, লাওঁখোলাৰ হাড়সমূহৰ সংযোজন, পুচ্ছাংশৰ দেহাংশলৈ পৰিৱর্তন, বাতিল হাড়ৰ (Pneumatic bone) উৎপত্তি, কশেৰুকাৰ সংযোজনৰ ফলত ছিনছেক্ৰাম নামৰ হাড়ৰ সৃষ্টি আদিয়েই প্রধান পৰিৱর্তন। উষ্ণৰক্তী, দ্বিপদী, অগ্রপদখন উৰণ কার্যত সহায় কৰিবলৈ ডেউকালৈ ৰূপান্তৰণ, গ্রন্থিবিহীন ছাল আৰু পাখিৰে আবৃত শৰীৰযুক্ত প্রাণীবোৰকে চৰাই বোলা হয়। IUCN ৰ তথ্য মতে বর্তমান পৃথিৱীত 10,400 তকৈও অধিক প্রজাতিৰ চৰাই আছে।
[[চিত্ৰ:Neoaves Alternative Cladogram.png|thumb|300px||right| চৰাইৰ শেহতীয়া বিভাজনৰ ক্লেড’গ্ৰাম <ref>[http://tolweb.org/Neoaves/26305 Tolweb.org], "Neoaves". ''Tree of Life Project''</ref>]]
 
উপশ্ৰেণী (Subclass) নিঅৰনিথিছৰ বিভিন্ন ভাগ সমূহ তলত দিয়াৰ দৰে--.
"https://as.wikipedia.org/wiki/চৰাই"ৰ পৰা অনা হৈছে