চৰাই: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

246 নং শাৰী:
11. ফুল পৰীক্ষক ঠোঁট (Flower probing beak): ফুল পৰীক্ষক ঠোঁটবোৰ দীঘল, ঠেক আৰু জোঙা। মৌ আহৰণ কৰা চৰাইবোৰে এই ঠোঁটবোৰেৰে ফুলৰ পৰা মৌৰস আহৰণ কৰে। উদাহৰণ: চানবার্ড (Sun bird), হামিং বার্ড (Humming bird)।
12. বিন্ধোৱা আৰু ফলা ঠোঁট (Pierching and Tearing beak): এই ঠোঁটবোৰ চুটি, ওপৰৰ ঠোঁটটো তলমুৱাকৈ বেকা আৰু শক্তিশালী। এইবোৰ ঠোঁট সৰু ডাঙৰ চিকাৰবোৰ ফুটাবলৈ আৰু ফলাচিৰা কৰিবলৈ ব্যৱহাৰ কৰা হয়। উদাহৰণ: ঈগল, ফেঁচা, শগুণ ।
চৰাইৰ হাকোটাযুক্ত পদাঞ্চলৰ প্রকাৰ (Types of clawed feet in birds):
চৰাইৰ ঠেঙৰ পদাঞ্চল খোজ কঢ়াৰ উপৰিও অন্যান্য বহুতো কামৰ বাবে ব্যৱহৃত হয়। অন্যান্য কামবোৰ হ’ল – বস্তু আদি সংগ্রহ, বাঁহ সজা, আক্ৰমণ কৰা, প্রতিৰক্ষা ইত্যাদি। চৰাইৰ ঠেঙৰ পদাঞ্চল আঙুলিযুক্ত আৰু এই আঙুলিবোৰত নখ বা হাকোটা থাকে। কর্মৰ ওপৰত নির্ভৰ কৰি চৰাইৰ ঠেঙক তলত দিয়া ধৰণে ভাগ কৰিব পাৰি।
1. আৰোহী ঠেং (Climbing feet): আৰোহী ঠেঙৰ পদাঞ্চলবোৰ গছত বা গছৰ ডালত বগাবলৈ উপযোগী। এনেবোৰ ঠেঙত প্রথম আৰু চতুর্থ আঙুলি দুটা পিছফাললৈ মুখ কৰি অৱস্থান কৰে আনহাতে দ্বিতীয় আৰু তৃতীয় আঙুলিটোৱে সম্মুখৰ পিনে মুখ কৰি থাকে। এনেকুৱা প্রকৃতিৰ আঙুলিক জাইগ’ডেক্‌টাইলাছ (Zygodactylous) বুলি কোৱা হয়। হাকোটাযুক্ত জাইগ’ডেক্‌টাইলাছ আঙুলিৰ সহায়ত চৰাইবোৰে সৰু সৰু ডালত খামোচ মাৰি ধৰি উলম্ব গছত বগাই যাব পাৰে। উদাহৰণ: কাঠখোলা (Wood pecker), ভাটৌ (Parrot)।
2. জপটিয়াই ধৰা ঠেং (Clinging feet): এইবোৰ ঠেঙৰ হাকোটা যুক্ত আঙুলিবোৰ এনেকৈ সজ্জিত হৈ থাকে যাতে ইহঁতে ওখ আৰু ঠিয় পর্বতৰ বা গুহাৰ বেৰত জপটিয়াই এঠা লাগি ধৰি থাকিব পাৰে। এই প্রকৃতিৰ ঠেঙৰ চাৰিওটা আঙুলি সম্মুখৰ পিনে মুখ কৰি থাকে। ইহঁতৰ নখ বা হাকোটাবোৰ চোকা আৰু বেকা প্রকৃতিৰ। উদাহৰণ: বতাহী চৰাই, হামিং বার্ড।
3. খোচৰা ঠেং (Scratching feet): এইবোৰ ঠেং খোজ কঢ়া আৰু খাদ্যৰ সন্ধানত মাটি বালি আদিত খোচৰা কামৰ বাবে উপযোগী। খোচৰা ঠেবোৰ দৃঢ় আৰু আঙুলিত থকা হাকোটাবোৰ শক্তিশালী। উদাহৰণ: মুর্গী চৰাই।
4. পক্ষীসাদ ঠেং (Perching feet): প্রায়বোৰ চৰাইৰে ঠেঙবোৰ এনেকুৱা প্রকৃতিৰ। এনেকুৱা ঠেঙৰ চৰাইবোৰে গছৰ ডালত বহোতে ডালটোত খামুচি ধৰিব পাৰে। এনেধৰণৰ ঠেঙত তিনিটা আঙুলি সম্মুখৰ পিনে মুখ কৰি থাকে আৰু এটা আঙুলি পিছফালে মুখ কৰি থাকে। উদাহৰণ: ঘন চিৰিকা, কাউৰী, কুলি ইত্যাদি।
5. সাঁতোৰা ঠেং (Swimming feet): পানীত সাঁতোৰা চৰাইবোৰৰ ঠেঙৰ আঙুলিৰ মাজত জালিকা থাকে। হাঁহ, পানী কাউৰী।
6. খামুচি ধৰিব পৰা ঠেং (Grasping feet): এইবোৰ ঠেঙৰ দ্বাৰা চৰাইটোৱো ভক্ষ প্রাণীক চিকাৰ কৰি আটক কৰিব পাৰে আৰু ভক্ষ প্রাণীটোক কঢ়িয়াই লৈ যাব পাৰে। ইহঁতৰ চাৰিওটা আঙুলি শক্তিশালী আৰু হাঁকোটাবোৰ অতি তীক্ষ্ন। উদাহৰণ: ফেঁচা, ঈগল. চিলনী।
7. দ্রূতবেগী ঠেং (Cursorial or running feet): উৰিব নোৱাৰা চৰাইবোৰৰ ঠেংবোৰ শক্তিশালী আৰু আঙুলিৰ সংখ্যা কম। ইহঁতৰ টাৰছ’মেটাটাৰছাছ হাড়ডাল দীঘল। উদাহৰণ: উট চৰাই, ইমু, ৰিয়া।
8. ৱাডিং ঠেং (Wading feet): ৱাডিং ঠেংবোৰ পানীত থকা বোকাত খোজ কাঢ়িবলৈ ব্যৱহাৰ কৰা ঠেং। ইহঁতৰ টাৰছ’মেটাটাৰছাছ আৰু ভৰিৰ আঙুলিবোৰ দীঘল তথা চুঙা আকৃতিৰ। উদাহৰণ: বগলী জাতীয় চৰাই।
 
 
 
"https://as.wikipedia.org/wiki/চৰাই"ৰ পৰা অনা হৈছে