হোক্কাইডো: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

1 নং শাৰী:
'''হোক্কাইডো''' {{En|Hokkaido|北海道|Hokkaidō|আক্ষৰিক "উত্তৰ সমুদ্ৰৰ [[wikt:বৰ্ত্ম|বৰ্ত্ম]]"|{{IPA-ja|hokkaidoː|lang|ja-hokkaido.ogg}}}} হৈছে জাপানৰ দ্বিতীয় বৃহত্তম দ্বীপ আৰু বৃহত্তম তথা একেবাৰে উত্তৰত অৱস্থিত প্ৰশাসনিক অঞ্চল। অতীতত এই দ্বীপৰ বিভিন্ন নাম আছিল, যেনে '''এযো''', '''য়েযো''', '''য়েছো''' আদি। হোক্কাইডো [[হোনশু]] দ্বীপৰ পৰা তসুগাৰু প্ৰণালীৰ দ্বাৰা বিচ্ছিন্ন।<ref name="nussbaum343">[[Louis Frédéric|Nussbaum, Louis-Frédéric]]. (2005). "Hokkaido" in ''জাপান বিশ্বকোষ'', p. 343|page=343</ref> সমুদ্ৰৰ তলেৰে সেইকান সুৰংগৰ মাজেৰে দুই দ্বীপৰ মাজত ৰেল যোগাযোগ ব্যবস্থা আছে। ৰাজধানী চহৰ ছাপ্পোৰো হ'ল হোক্কাইডোৰ বৃহত্তম নগৰ। এই সমগ্ৰ দ্বীপ চৰকাৰী অধ্যাদেশৰ মাধ্যমে প্রত্যয়িত একমাত্ৰ নগৰ।
==ইতিহাস==
আইনু, নিভ্‌খ্‌ আৰু উৰোক জনজাতি আছিল প্ৰাকঐতিহাসিক হোক্কাইডো দ্বীপত<ref name="Japan Handbook p760">''জাপান হাতবই'', p. 760</ref> প্ৰথম বসতি স্থাপন কৰা মানৱ জনগোষ্ঠী।<ref>"[http://news.bbc.co.uk/2/hi/asia-pacific/7437244.stm অবশেষে জাপানে আইনুদের স্বীকৃতি ]". BBC News. July 6, 2008</ref> নথিবদ্ধ ইতিহাসত হোক্কাইডোৰ প্ৰথম উল্লেখ পোৱা যায় ৭২০ খ্ৰীঃত ৰচিত ''[[নিহন শোকি]]'' নামৰ গ্ৰন্থত। এই গ্ৰন্থ অনুযায়ী ৬৫৮ৰ পৰা ৬৬০ খ্ৰীঃত আবে নো হিৰাফু নামৰ এজন সামৰিক অধিকৰ্তাই এক বিশাল নৌ বাহিনী আৰু সেনাবাহিনী লৈ উত্তৰৰ সমুদ্ৰৰ পৰা অভিযান চলাই আৰু মিছিহাছে তথা এমিছি জনগোষ্ঠীৰ সংস্পৰ্শলৈ আহে। হিৰাফু যিবোৰ অঞ্চললৈ গৈছিল তাৰ ভিতৰত এটা অঞ্চল আছিল {{nihongo|ৱাতাৰিছিমা|渡島}}। এই স্থানকেই অনেকে বৰ্তমানৰ হোক্কাইডো বুলি কব বিচাৰে। অৱশ্যে এই গ্ৰন্থখনৰ তথ্য সম্পৰ্কে অনেকে অনেক ধৰণৰ ব্যাখ্যা আগবঢ়ায়। এটা ব্যাখ্যা অনুযায়ী ৱাতাৰিছিমাৰ এমিছি জনগোষ্ঠীয়েই বৰ্তমানৰ হোক্কাইডোবাসী জনতা।জনতা '''আইমু'''।
 
[[নাৰা যুগ|নাৰা]] আৰু [[হেইয়ান যুগ]]ত (৭১০-১১৮৫ খ্ৰীঃ) দেৱা প্ৰদেশ নামৰ জাপান চৰকাৰৰ এটা ঘাটিৰ লগত বাণিজ্য কৰিছিল। [[জাপানৰ ইতিহাস#জাপানৰ মধ্যযুগ|মধ্যযুগ]]লৈকে হোক্কাইডোৰ অধিবাসীসকলক এযো বুলি মাতিবলৈ আৰম্ভ কৰা হয় আৰু হোক্কাইডোৰ নাম হয় এযোচি<ref>{{cite book|last1=McClain|first1=James L.|title=Japan, A Modern History|date=2002|publisher=W.W. Norton & Company|location=New York, N.Y.|isbn=0-393-04156-5|page=285|edition=First}}</ref> {{nihongo|এযোচি|蝦夷地||অৰ্থ "এযো-ভূমি"}} বা {{nihongo|এযোগাছিমা|蝦夷ヶ島||আক্ষৰিক "এযোৰ দ্বীপ"}}। এযোৰ মূল জীৱিকা আছিল চিকাৰ আৰু মাছ ধৰা। চাল আৰু লো তেওঁলোকে জাপানী সকলৰ পৰা আমদানি কৰিছিল।
{{nihongo|এযোচি|蝦夷地||অৰ্থ "এযো-ভূমি"}}<ref>{{cite book|last1=McClain|first1=James L.|title=Japan, A Modern History|date=2002|publisher=W.W. Norton & Company|location=New York, N.Y.|isbn=0-393-04156-5|page=285|edition=First}}</ref> বা {{nihongo|এযোগাছিমা|蝦夷ヶ島||আক্ষৰিক "এযোৰ দ্বীপ"}}। এযোৰ মূল জীৱিকা আছিল চিকাৰ আৰু মাছ ধৰা। চাল আৰু লো তেওঁলোকে জাপানী সকলৰ পৰা আমদানি কৰিছিল।
 
[[মুৰোমাচি যুগ]]ত (১৩৩৬-১৫৭৩) জাপানী সকলে উছিমা উপদ্বীপৰ দক্ষিণে এটি জনপদ স্থাপন কৰে। যুদ্ধৰ শেষত ক্ৰমশঃ অধিক সংখ্যক জাপানী এই জনপদলৈ আহিবলৈ আৰম্ভ কৰে। জাপানী আৰু আইনু সকলৰ মাজত বিবাদ আৰম্ভ হয়। এই বিবাদ ক্ৰমশঃ বাঢ়ি বাঢ়ি যুদ্ধৰ ৰূপ লয়। ১৪৫৭ খ্ৰীঃত তাকেদা নোবুহিৰোৰ হাতত আইনু নেতা কোছামাইন নিহত হয় আৰু জাপানী সকলে আইনু সকলক পৰাস্ত কৰে।<ref name="Japan Handbook p760" /> নোবুহিৰোৰ উত্তৰ পুৰুষ সকলে হোক্কাইডোত মাৎসুম পৰিয়ালৰ শাসন বলবৎ কৰে। এই পৰিয়ালে [[আযুচি-মোমোইৱামা যুগ|আযুচি-মোমোইৱামা]] আৰু [[এদো যুগ]]ত (১৫৬৮-১৮৬৮ খ্ৰীঃ) আইনু সকলৰ সৈতে বাণিজ্যৰ একচ্ছত্র অধিকাৰ লাভ কৰে। মাৎসুমে পৰিয়ালৰ সমৃদ্ধি এই বাণিজ্যৰ ওপৰতেই নিৰ্ভৰশীল আছিল। দক্ষিণ এযোচিত ১৮৬৮ পৰ্যন্ত তেওঁলোকৰে কৰ্তৃত্ব আছিল।
 
==তথ্য সংগ্ৰহ==
{{Reflist}}
"https://as.wikipedia.org/wiki/হোক্কাইডো"ৰ পৰা অনা হৈছে