আৰৱ সাগৰ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

নতুন পৃষ্ঠা: {{Infobox lake |name=আৰৱ সাগৰ Arabian Sea |image= |caption= |image_bathymetry=Arabian Sea map.png |caption_bathymetry= |location= |coords={{coord|18...
 
30 নং শাৰী:
খ্ৰীষ্টপূৰ্ব দুই হাজাৰৰ পৰা তিনি হাজাৰ বছৰ আগৰ পৰায়ে আৰৱ সাগৰ অতি গুৰুত্বপূৰ্ণ সামুদ্ৰিক বাণিজ্যৰ পথ আছিল। ইয়াৰ পাৰত অৱস্থিত উল্লেখযোগ্য বন্দৰ সমূহ হল: [[মুম্বাই]]ৰ জৱাহৰলাল নেহৰু বন্দৰ, কাণ্ডলা বন্দৰ, [[গোৱা]]ৰ মৰ্মগাঁও, [[পাকিস্তান]]ৰ [[কৰাচী]] আৰু গৱাদাৰ বন্দৰ আৰু ওমানৰ চালালাহ বন্দৰ। আৰৱ সাগৰৰ বৃহত্তম দ্বীপসমূহ হল: য়েমেনৰ ছ'ক'ট্ৰা, ওমানৰ মাশীৰাহ, পাকিস্তানৰ অষ্টলা দ্বীপ আৰু ভাৰতৰ এন্ডৰত।
==বৰ্ণনা==
[[File:Arabian Sea - October 2012.jpg|thumb|left|মহাকাশৰ পৰা তোলা আৰৱ সাগৰৰ ছবি]]
[[File:PeriplusAncientMap.jpg|thumb|right| ১৭ শতিকাৰ আৰৱ সাগৰৰ মানচিত্ৰ]]
আৰৱ সাগৰৰ আয়তন ৩৮,৬২,০০০ বৰ্গ কিলোমিটাৰ<ref>[http://www.britannica.com/EBchecked/topic/31653/Arabian-Sea Arabian Sea], Encyclopædia Britannica</ref>। ইয়াৰ সৰ্বোচ্চ প্ৰস্থ প্ৰায় ২,৪০০ কিলোমিটাৰ আৰু ইয়াৰ সৰ্বনিম্ন গভীৰতা ৪,৬০০ মিটাৰ।<ref>http://ibis.grdl.noaa.gov/cgi-bin/bathy/bathD.pl</ref>। সিন্ধু নদ আৰৱ সাগৰলৈ প্ৰবাহিত সৰ্ববৃহৎ নদী।
 
আৰৱ সাগৰৰ দুটা গুৰুত্বপূৰ্ণ শাখা আছে। প্ৰথমটো হল এডেন উপসাগৰ দক্ষিণ-পশ্চিমে বাব-আল-মান্দিবকে লোহিত সাগৰৰ লগত সংযোগ কৰিছে। দ্বিতীয়টো ওমান উপসাগৰ যি উত্তৰ-পূবে পাৰস্য বা পাৰ্ছীয়ান উপসাগৰক আৰৱ সাগৰৰ লগত সংযোগ কৰিছে।
 
[[ছুমালিয়া]], [[জিবুতি]], [[য়েমেন]], [[ওমান]], [[ইৰাণ]], [[পাকিস্তান]], [[ভাৰত]] আৰু [[মালদ্বীপ| মালদ্বীপৰ ]] লগত আৰৱ সাগৰৰ সংযোগ আছে। কেইখনমান বৃহৎ চহৰ যেনে [[কৰাচী]], পানিশী, ওৰমাৰা, এডেন, [[মাছকট]], [[মুম্বাই]], কেটি, [[সালালাহ]] আৰু দুকুম আৰৱ সাগৰৰ তীৰত অৱস্থিত।
[[File:Map of the Periplus of the Erythraean Sea.jpg|thumb|left| আৰৱ সাগৰৰ বিভিন্ন বাণিজ্য পথ]]
অতীজৰে পৰা কেইবা শতিকা ধৰি আৰৱ বণিকসকলে বিভিন্ন মহাদেশত ব্যৱসায় বাণিজ্য কৰাৰ বাবে আৰৱ সাগৰক বাণিজ্য পথ হিচাপে ব্যৱহাৰ কৰি আহিছে। খ্ৰীষ্টপূৰ্ব দ্বিতীয় সহস্ৰাব্দ নৌযাত্ৰাৰ সহস্ৰাব্দ বোলা হয়। আৰৱ সাগৰৰ ক্ৰমবৰ্ধমান নৌযাত্ৰাৰ সূচনা ফলতেই এই অঞ্চল অতীতত অতি সমৃদ্ধিশীল অঞ্চলত পৰিগণিত হৈছিল।
 
অতি প্ৰাচীন সভ্যতা সমূহ এই আৰৱ সাগৰৰ তীৰৰ আশে পাশে গঢ় লৈ উঠিছিল। এই সভ্যতা সমূহত পণ্যদ্ৰৱ্য আৰু মালবস্তু পৰিবহণৰ বাবে আৰৱ সাগৰৰ পাৰত কেইবাটাও সৰু সৰু বন্দৰ তৈয়াৰ কৰি লৈছিল। ইয়াৰ ভিতৰত [[মিছৰীয় সভ্যতা]], আলেক্সজেন্দ্ৰীয়া সভ্যতা আৰু [[সিন্ধু সভ্যতা]] অন্যতম। বৰ্তমানেও আৰৱ সাগৰ সমগ্ৰ পৃথিৱীৰ বাবে এটি গুৰুত্বপূৰ্ণ বাণিজ্য পথ হিচাপে পৰিচিত।
==তথ্য উৎস==
{{reflist}}
"https://as.wikipedia.org/wiki/আৰৱ_সাগৰ"ৰ পৰা অনা হৈছে