সংযুক্ত আৰৱ আমিৰাত: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

নতুন পৃষ্ঠা: {{Infobox Country |conventional_long_name = সংযুক্ত আৰৱ আমিৰাত |native_name = {{lang|ar|دولة الإمارا...
 
61 নং শাৰী:
 
সংযুক্ত আৰৱ আমিৰাত মৰুময় দেশ। ইয়াৰ উত্তৰে পাৰস্য উপসাগৰ, দক্ষিণ আৰু পশ্চিমে [[চৌদি আৰৱ]], আৰু পূবত [[ওমান]] আৰু ওমান উপসাগৰ। ১৯৫০ৰ দশকত খাৰুৱা তেল আৱিষ্কাৰৰ আগতে সংযুক্ত আৰৱ আমিৰাত মূলত ব্ৰিটিছ চৰকাৰৰ অধীন কিছুমান অনুন্নত অঞ্চলৰ সমষ্টি আছিল। খনিজ তেল শিল্পৰ বিকাশৰ লগে লগে এই অঞ্চলৰ দ্ৰুত উন্নতি আৰু আধুনিকৰণ ঘটে। ফলত ১৯৭০ৰ দশকৰ আৰম্ভণিতে আমিৰাত সমূহ ব্ৰিটিছৰ নিয়ন্ত্ৰণ পৰা ওলাই নিজক স্বাধীন ঘোষণা কৰে। দেশখনৰ খাৰুৱা তেলৰ বেছি ভাগ আবু ধাবিত পোৱা যায়। ফলত ই সাতখন আমিৰাতৰ ভিতৰত আটাইতকৈ ধনী আৰু শক্তিশালী। তেল শিল্পৰ কাৰণে ইয়াৰ অৰ্থনীতি স্থিতিশীল আৰু জীৱনযাত্ৰাৰ মান বিশ্বৰ সৰ্বোচ্চ সমূহৰ ভিতৰত অন্যতম।
 
== ইতিহাস ==
খ্ৰীষ্টপূৰ্ব ৫৫০০ বছৰ আগৰ পৰা সংযুক্ত আমিৰাতত প্তথম মানৱ বসতিৰ সন্ধান পোৱা যায়। সেই সময়ত বিশ্বৰ আন আন ঠাইৰ লগত যোগাযোগ বুলিলে উত্তৰ- পশ্চিমৰ মেছোপটেমিয়া সভ্যতাৰ লগত যোগাযোগৰ প্ৰমাণ পোৱা যায়। হাজৰ পৰ্বতত প্টাপ্ত তামেৰে ব্যৱসায়ৰ মাধ্যমত ৩০০০ খ্ৰীষ্টপূৰ্বৰ পৰা মেছোপটেমিয়াৰ লগত এই যোগাযোগ দীর্ঘস্থায়ী আৰু বিস্তৃত হয়। প্ৰথম শতাব্দীৰ পৰা ভূমি পথেৰে [[চিৰিয়া]] আৰু [[ইৰান]]ৰ দক্ষিণাংশৰ লগত যোগাযোগ আৰম্ভ হয়। পৰৱৰ্তী সময়ত ওমানা বন্দৰৰ(বৰ্তমান ওম্ম-আল-কোয়াইন) মাধ্যমত সমুদ্ৰ পথেৰে ভাৰতৰ লগত যোগাযোগ আৰম্ভ হয়।