চৰাই: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

311 নং শাৰী:
চৰকাৰ তথা পৰিৱেশ সংৰক্ষণৰ কৰ্মী সকলে উপযুক্ত আইনৰ সহায় লৈ আৰু পৰিৱেশ restoration (ecological restoration) ৰে চৰাইৰ বাসস্থানৰ প্ৰতিৰক্ষা দিয়ে বা প্ৰয়োজন সাপেক্ষে captive breeding আৰু পুনৰ সংস্থাপন (reintroduction)ৰ বাবেও পদক্ষেপ হাতত লোৱা দেখা যায়৷ এনে পদক্ষেপসমূহ আংশিক ভাৱে হ'লেও সফল হৈছে বুলি কব পাৰি৷ এটা গৱাষণাত গম পোৱা গৈছিল যে এনেধৰণৰ পসক্ষেপ সমূহে ১৯৯৪ ৰ পৰা ২০০৪ ৰ ভিতৰত অতি কমেও ১৬ বিধ চৰাইৰ প্ৰজাতি বিলুপ্ত হোৱাৰ পৰা ৰক্ষা কৰিব পাৰিছে৷<ref>{{cite journal | doi = 10.1017/S0030605306000950 | last1 = Butchart | first1 = S | last2 = Stattersfield | first2 = A | last3 = Collar | first3 = N | year = 2006 | title = How many bird extinctions have we prevented? | url = http://www.birdlife.org/news/news/2006/08/butchart_et_al_2006.pdf | journal = Oryx | volume = 40 | issue = 3| pages = 266–79 }}</ref>
{{-}}
=====চৰাইৰ উৰণ পেশী আৰু উৰণ ক্ৰিয়াবিধি (Flight muscles and mechanism of flight in birds)======
'''উৰণ পেশী''': চৰাইবোৰে ডেউকা দুখন ওপৰ তলকৈ কোৱাই বতাহত উৰিব পাৰে। চৰাইৰ আগ ঠেং দুখন ৰূপান্তৰিত হৈ ডেউকাৰ সৃষ্টি হৈছে। উৰণ কার্যৰ বাবে চৰাইৰ কিছুমান শক্তিশালী উৰন পেশী থাকে। এই পেশীবোৰ উৰোস্থি (Sternum) আৰু উৰোস্থিৰ তলত থকা তৰীদলৰ (Keel) লগত সংযুক্ত হৈ থাকে। উৰণ পেশীবোৰ যথেষ্ট ডাঙৰ। এই উৰণ পেশীবোৰৰ বিষয়েপেশীবোৰ তলত আলোচনা কৰাদিয়া হ’ল।ধৰণৰ।
 
1. বক্ষ পেশী (Pecoral muscles):
উৰণ কার্যত সহায় কৰিবলৈ অতি প্রয়োজনীয় পেশী হ’ল বক্ষ পেশী। ই দুই প্রকাৰৰ, যেনে – বৃহৎ বক্ষ পেশী (Pectoralis major) আৰু লঘূ বক্ষ পেশী (Pectoralis minor)। এই পেশীবোৰৰ কাম হ’ল ডেউকা দুখনক টানি আৰু এৰি দি ডেউকা দুখনক তল- ওপৰ কৰোৱা। এই পেশী দুটা উৰোস্থিৰ তৰীদল আৰু ডেউকাত লাগি থাকে।
A.*ক) বৃহৎ বক্ষ পেশী (Pectoralis major): তৰীদল (Keel) আৰু জক্ৰকৰ (Clavicle) অংকদেশৰ দুয়োফালৰ পৰা বৃহৎ বক্ষ পেশী দুটুকুৰা মুক্ত হৈ চৰাইটোৰ বুকু অংশৰ সৃষ্টি কৰিছে। ই ত্ৰিভূজ আকৃতিৰ আৰু আন পেশীবোৰতকৈ আকৃতিত ডাঙৰ আৰু শক্তিশালী। বৃহৎ পেশীৰ সম্মুখৰ পিনে থকা বহল আৰু চেপেটা কণ্ডৰাডাল (Tendon) হিউমেৰাছৰ মুণ্ডৰ অংকীয় দিশত সোমাই পৰে। এই পেশীয়ে ডেউকাখনক তলৰ পিনে টানি অনাত সহায় কৰে। এই পেশীৰ সংকোচনৰ সময়ত ডেউকাখন তলৰ পিনে নামি আহে আৰু সম্মুখৰ পিনে আগবাঢ়ি যায়। ইয়াৰ ক্ৰিয়াৰ ফলত চৰাইটো ওপৰলৈ উঠিব পাৰে আৰু বতাহৰ মাজেৰে সম্মুখৰ পিনে আগুৱাব পাৰে।
B.*খ) লঘূ বক্ষপেশী (Pectoralis minor): সৰু আৰু দীঘলীয়া আকৃতিৰ অংকীয় বক্ষপেশীয়ে চৰাইৰ ডেউকাখন ওপৰলৈ উঠোৱাত সহায় কৰে। চৰাইৰ এই লঘূ বক্ষপেশীটো বৃহৎ বক্ষপেশীৰ তলৰফালে তৰীদল আৰু দেহৰ মাজৰ কোণটোত লাগি থাকে। পেশীটোৰ সম্মুখৰ ফালে থকা দীঘল আৰু ঠেক কণ্ডৰাডাল ত্ৰি অস্থি ৰন্ধ্রৰ (Foramen triossum) মাজেদি সোমাই সোমাই ওপৰলৈ উঠি হিউমেৰাছৰ মুণ্ডৰ ট্রচেন্টাৰত (Trochanter) সোমায়। ত্ৰি অস্থি ৰন্ধ্রটো ক্লেভিক’ল (Clavicle), কোৰাক’ইড (Coracoid) আৰু স্কাপুলাৰ মাজত থকা এটা ফাক বা খোলা অংশ। লঘূ বক্ষ পেশীয়ে ডেউকাখন ওপৰলৈ উঠোৱাত সহায় কৰে বাবে ইয়াক উত্তোলন পেশী (Elevator muscle) বোলা হয়। এই পেশীৰ সংকোচন ঘটিলে ইয়াৰ লগত সংযুক্ত কণ্ডৰাডালে হিউমেৰাছডালক পিছলৈ আৰু ওপৰলৈ টানে বাবে উৰণৰ সময়ত ডেউকাখন ওপৰলৈ ডাং খাই উঠে। এই কার্যত ত্ৰি অস্থি ৰন্ধ্রটোৱে কপিকলৰ দৰে কাম কৰে।
 
২. সহায়ক পেশী (Accessory muscles):
চৰাইৰ উৰণ ক্ৰিয়াত সহায় কৰিবলৈ বক্ষ পেশীৰ উপৰিও আন কিছুমান সহায়ক পেশীও থাকে। বক্ষ পেশীৰ ঠিক তলতে ত্ৰিভূজ আকৃতিৰ কৰাক’ব্রেকিয়েলিছ লংগাছ (Coraco brachialis longus) নামৰ আন এটুকুৰা পেশী থাকে। এই পেশীটো কোৰাককিড আৰু উৰোস্থিৰ পর্শুকী বা কষ্টেল প্রবর্ধৰ (Costal process) পৰা ওলায় আৰু ইয়াৰ ঠেক কণ্ডৰা অংশ প্রগণ্ডিআস্থি মুণ্ডৰ পিছফালে লাগি থাকে। এই প্রশীয়ে ডেউকাখনত তললৈ নমোৱাত সহায় কৰে। ইয়াৰ উপৰিও কৰাক’ব্রেকিয়েলিছ লংগাছৰ (Coraco brachialis longus) সম্মুখৰ পিনে কৰাক’ ব্রেকিয়েলিছ ব্রিভিছ (Coraco brachialis brevis) নামৰ আন এটুকুৰা সৰু ঠেক পেশীয়েও উৰণত সহায় কৰে।
 
আভ্যন্তৰিক পেশী (Intrensic muscles):
৩. আভ্যন্তৰিক পেশী (Intrensic muscles): আভ্যন্তৰিক পেশীবোৰো উৰণৰ বাবে আতি লাগতিয়াল। ইয়াৰে ভিতৰত বাহুৰ বাইচেপ (Biceps) আৰু ট্রাইচেপ (Triceps) পেশী উল্লেখযোগ্য। এই পেশী দুটাই উৰণৰ সময়ত কিলাকুটিটো ঘূৰোৱাত সহায় কৰে। পূর্ব-বাহুৰ (Fore arm) এক্সটেনছৰ কার্পি ৰেডিয়েলিছ (Extensor carpi radialis) আৰু এক্সটেনছৰ কার্পি আলনেৰিছ (Exensor carpi ulnaris) নামৰ পেশী দুটাই ডেউকাখন জপোৱা আৰু মেলাত সহায় কৰে। আকৌ দুডাল ব্রেকিঅ’ ৰেডিয়েলিছ (Brachio-radialis) পেশীয়ে ৰেডিয়াছ (Radius) অস্থিডালক ঘূৰোৱাত সহায় কৰে। অতিশয় হ্রাসপ্রাপ্ত ডিজিটেল পেশীবোৰে (Digital muscles) উৰণৰ সময়ত পৃথক অংশসমূহ আনকি পাখিবিলাককো ঘুৰা মেলাত সহায় কৰে। আন এটুকুৰা পলিছিছ পেশীয়ে প্রথম আঙুলিত লাগি থকা এলুলা বা বাষ্টার্ড ডেউকাখনক (Alula or bastard wing) স্বাধীন ভাবে লৰাচৰা কৰাত সহায় কৰে।
 
৪. তানিকা পেশী (Tensor muscles):
উৰণৰ সময়ত চৰাইটোৱে ডেউকাখন মেলাৰ সময়ত টেন্সৰ লংগাছ (Tensor longus), টেন্সৰ ব্রিভিছ (Tensor brevis) আৰু টেন্সৰ এক্সেছৰিয়াছ (Tensor accessorius) নামৰ তিনিবিধ তানিকা পেশীয়ে প্রি-পেটাজিয়ামখন (Pre-patagium) সম্পূর্ণকে মেলি ৰাখে। এনে ধৰণৰ আন এটুকুৰা টেন্সৰ পষ্টিৰিয়াছ (Tensor posterius) নামৰ পেশীয়ে উৰণৰ সময়ত পেটাজিয়ামখনক (Patagium) বহলকৈ মেলি ৰাখে।
উৰণ ক্ৰিয়াবিধি (Mechanism of Flight):
চৰাইৰ আকৃতি অনুসৰি উৰণৰ আৰম্ভণি ক্ৰিয়াবিধিও বেলেগ হয়। সৰু চৰাইবোৰে উৰাৰ আগে আগে ঠেং দুখনৰ সহায়ত এটা জাপ মাৰে। এই জাপটোৱে উৰিবৰ বাবে চৰাইটোক শক্তি যোগায়। ডাঙৰ আকৃতিৰ চৰাইৰ ক্ষেত্ৰত উৰণ কার্যৰ আৰম্ভণিৰ বাবে যথেষ্ট শক্তিৰ প্রয়োজন হয়। সেয়েহে শক্তি গোটাবৰ বাবে চৰাইটোৱে প্রথমতে কিছুদূৰ জোৰেৰে দৌৰ মাৰে নাইবা সাঁতোৰে যাতে মাটি এৰি বতাহত যাবলৈ পর্যাপ্ত পৰিমাণে বল আৰু উল্লাস পায়। উৰাৰ আৰম্ভণিত চৰাইটোৱে ডেউকাখন তলমুৱাকৈ আৰু পিছৰ ফালে কোৱাবলৈ ধৰে যাৰ ফলত প্রকৃত উৰণ আৰম্ভ হয়। আকৌ নামিবৰ সময়ত ডেউকা দুখন ওপৰলৈ আৰু আগলৈ কোৱাই কোৱাই চৰাইটো মাটিলৈ বা নির্দিষ্ট স্থানলৈ নামি আহে। চৰাইৰ প্রকৃত উৰণ পেশী হ’ল বৃহৎ বক্ষ পেশী। বৃহৎ বক্ষ পেশীৰ সংকোচনে ডেউকাখনক তলৰপিনে কোবাবলৈ শক্তি যোগায় যাৰ ফলত চৰাইটো ওপৰলৈ উঠে। ডেউকা দুখন তললৈ কোবোৱাৰ ফলত উত্তোলন বলৰ (Lift force) সৃষ্টি হয় আৰু চৰাইটো ওপৰলৈ উঠিবলৈ ধৰে। আকৌ বতাহৰ সোঁত ডেউকাৰ ওপৰেদি যোৱাৰ ফলত ওপৰৰ বায়ু চাপ কম হয় আৰু ইও চৰাইটোক কিছু ওপৰলৈ উঠাত সহায় কৰে।
লঘূ বক্ষ পেশীৰ সংকোচনে ডেউকা দুখনক ওপৰলৈ কোবোৱাত সহায় কৰে। ওপৰ ফালে কোবোৱাৰ ফলত ডেউকা দুখন আংশিক ভাবে জাপ খায় আৰু ডেউকাৰ মাজেৰে বায়ু পাৰ হৈ যাব পাৰে। ইয়াৰ ফলত চৰাইটো লাহে লাহে তললৈ নামি আহিবলৈ ধৰে।
চৰাইৰ পুচ্ছ পাখিসমূহে বঠাৰ দৰে কাম কৰে। পুচ্ছ পাখিসমূহ ওপৰলৈ ডাঙি ধৰিলে চৰাইটো ওপৰমূৰা হয় আৰু তলফালে নমাই দিলে চৰাইটো তলমূৱা হয়। নামিবৰ সময়ত চৰাইটোৱে পুচ্ছ পাখিবোৰ তললৈ নমাই দি বিছনীৰ দৰে কোবাৱাৰ ফলত ব্রেকৰ কাম কৰে আৰু লগে লগে ই ঠেং দুখন তললৈ নমাই দি গছৰ ডালত বা আন কোনো ঠাইত নামি পৰে।
 
'''উৰণ ক্ৰিয়াবিধি (Mechanism of Flight)''': চৰাইৰ আকৃতি অনুসৰি উৰণৰ আৰম্ভণি ক্ৰিয়াবিধিও বেলেগ হয়। সৰু চৰাইবোৰে উৰাৰ আগে আগে ঠেং দুখনৰ সহায়ত এটা জাপ মাৰে। এই জাপটোৱে উৰিবৰ বাবে চৰাইটোক শক্তি যোগায়। ডাঙৰ আকৃতিৰ চৰাইৰ ক্ষেত্ৰত উৰণ কার্যৰ আৰম্ভণিৰ বাবে যথেষ্ট শক্তিৰ প্রয়োজন হয়। সেয়েহে শক্তি গোটাবৰ বাবে চৰাইটোৱে প্রথমতে কিছুদূৰ জোৰেৰে দৌৰ মাৰে নাইবা সাঁতোৰে যাতে মাটি এৰি বতাহত যাবলৈ পর্যাপ্ত পৰিমাণে বল আৰু উল্লাস পায়। উৰাৰ আৰম্ভণিত চৰাইটোৱে ডেউকাখন তলমুৱাকৈ আৰু পিছৰ ফালে কোৱাবলৈ ধৰে যাৰ ফলত প্রকৃত উৰণ আৰম্ভ হয়। আকৌ নামিবৰ সময়ত ডেউকা দুখন ওপৰলৈ আৰু আগলৈ কোৱাই কোৱাই চৰাইটো মাটিলৈ বা নির্দিষ্ট স্থানলৈ নামি আহে। চৰাইৰ প্রকৃত উৰণ পেশী হ’ল বৃহৎ বক্ষ পেশী। বৃহৎ বক্ষ পেশীৰ সংকোচনে ডেউকাখনক তলৰপিনে কোবাবলৈ শক্তি যোগায় যাৰ ফলত চৰাইটো ওপৰলৈ উঠে। ডেউকা দুখন তললৈ কোবোৱাৰ ফলত উত্তোলন বলৰ (Lift force) সৃষ্টি হয় আৰু চৰাইটো ওপৰলৈ উঠিবলৈ ধৰে। আকৌ বতাহৰ সোঁত ডেউকাৰ ওপৰেদি যোৱাৰ ফলত ওপৰৰ বায়ু চাপ কম হয় আৰু ইও চৰাইটোক কিছু ওপৰলৈ উঠাত সহায় কৰে।
লঘূ বক্ষ পেশীৰ সংকোচনে ডেউকা দুখনক ওপৰলৈ কোবোৱাত সহায় কৰে। ওপৰ ফালে কোবোৱাৰ ফলত ডেউকা দুখন আংশিক ভাবে জাপ খায় আৰু ডেউকাৰ মাজেৰে বায়ু পাৰ হৈ যাব পাৰে। ইয়াৰ ফলত চৰাইটো লাহে লাহে তললৈ নামি আহিবলৈ ধৰে।
চৰাইৰ পুচ্ছ পাখিসমূহে বঠাৰ দৰে কাম কৰে। পুচ্ছ পাখিসমূহ ওপৰলৈ ডাঙি ধৰিলে চৰাইটো ওপৰমূৰা হয় আৰু তলফালে নমাই দিলে চৰাইটো তলমূৱা হয়। নামিবৰ সময়ত চৰাইটোৱে পুচ্ছ পাখিবোৰ তললৈ নমাই দি বিছনীৰ দৰে কোবাৱাৰ ফলত ব্রেকৰ কাম কৰে আৰু লগে লগে ই ঠেং দুখন তললৈ নমাই দি গছৰ ডালত বা আন কোনো ঠাইত নামি পৰে।
 
==তথ্য সংগ্ৰহ==
"https://as.wikipedia.org/wiki/চৰাই"ৰ পৰা অনা হৈছে