চলচ্চিত্ৰ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল এপ্‌ সম্পাদনা
21 নং শাৰী:
 
ফটো তুলিবলৈ 'চেলুলয়ড'ৰ 'ফিল্ম' আৱিস্কাৰ হোৱাৰ পাছতহৈ প্ৰকৃত চলচিত্ৰৰ জন্ম হয়। চেলুলয়ডৰ ফিল্ম দীঘল কৰিবপৰা গৈছিল বাবে তাত একেলগে কেবা হাজাৰ স্থিৰ চিত্ৰ একেলগে সুমুৱাব পৰা গৈছিল। ফিল্ম ব্যৱহাৰ হোৱাৰ আগতে ফটো তুলিবলৈ কাঁচৰ প্লেট ব্যৱহাৰ কৰা হৈছিল। ১৮৭৮ চনত ইংৰাজ ফটোগ্ৰাফাৰ [[ইডৱাৰ্ড মাইব্ৰিজ]]-এ (Eadweard Muybridge) আমেৰিকাত এটা দৌৰি থকা ঘোঁৰাৰ ২৪ খন ক্ৰমিক ছবি তোলে। এই ছবিসমূহত ঘোঁৰা এটাৰ দৌৰাৰ সময়ত হোৱা অংগ সঞ্চালনৰ ২৪ টা ক্ৰমিক ছবি আছিল। এয়েই আছিল চলচ্চিত্ৰৰ প্ৰথম আৰম্ভনি। অৱশ্যে তেতিয়াও ইয়াক চলচ্চিত্ৰ বোলা হোৱা নাছিল।<ref>Williams, Alan Larson (1992) [http://books.google.com/books?id=ESVZOghoi6kC&pg=PA17&dq=Eadweard+Muybridge+horse+-+english+photographer&hl=en&ei=755FTLKABoGBlAfFoKnBBA&sa=X&oi=book_result&ct=result&resnum=8&ved=0CFcQ6AEwBw#v=onepage&q=Eadweard%20Muybridge%20horse%20-%20english%20photographer&f=false Republic of images: a history of French filmmaking] Harvard University Press</ref> পাছত এই ছবি সমূহ কাগজত 'প্ৰিণ্ট' কৰি এটা ঘূৰি থকা ডাঙৰ বৰ্তুলাকাৰ আধাৰত একাদিক্ৰমে আঠা লগাই মানুহক দেখুওৱা হৈছিল। চাব লাগিছিল সৰু ফুটা এটাৰ মাজেৰে। তেনেদৰে চাই পঠিয়ালে ঘোঁৰাটোক আকৌ দৌৰি থকা দেখিবলৈ পোৱা গৈছিল। এই সঁজুলিটো ব্যৱসায়িক ভাৱে নিৰ্মান কৰা হৈছিল। আৰু পইচা সুমুওৱা সেইটো চাব পৰা ব্যৱস্থা আছিল। এয়েই আছিল চলচ্চিত্ৰৰ প্ৰাৰম্ভিক ৰূপ।
[[চিত্ৰ:LouisLePrinceFirstFilmEver RoundhayGardenScene.png|thumb|left|''Roundhay Garden Scene''-ৰ এখন স্থিৰ চিত্ৰ, চলচ্চিত্ৰগ্ৰহণ কেমেৰাৰে তোলা প্ৰথমখন চলচ্চিত্ৰ। ফটো তুলিছিল লুই দি প্ৰিন্স-এ (Louis Le Prince, চন ১৯৮৮১৮৮৮]]
 
প্ৰখ্যাত আৱিস্কাৰক [[থমাছ আলভা এডিছন]]-এ (Thomas Alva Edison) গতিশীল বস্তুৰ ক্ৰমিক ছবি তুলিব পৰা যন্ত্ৰ এটাৰ আৱিষ্কাৰত মনোনিবেশ কৰে। এই কামৰ বাবে ১৮৮৮ চনত তেওঁ সহযোগী [[উইলিয়াম ডিকছন]]-ক (William K.L. Dickson) দায়িত্ব দিয়ে। দুয়োজনে ক্ৰমিক ছবি তোলাৰ বাবে [[কাইনেট'গ্ৰাফ]] (Kinetograph) আৰু সেই ছবি চলমান অৱস্থাত চোৱাৰ বাবে [[কাইনেট'স্কোপ]] (Kinetoscope) নামৰ এবিধ যন্ত্ৰ উদ্ভাৱন কৰে। ১৮৯৪ চনত 'কাইনেট'স্কোপ' যন্ত্ৰ বজাৰত মুকলি কৰা হয়। এই যন্ত্ৰত এটা ফুটাৰে চলমান ছবি ছোৱাৰ ব্যৱস্থা আছিল। সেয়ে এবাৰত এজন ব্যক্তিয়ে ছবি দৰ্শন কৰিব পাৰিছিল। এই অসুবিধা আঁতৰ কৰিবলৈ প্ৰতিদ্বন্দী আৱিস্কাৰকে সেই ছবি পৰ্দাত ডাঙৰকৈ প্ৰক্ষেপ কৰিব পৰা ব্যৱস্থা সাজি উলিয়ায়। [[থমাছ এৰ্মাট]] (Thomas Armat) নিৰ্মিত এনে এটা যন্ত্ৰৰ আধাৰত এডিছনে নিজাকৈ এটা [[প্ৰজেক্টৰ]] (Projector) নিৰ্মান কৰে আৰু নাম দিয়ে [[ভিটাস্কোপ]] (Vitascope)।<ref>http://www.britannica.com/EBchecked/topic/179233/Thomas-Alva-Edison আহৰণ কৰা তাৰিখ: জুলাই ২৮, ২০১১</ref>
"https://as.wikipedia.org/wiki/চলচ্চিত্ৰ"ৰ পৰা অনা হৈছে