বুৰ্খাণ খাল্ডুন: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
10 নং শাৰী:
বিশ্ব ঐতিহ্য কমিটিৰ ৩৯তম্ অধিবেশনত বুৰ্খান খাল্ডুনক ৪ জুলাই ২০১৫ত ইউনেস্ক' বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতি প্ৰদান কৰা হ'ল, "গ্ৰে'ট বুৰ্খাণ খাল্ডুন মাউণ্টেইন এণ্ড ইটছ চাৰাউণ্ডিং চেক্ৰেড লেণ্ডস্কে'প" নামেৰে। কাৰণ চতুৰ্থ চৰ্ত্ত, যোৱা কেইবা সহস্ৰাব্দ ধৰি চলি অহা অনন্য পৰ্বত পূজা আৰু প্ৰকৃতি পূজাৰ সাংস্কৃতিক পৰম্পৰা আৰু ষষ্ঠ চৰ্ত্ত, ঐতিহাসিকভাৱে জনাজাত গুৰুতৰ গুৰুত্ব।<ref name="Land">{{Cite web|url=http://whc.unesco.org/en/list/1440|title=Great Burkhan Khaldun Mountain and its surrounding sacred landscape|accessdate=19 November 2015|access-date=19 November 2015|publisher=UNESCO Organization}}</ref>
 
==ধৰ্মীয় তাৎপৰ্য==
এই পৰ্বতটোৰ এক আধ্যাত্মিক গুৰুত্ব আছে যি মংগোলিয়াৰ অন্য কোনো পৰ্বতৰ ক্ষেত্ৰত দেখা পোৱা নাযায়, আৰু "মংগোলিয়াৰ অঘৰী লোকসকলৰ জীৱন যাত্ৰাৰ ঐতিহ্য তথা প্ৰথাগত পদ্ধতি"ক পূৰ্ণভাবে প্ৰতিনিধিত্ব কৰি মংগোলিয়াৰ জাতিসত্বাৰ “দোলনা” প্ৰতীকৰ মৰ্যাদা দিয়া হৈছে।
==উদ্ভিদজগত==
এই পৰ্বতত যিবোৰ উদ্ভিদ পোৱা যায় তাৰ ভিতৰত এছিয়া তৃনভূমিৰ অন্তৰ্গত আৰু ট্ৰাইগা সৰলবৰ্গীয় বনাঞ্চলৰ দ্বাৰা গঠিত। মংগোলিয়াৰ ৰঙা কিতাপত ২৮ বিধ উদ্ভিদ প্ৰজাতি লিপিবদ্ধ কৰা হৈছে, ১৫ টা অতি বিৰল প্ৰজাতি, আৰু ২৮ টা বিৰল প্ৰজাতি। আইইউচিএন ৰঙা তালিকাত যিবোৰ উদ্ভিদ লিপিবদ্ধ হৈছে সেইবোৰো ইয়াত পোৱা যায়, তাৰ ভিতৰত: ২ টা অতি বিপন্ন প্ৰজাতি, ৪ টা বিপন্ন প্ৰজাতি আৰু ৮ টা ক্ষতিৰ সম্মুখীন প্ৰজাতি আছে।
==প্ৰানীজগত==
খেন্টাই জিলাৰ বুৰ্খাণ খাল্ডুন পৰ্বতৰ প্ৰানী ভৌগলিক অঞ্চলৰ "ছটা বৰ্গৰ ২৭ টা গণৰ ৫০ প্ৰজাতিতকৈ বেছি স্তন্যপায়ী/পতংগভোজী আছে, ৪ টা প্ৰজাতিৰ হাইমেনপেট্ৰা, চাৰিটা প্ৰজাতিৰ লেগোৰফা, ১৯ টা প্ৰজাতিৰ তীক্ষ্ণদন্তী প্ৰাণী, ১৩ টা প্ৰজাতিৰ চিকাৰী, পাঁচটা প্ৰজাতিৰ তৃণভোজী প্ৰাণী, এটা প্ৰজাতিৰ সৰীসৃপ, আৰু ২৫৩ টা প্ৰজাতিৰ চৰাই বিদ্যমান।
== তথ্য সংগ্ৰহ ==
{{Reflist|30em}}