পাঞ্জাবাৰী: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
7 নং শাৰী:
 
প্ৰাচীনকালত পাঞ্জাবাৰী [[কামৰূপ সাম্ৰাজ্য]]ৰ অন্তৰ্গত আছিল ৷ পিছলৈ ই [[কোচ সাম্ৰাজ্য]]ৰ প্ৰত্যক্ষ নিয়ন্ত্ৰাধীন হয় ৷ [[মোগল]]ৰ আগমণত এই অঞ্চল কামৰূপৰ আন ঠাইসমূহৰ দৰে কামৰূপ পৰগণাৰ অন্তৰ্ভূক্ত হয় ৷ মোগলৰ শাসন শেষ হোৱাৰ অন্তত ই [[কোচ হাজো]]ৰ ভিতৰলৈ আহে ৷ ব্ৰিটিছৰ আগমণৰ লগে লগে কোচ ৰাজ্য বিভক্ত হৈ বিভিন্ন জমিদাৰীলৈ পৰিৱৰ্তন হয় ৷ পাঞ্জাবাৰী [[বেলতলা ]]জমিদাৰী আৰু পিছলৈ বেলতলা মৌজাৰ অন্তৰ্গত হয় ৷ পাঞ্জাবাৰীৰ গাওঁ পঞ্চয়ত বাঘৰবড়ীলৈ সলনি হয় ৷ পিছলৈ গুৱাহাটীৰ বহুমুখী পৰিকল্পনাত পাঞ্জাবাৰী এক অভিজাত বসতিলৈ ৰূপান্তৰিত হয় ৷ লগতে অসমৰ কলা-সংস্কৃতিৰ সৈতে জড়িত কাৰ্যালয়সমূহ ইয়ালৈ অনা হয় ৷
 
লোককথা মতে, পাঞ্জাবাৰীত ভূতপূৰ্ব জমিদাৰসকলৰ পাচখন বাৰী আছিল ৷ সংক্ষেপে পঞ্চবাৰী ৷ কিন্তু ইয়াত বসবাস কৰা জনজাতীয় লোক সকলৰ মুখত অপভ্ৰংশ হৈ পাঞ্জাবাৰীলৈ সলনি হয় ৷ এই অঞ্চলত এতিয়াও পৰি থকা পুখুৰী আৰু বহু বছৰ পুৰণি গছ-গছনি আৰু ফলৰ বাগানসমূহে তাৰে ইংগিত বহন কৰে ৷ দূৰ্ভাগ্যবশত: মহানগৰীৰ দ্ৰুত উন্নয়নৰ নামত সংৰক্ষণ কৰিব পৰা নগ'ল ৷ কিন্তু আবাসিক এলেকাৰ মাজে মধ্যে পৰা পুৰণি গছ আৰু পুখুৰী আৰু ভিতৰৰ জনজাতীয় বসতিয়ে গৌৰৱোজ্বল ইতিহাসৰ নিদৰ্শন দাঙি ধৰে ৷