ভ্ৰাম্যমাণ থিয়েটাৰ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
4 নং শাৰী:
==ভ্ৰাম্যমাণৰ জন্ম==
[[চিত্ৰ:অচ্যুত লহকৰ.jpg|thumb|right|250px|ভ্ৰাম্যমাণ থিয়েটাৰৰ জনক অচ্যুত লহকৰ]]
ভ্ৰাম্যমাণ থিয়েটাৰৰ জনকপিতৃপুৰুষ বুলি কোৱা হয় [[অচ্যুত লহকৰ]]ক। [[বৰপেটা]]ত ১৮৬০ চন মানত [[তিথিৰাম বায়ন]] নামৰ এজন নৃত্য-বাট্যবাদ্য বিশাৰদে প্ৰথমে অসমীয়া কলা-কুশলীৰে গঠিত যাত্ৰাদল গঠন কৰি অসমৰ বিভিন্ন স্থানত প্ৰদৰ্শন কৰি ফুৰিছিল। তেখেতৰ নাটক কেইখন আছিল 'দুৰ্য্যোধনৰ উৰু-ভংগ', 'ৰাম বনবাস' আৰু 'ৰাধিকাৰ মান ভঞ্জন'; ইয়াৰে প্ৰথমখন নাট আছিল বঙালী নাট্যকাৰৰ আৰু শেষৰ দুখন আছিল [[প্ৰসন্নলাল চৌধুৰী]]ৰ ককাকদেউতা [[গোবিন্দৰাম চৌধুৰী]]। ১৮৬০ চনৰপৰা আৰম্ভ কৰি ১৯৩০ চন পৰ্য্যন্ত ঘাইকৈ কামৰূপ আৰু গোৱালপাৰা জিলাত কেবাটাও এনে যাত্ৰা পাৰ্টি বা অপেৰা দল গঢ়ি উঠিছিল।
 
১৯১০ চনত পাঠশালাত নাট্যকাৰ অভিনেতা সন্তৰাম চৌধুৰীয়ে 'পাঠশালা থিয়েটাৰ পাৰ্টি' গঠন কৰি নাট্যদলৰ লগতে মঞ্চ আৰু মঞ্চাভিনয়ৰ সা-সঁজুলি কঢ়িয়াই লৈ যোৱাৰ প্ৰথা ম্ৰথমেপ্ৰথমে অৱলম্বন কৰিছিল। ১৯৩০ চনত [[ব্ৰজনাথ শৰ্মা]]ই গঠন কৰা [[কহিনুৰ অপেৰা পাৰ্টি]] বিপুল ভাৱে জনপ্ৰিয় হৈছিল আৰু সমগ্ৰ অসম ভ্ৰমণ কৰি নাট্য প্ৰদৰ্শন কৰিছিল। কহিনুৰ অপেৰাই স্বয় নিৰ্ভৰশীলস্বয়ংনিৰ্ভৰশীল ভাৱে পৰিভ্ৰমীপৰিভ্ৰমণকাৰী নাট্যনুষ্ঠান গঠন কৰাত বিশেষ বৰঙনি যোগাইছিল। কহিনুৰ অপেৰাতে অসমত প্ৰথমবাৰৰ বাবে সহ-অভিনয়ৰ পাতনি মেলা হৈছিল বুলি জনা যায়।<ref name=hist>কিশোৰ কুমাৰ কলিতা (লেখক-সংকলক), ''ভ্ৰাম্যমাণ থিয়েটাৰৰ ইতিহাস (প্ৰথম খণ্ড)'', সদৌ অসম ভ্ৰাম্যমাণ থিয়েটাৰ প্ৰযোজক সংস্থা, ফেব্ৰুৱাৰী, ২০১১ </ref> (বৰ্তমানে কহিনুৰ অপেৰাৰ আগেয়েও অসমত সহ-অভিনয়ৰ আৰম্ভ হৈছিল বুলি জানিব পৰা গৈছে।<ref>ভূপেন তালুকদাৰৰ দ্বাৰা গুৱাহাটী বিশ্ববিদ্যালয়ৰ কলা শাখাৰ অধীনত পি এইচ ডি ডিগ্ৰীৰ বাবে প্ৰস্তুত কৰা গৱেষণা পত্ৰ। কিশোৰ কুমাৰ কলিতা সংকলিত ''ভ্ৰাম্যমাণ থিয়েটাৰৰ ইতিহাস'', প্ৰথম খণ্ড, পৃ. ১৭-ৰ পৰা উল্লেখিত।</ref>) এই কহিনুৰ অপেৰা পাৰ্টিৰ আলমতে আৰু কেবাটাও অপেৰা পাৰ্টি গঢ়ি উঠিছিল। তেনে এটা অপেৰা পাৰ্টি আছিল পুৰণি [[কামৰূপ]] জিলাৰ অন্তৰ্গত (বৰ্তমানৰ [[বৰপেটা]] জিলা) [[বজালী]] অঞ্চলৰ [[পাঠশালা]] নিবাসী [[সদানন্দ লহকৰ]]ৰ। তেখেতৰ অপেৰা দলটোৰ নাম আছিল [[নটৰাজ অপেৰা]]। স্থাপন কৰা হৈছিল ১৯৫৯ চনত।<ref name=hist></ref>
 
সদানন্দ লহকৰৰ জেষ্ঠ্য ভাতৃ অচ্যুত লহকৰে 'নটৰাজ অপেৰা'ক নতুন ৰূপ দিবলৈ গৈ বৰ্তমানৰ ভ্ৰাম্যমাণ থিয়েটাৰৰ ৰূপ দিয়ে। অচ্যুত লহকৰে নিজৰ অনুলিখিত আত্মজীৱনীত উল্লেখ কৰিছে যে অপেৰাৰ কিছুমান ধাৰা তেখেতে ভাল নাপাইছিল আৰু সেইকেইটা সলনি কৰিবলৈ যাওঁতেই এটা নতুন অনুষ্ঠানৰ জন্ম হ'ল। তেখেতে ভাল নোপোৱা বিষয় কেইটা আছিল: পুৰুষৰ দ্বাৰা নাৰী চৰিত্ৰৰ অভিনয়, ভাষাৰ ভুল উচ্চাৰণ, সুৰত গঁথা সংলাপ আৰু অনূদিত নাটকৰ পয়োভৰ, য'ত অসমৰ পটভূমি ব্যৱহাৰ কৰা নহৈছিল। তেখেতে বিচাৰিছিল আধুনিক গদ্য সাহিত্যৰ ৰীতিত নাটকৰ বচন হওঁক আৰু নাটক হওঁক মৌলিক লগতে হওঁক অসমৰ পটভূমিৰ।
12 নং শাৰী:
তাৰ বাহিৰেও এই অনুষ্ঠানটোৰ যোগেদি তেখেতে শিল্পীৰ পেছাদাৰী দিশটো টনকিয়াল কৰি ৰখাত গুৰুত্ব দিছিল। সেই বাবেই ভ্ৰাম্যমাণ থিয়েটাৰে প্ৰথমৰ পৰাই বাণিজ্যিক ভিত্তিত নাট্য-প্ৰদৰ্শন কৰাত গুৰুত্ব দিছিল তেখেতে আত্মজীৱনীত উল্লেখ কৰিছে। সেয়ে তেখেতে পোহৰ নিক্ষেপনৰ কাৰচাজী, শব্দযন্ত্ৰত ব্যৱহাৰত নতুনত্ব আৰু অন্যান্য চমকদাৰী কলা-কৌশল ব্যৱহাৰ কৰি ভ্ৰাম্যমাণক যাত্ৰা-অপেৰাতকৈ পৃথক কৰি দেখুওৱাত গুৰুত্ব দিছিল।
 
সমগ্ৰ অসম পৰিভ্ৰমণ কৰি নাটক দেখুৱাবলৈ যাওঁতে আহিব পৰাসম্ভাৱ্য অসুবিধা আদিলৈ চাই তেখেতে অস্থায়ী আৰু কঢ়িয়াই লৈ ফুৰিব পৰা মঞ্চ, প্ৰেক্ষাগৃহ, দৰ্শক বহাৰ আসন আদিও লৈ ফুৰোৱাৰ ব্যৱস্থা কৰিছিল, যাৰ বাবেই ভ্ৰাম্যমাণ থিয়েটাৰ এটা অনন্য অনুষ্ঠান হিচাপে গঢ় লৈ উঠিল।
 
==নটৰাজ থিয়েটাৰৰ প্ৰথম প্ৰদৰ্শনী আৰু ভ্ৰাম্যমাণ থিয়েটাৰ নামকৰণ==