ভ্ৰাম্যমাণ থিয়েটাৰ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

31 নং শাৰী:
 
==ভ্ৰাম্যমাণ থিয়েটাৰৰ বছৰেকীয়া কাৰ্য্য-ক্ৰমণিকা==
ভ্ৰাম্যমাণৰ এটা বছৰ আৰম্ভ হয়, এপ্ৰিল-মে মাহৰপৰা। তাৰ আগতেই নাট্যকাৰৰ লগত যোগাযোগ কৰি নাট ৰছনাৰচনা কৰি স্থিৰ কৰা হয় আৰু কলা-কুশলী সকলক ঠিকা-ভিত্তিত বছৰটোলৈবৰ্ষটোলৈ নিযুক্তি দিয়া হয়। জুন-জুলাই মাহৰপৰা নাটকৰ আখৰা আৰম্ভ হয়। সাধাৰণতে চাৰিটা-নিশাৰ বাবে নাটক লোৱা হয়, অৱশ্যে কেতিয়াবা কোনোবাখন নাটকৰ জনপ্ৰিয়তালৈ চাই, কোনোবাখন নাটক বাদ দিয়াও হয়। আগষ্ট মাহৰ দ্বিতীয় পক্ষৰপৰা থিয়েটাৰ বিলাকে নিজৰ নাট্য-প্ৰদৰ্শন আৰম্ভ কৰে।
 
নাটক প্ৰদৰ্শনৰ সূচীও আগৰ বছৰেই সাজু হৈ থাকে। কোনো অনুষ্ঠান-প্ৰতিষ্ঠানৰ আমন্ত্ৰণ মৰ্মে সাধাৰণতে চাৰিটা নিশাৰ বাবে নাট্য-প্ৰদৰ্শন কৰা হয়। বিভিন্ন অঞ্চলৰ বিভিন্ন প্ৰতিষ্ঠানৰ লগত যোগাযোগ কৰি নাটক প্ৰদৰ্শনৰ তাৰিখ ঠিক কৰি থোৱা হয়। এই কামৰ বাবে প্ৰতিটো ভ্ৰাম্যমাণ দলৰে বিশেষ প্ৰতিনিধি থাকে। ভ্ৰমণ কৰিবলগীয়া ঠাইবোৰ আগেয়েই পকা কৰি থোৱা হয় বাবে ভ্ৰাম্যমাণৰ ব্যৱসায়ত সুবিধা হয়। আগৰ দিনৰ যাত্ৰা-পাৰ্টি বা অপেৰা বোৰে এনেকুৱা বছৰেকীয়া কাৰ্য্যসূচী লৈ নাটক মঞ্চস্থ কৰা নাছিল। বিভিন্ন উৎসৱ-পাৰ্ৱনৰ সময়তহে তেওঁলোকে বেলেগ বেলেগ ঠাইলৈ গৈ নাটক প্ৰদৰ্শন কৰিছিল। ভ্ৰাম্যমাণেই বছৰ জোৰা (আচলতে আঠ মাহ) নাটক প্ৰদৰ্শনৰ ধাৰা প্ৰচলন কৰে।