পলাশীৰ যুদ্ধ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

underconstruction টেগ বিলোপ
37 নং শাৰী:
পলাশীৰ যুদ্ধ আছিল বংগৰ নৱাব আৰু তেওঁৰ [[French East India Company|ফ্ৰান্স]]<ref name="cite wdl|2384">{{cite wdl|2384}}</ref> মিত্ৰ সকলৰ বিৰুদ্ধে ব্ৰিটিছ [[ইষ্ট ইন্ডিয়া কোম্পানীৰ]] এক সিদ্ধান্তকাৰী বিজয় যিয়ে বংগত ব্ৰিটিছ [[ইষ্ট ইণ্ডিয়া কোম্পানী|ইষ্ট ইণ্ডিয়া কোম্পানীৰ]] শাসনৰ সুচনা কৰে আৰু পৰবৰ্তী কেইবা শতক জুৰি ভাৰতত কোম্পানীৰ শাসনৰ প্ৰসাৰ ঘটাই। এই যুদ্ধ সংঘটিত হৈছিল ১৭৫৭ চনৰ ২৩ জুন তাৰিখে, কলিকতা চহৰৰ উত্তৰে ১৫০ কিল'মিটাৰ দুৰৰ আৰু মুৰ্ছিদাবাদৰ(তেতিয়াৰ বংগৰ ৰাজধানী, এতিয়া পশ্চিম বংগৰ নদিয়া জিলা) দক্ষিণত হুগলি নদীৰ পাৰৰ পলাশী নামৰ ঠাইত। এই যুজৰ প্ৰধান অংশীদাৰ আছিল বংগৰ অন্তিম স্বাধীন নৱাব [[চিৰাজ উদ্ দৌলা]] আৰু বিপক্ষে ব্ৰিটিছ [[ইষ্ট ইণ্ডিয়া কোম্পানী]]। ১৭৫৬ চনত আলিৱাৰ্দি খানৰভ মৃত্যুৰ পিছত চিৰাজ উদ্ দৌলা বংগৰ নৱাব হয়। তেওঁ ইংৰাজক দুৰ্গ নিৰ্মানৰ কাৰ্য্যত বাধা প্ৰদান কৰে। [[ৰবাৰ্ট ক্লাইভ]]-এ নৱাবৰ সেনা প্ৰধান মীৰ জাফৰক ষড়যন্ত্ৰ কৰি নিজৰ ফলিয়া কৰি লয় আৰু বংগ আক্ৰমন কৰে। [[ৰবাৰ্ট ক্লাইভ]]য়ে এই যুজত নৱাবক ঘটুৱাই বংগ দখল কৰে।
 
এই যুদ্ধৰ আৰম্ভ হৈছিল নৱাব চিৰাজ উদ্ দৌলাৰ ব্ৰিটিছ অধ্যুষিত কলিকতাবংগৰ আক্ৰমন আৰু [[Black Hole of Calcutta|ব্লেক হ'ল]] ঘটনাৰ পিছত। এই ঘটনাৰ পিছত কলিকতাবংগ পুনৰ দখল কৰিবলৈ কৰ্নেল [[ৰবাৰ্ট ক্লাইভ]] আৰু এডমিৰেল [[ছাৰ্লচ ৱাটচন]] ৰ অধীনত ব্ৰিটিছে মাদ্ৰাছৰ পৰা সৈন্য পঠায়। এই যুদ্ধত ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ বিপক্ষে যুজিবলৈ নৱাব চিৰাজ উদ্ দৌলাক ফ্ৰান্স ইষ্ট ইণ্ডিয়া কোম্পানীয়ে এটা সৰু সৈন্যদল দি সহায় কৰিছিল। নৱাবৰ সৈন্য শক্তি ব্ৰিটিছৰ তুলনাত বৃহৎ আছিল বাবে ব্ৰিটিছ সকলে নৱাবৰ পদোনতি হোৱা সেনাপ্ৰধান মীৰ জাফৰ আৰু অনান্য সকল যেনে য়াৰ লুতফুল খান, জগত শেঠ, অমিচান্দ, ৰায় দুৰ্লভ আদিৰ সৈতে ষড়যন্ত্ৰ কৰে। যুদ্ধক্ষেত্ৰত মীৰ জাফৰ, য়াৰ লুতফুল খান আৰু ৰায় দুৰ্লভে নিজৰ নিজৰ সৈন্য লৈ অংশ লয় যদিও সৈন্য চালনাৰ পৰা বিৰত থাকে, ফলত চিৰাজ উদ্ দৌলাৰ সৈন্য ৰবাৰ্ট ক্লাইভৰ প্ৰায় ৩,০০০ সৈন্যৰ হাতত পৰাস্ত হয় আৰু নৱাব যুদ্ধক্ষেত্ৰৰ পৰা পলায়ন কৰিবলৈ বাধ্য হয়।
 
পলাশীৰ যুদ্ধক দক্ষিণ এছিয়াত ঔপনিবেশিক শক্তিৰ এক উল্লেখযোগ্য বিজয় হিচাপে গন্য কৰা হয়। ইয়াৰ পিছত ব্ৰিটিছে নৱাবৰ ওপৰত বিস্তৰ প্ৰভাৱ আৰু পৰ্যায়ক্ৰমে বৃহৎ পৰিমানৰ ব্যৱসায় বিস্তাৰ আৰু ৰাজহ