ৱিকিপিডিয়া:ৱিকিপিডিয়া কি নহয়: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

38 নং শাৰী:
# '''প্ৰাথমিক (মৌলিক) গৱেষণা।''', যেনে প্ৰস্তাৱিত তত্ত্ব আৰু সমাধান, মৌলিক চিন্তা, শব্দৰ সংজ্ঞা, নতুন শব্দৰ উদ্ভাৱন আদি । আপুনি যদি কোনো বিষয়ত প্ৰাথমিক গৱেষণা সম্পূৰ্ণ কৰিছে, তেন্তে তাৰ ফলাফল আন ঠাইত যেনে সহকৰ্মীয়ে পৰ্যালোচনা কৰা পত্ৰিকা, আন ছপা মাধ্যম বা সন্মানীয় অনলাইন পত্ৰিকাত প্ৰকাশ কৰক । তাৰ পিছত ই গ্ৰহণীয় জ্ঞানৰ অংশ হৈ পৰিলে ৱিকিপিডিয়াই ইয়াক বিবেচনা কৰিব; কিন্তু বিষয়বস্তুৰ[[ৱিকিপিডিয়া:বিশ্বাসযোগ্যতা|বিশ্বাসযোগ্যতা]] প্ৰমাণ কৰাৰ বাবে আৰু সেয়া যে মাথোঁ সম্পাদকৰ [[ৱিকিপিডিয়া:নিৰপেক্ষ দৃষ্টিভংগী|মতামত]] নহয় তাক দেখুৱাবলৈ তেনে সঠিক [[ৱিকিপিডিয়া:উৎসৰ উল্লেখ|উৎসৰ উল্লেখ]] আৱশ্যক ।
# '''ব্যক্তিগত উদ্ভাৱন।''' যদি আপুনি বা আপোনাৰ কোনো বন্ধুৱে এটা নতুন শব্দ, এটা সুৰাপানৰ খেল, বা এটা নতুন ধৰণৰ নৃত্যশৈলীৰ উদ্ভাৱন কৰিছে, তেন্তে একাধিক, স্বাধীন আৰু দ্বিতীয় উৎসই তাৰ প্ৰতিবেদন নিদিয়ালৈকে সেয়া ৱিকিপিডিয়াৰ প্ৰবন্ধৰ বিষয় হ’বলৈ [[ৱিকিপিডিয়া:উল্লেখযোগ্যতা|উল্লেখযোগ্য]] নহয় । [[ৱিকিপিডিয়া:ৱিকিপিডিয়া এদিনতে গঢ়া বস্তুৰ বাবে নহয়|ৱিকিপিডিয়া এদিনতে গঢ়া বস্তুৰ বাবে নহয়]] ।
# '''ব্যক্তিগত ৰচনা।''' {{anchor|ESSAY}} য’ত বিশেষজ্ঞৰ মতামতৰ সলনি আপোনাৰ নিজা অনুভৱ প্ৰকাশ পায় । যদিও ৱিকিপিডিয়াত মানুহৰ জ্ঞান সংগ্ৰহ কৰা হৈছে, ই তেনে জ্ঞানৰ অংশ হ’বলৈ যোৱা ব্যক্তিগত মতৰ বাহন নহয় । কোনো ক্ষেত্ৰত এজন ব্যক্তিৰ মতামত আলোচনা কৰাটো অতি প্ৰযোজনীয় হ’লে আন সদস্যসকলক তাৰ বিষয়ে লিখিবলৈ দিয়া উচিত । ৱিকিপিডিয়াৰ লগত সংগতি থকা ব্যক্তিগত ৰচনা আপোনাৰ সদস্য নামস্থানত বা [[meta:|Meta-wiki|মেটা ৱিকিত]] গ্ৰহণীয় । [http://www.wikinfo.org/index.php/Main_Page ৱিকিইন্‌ফ' (Wikinfo)]ত থকা [[ফৰ্ক (ছফ্টৱেৰ বিকাশ)|ফৰ্কে]] প্ৰবন্ধত ব্যক্তিগত মতামত দিবলৈ উত্‍সাহ যোগায় ।
# <span id="not_a_forum">'''আলোচনা সভা ।'''</span>{{anchor|FORUM|CHAT}} অনুগ্ৰহ কৰি এখন বিশ্বকোষ সৃষ্টিৰ কামতহে মনোযোগ দিয়ক । আপুনি ৱিকিপিডিয়াৰ লগত সংগতি থকা বিষয়ৰ ওপৰত কথা-বতৰা পৃষ্ঠাত আন সদস্যৰ লগত আলোচনা কৰিব পাৰে আৰু সংশ্লিষ্ট [[ৱিকিপিডিয়া:আলোচনা পৃষ্ঠা|আলোচনা পৃষ্ঠা]]ত কোনো সমস্যাৰ সমাধান কৰিব পাৰে, কিন্তু অনুগ্ৰহ কৰি প্ৰবন্ধত সেই আলোচনা অন্তৰ্ভুক্ত নকৰিব । মনত ৰাখিব যে আলোচনা পৃষ্ঠাৰ উদ্দেশ্য হৈছে কোনো প্ৰবন্ধৰ উন্নতি ঘটোৱা । সেইখন প্ৰৱন্ধটোৰ বিষয়বস্তুৰ ওপৰত সাধাৰণ আলোচনা কৰাৰ বাবে নহয়, বা উপদেশ আৰু কাৰিকৰী সহায়ৰ বাবেও নহয় । আপুনি যদি কোনো বিষয়ৰ ওপৰত নিৰ্দিষ্ট প্ৰশ্ন সুধিব বিচাৰিছে তেন্তে [[ৱিকিপিডিয়া:সাহায্য কেন্দ্ৰ|প্ৰসংগ মেজত]] সেইটো উত্থাপন কৰক । আন ৱিকিপিডিয়ানৰ লগত পাতলীয়া ধৰণৰ আলোচনা কৰিব বিচাৰিলে [http://en.wikipedia.org/wiki/Wikipedia:IRC আই.আৰ.চি. চেনেল] যেনে [irc://chat.freenode.net:8001/wikipedia #wikipedia] ব্যৱহাৰ কৰক । মন কৰক যে ই এটা আই.আৰ.চি. চেনেলহে, কোনো বাৰ্তা দেৱাল নহয় । আলোচনা আৰু তৰ্কৰ বাবে ব্যৱহাৰ কৰিব পৰাকৈ আন কেইবাটাও ৱিকিপ্ৰকল্পৰ কাম চলি আছে । আলোচনা পৃষ্ঠাত অগ্ৰহণযোগ্য বিষয়বস্তু [[ৱিকিপিডিয়া:TPG|আলোচনা পৃষ্ঠা পথনিৰ্দেশিকা]] অনুসৰি আঁতৰাই পেলোৱা হ’ব পাৰে ।