বিভূতিভূষণ বন্দ্যোপাধ্যায়: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
36 নং শাৰী:
 
== শিক্ষা ==
বিভূতিভূষণে বনগাওঁ হাইস্কুলত পঢ়া-শুনা কৰিছিল। ১৯১৪ চনত প্ৰথম বিভাগত এন্ট্ৰেন্স তথা ১৯১৬ চনত কলিকতাৰ ৰিপণ কলেজৰ (বৰ্তমানৰ সুৰেন্দ্ৰনাথ কলেজ) পৰা প্ৰথম বিভাগত আই.এ. পৰীক্ষাত উত্তীৰ্ণ হয়। ১৯১৮ চনত একেখন কলেজৰ পৰা অৰ্থনীতি, ইতিহাস আৰু সংস্কৃতত স্নাতক ডিগ্ৰী লাভ কৰে। তাৰপাছত তেওঁ স্নাতকোত্তৰ ডিগ্ৰী তথা আইন পঢ়িবলৈ লৈছিল যদিও ১৯১৯ চনত পঢ়া-শুনা বাদ দিয়ে।
 
== বিবাহ ==
১৯১৯ চনত হুগলী জিলাৰ জাঙ্গীপাৰাৰ দ্বাৰকানাথ হাইস্কুলত তৃতীয় শ্ৰেণীত পঢ়ি থকা সময়তেই কালীভূষণ মুখোপাধ্যায়ৰ জীয়ৰী গৌৰী দেৱীৰ সৈতে বিভূতিভূষণ বিবাহপাশত আৱদ্ধ হয়। কিন্তু বিবীহৰ এবছৰ পাছতেই গৌৰী দেৱীৰ পৰলোকপ্ৰাপ্তি ঘটে। পত্নীৰ শোকত তেখেতে কিছুদিন প্ৰায় সন্ন্যাসীৰ দৰে জীৱন-যাপন কৰিছিল। পাছলৈ ১৯৪০ চনৰ ৩ ডিচেম্বৰত ফৰিদপুৰ জিলাৰ ছয়গাঁও নিবাসী ষোড়শীকান্ত চট্টোপাধ্যায়ৰ জীয়ৰী ৰমা দেৱীক বিয়া কৰায়। বিয়াৰ সাত বছৰ পাছত তেওঁলোকৰ একমাত্ৰ সন্তান তাৰাদাস বন্দ্যোপাধ্যায়ৰ জন্ম হয়।
 
==তথ্য সংগ্ৰহ==