ৰবাৰ্ট লুই ষ্টিভেনছন: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
26 নং শাৰী:
== জীৱন ==
 
ষ্টিভেনছনৰ জন্ম হৈছিল ১৮৫০ চনৰ ১৩ নৱেম্বৰৰ দিনা স্কটলেণ্ডৰ এডিনবৰাত । তেওঁৰ পিতৃ আৰু মাতৃ আছিল ক্ৰমে থমাছ ষ্টিভেনছন (১৮১৮-৮৭) আৰু মাৰ্গাৰেট ইছাবেল (বালফ'ৰ,১৮২৯-৯৭) । তেওঁৰ দেউতাক থমাছ এজন সাগৰৰ আলোকস্তম্ভৰ অভিযন্তা আছিল । ১৮ বছৰ বয়সত ষ্টিভেনছনে তেওঁৰ নামৰ পৰা 'লেৱিছ' শব্দটো 'লুই' শব্দলৈ সলনি কৰিছিল আৰু ১৮৭৩ চনত তেওঁ "বালফ'ৰ" শব্দটো নামৰ পৰা আঁতৰাই দিছিল । আলোকস্তম্ভৰ আৰ্হি প্ৰস্তুত কৰাটো তেওঁলোকৰ পৰিয়ালৰ পেছা আছিল। থমাছৰ দেউতাক (ৰবাৰ্টৰ ককাক) আছিল বিখ্যাত ৰবাৰ্ট ষ্টিভেনছন, আৰু থমাছৰ ভায়েক (ৰবাৰ্টৰ খুৰাক) এলান আৰু ডেভিডেও একেটা কামকে কৰিছিল । প্ৰকৃততে, থমাছৰ মাকৰ ফালৰ ককাক, থমাছ স্মিথেও একেটা কামকে কৰিছিল ।
 
ষ্টিভেনছনে ল'ৰালিকালৰ বেছিভাগ সময় মাকৰ ফালৰ ককাকৰ ঘৰত কটাইছিল। শিশু হিচাপে তেওঁ দেখিবলৈ অদ্ভুত আৰু অস্বাভাৱিক আচৰণকাৰী আছিল । ৬ বছৰ বয়সত যেতিয়া ষ্টিভেনছনক ওচৰৰে স্কুললৈ পঠিওৱা হৈছিল, তেতিয়া তেওঁ তাত নিজকে খাপ খুৱাই ল'ব নোৱাৰিলে । ১১ বছৰ বয়সত এডিনবাৰ্গ একাডেমিলৈ পঠিওৱাৰ সময়তো তেওঁৰ একেটা সমস্যাই হৈছিল । কিন্তু কলিণ্টনত থকা সময়ছোৱাত গৰমৰ বন্ধত তেওঁ তেওঁৰ সম্পৰ্কীয় ভাই-ভনীৰ সৈতে খেলিবৰ সময়ত প্ৰাণোচ্ছলভাৱে মিলি পৰিছিল । তেওঁৰ সঘনাই হৈ থকা বেমাৰে তেওঁক তেওঁৰ প্ৰথম স্কুলখনৰ পৰা প্ৰায়েই আঁতৰাই ৰাখিছিল। সেইবাবে তেওঁক ব্যক্তিগত শিক্ষকৰ দ্বাৰা শিকোৱা হৈছিল । তেওঁ পলমকৈ পঢ়া-শুনা আৰম্ভ কৰিছিল (৭/৮ বছৰ বয়সত)। কিন্তু ইয়াৰ আগতেই তেওঁ মাক আৰু নাৰ্চক গল্পবোৰ শ্ৰুতলিপি দি লিখাইছিল । মানসিক তাড়ণাৰ বশৱৰ্তী হৈ তেওঁ গোটেই শৈশৱকাল গল্প লিখিছিল।তেওঁৰ দেউতাকে তেওঁৰ এই আগ্ৰহ দেখি গৌৰৱ অনুভৱ কৰিছিল। ১৬ বছৰ বয়সত Covenanters' rebellionৰ বিষয়ে লিখা কথাখিনি ছপা কৰিবলৈ দেউতাকেই খৰছ বহন কৰিছিল। এয়াই আছিল ৰবাৰ্টৰ প্ৰথম প্ৰকাশ পোৱা লেখা ।