ৰবাৰ্ট লুই ষ্টিভেনছন: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

পৃষ্ঠা ৰবাৰ্ট লুইজ ষ্টিভেনছনৰ পৰা ৰবাৰ্ট লুই ষ্টিভেনছনলৈ Krishangi Dekaয়ে স্থানান্তৰ কৰিলে
No edit summary
26 নং শাৰী:
== জীৱন ==
 
===শৈশৱ আৰু যৌৱন===
 
শৈশৱ আৰু যৌৱন
 
 
ষ্টিভেনছনৰ জন্ম হৈছিল ১৮৫০ চনৰ ১৩ নৱেম্বৰৰ দিনা স্কটলেণ্ডৰ এডিনবৰাত । তেওঁৰ পিতৃ আৰু মাতৃ আছিল ক্ৰমে থমাছ ষ্টিভেনছন (১৮১৮-৮৭) আৰু মাৰ্গাৰেট ইছাবেল (বালফ'ৰ,১৮২৯-৯৭) । তেওঁৰ দেউতাক থমাছ এজন সাগৰৰ আলোকস্তম্ভৰ অভিযন্তা আছিল । ১৮ বছৰ বয়সত ষ্টিভেনছনে তেওঁৰ নামৰ পৰা 'লেৱিছ' শব্দটো 'লুই' শব্দলৈ সলনি কৰিছিল আৰু ১৮৭৩ চনত তেওঁ "বালফ'ৰ" শব্দটো নামৰ পৰা আঁতৰাই দিছিল । আলোকস্তম্ভৰ আৰ্হি প্ৰস্তুত কৰাটো তেওঁলোকৰ পৰিয়ালৰ পেছা আছিল। থমাছৰ দেউতাক (ৰবাৰ্টৰ ককাক) আছিল বিখ্যাত ৰবাৰ্ট ষ্টিভেনছন, আৰু থমাছৰ ভায়েক (ৰবাৰ্টৰ খুৰাক) এলান আৰু ডেভিডেও একেটা কামকে কৰিছিল ।
Line 34 ⟶ 32:
ষ্টিভেনছনে ল'ৰালিকালৰ বেছিভাগ সময় মাকৰ ফালৰ ককাকৰ ঘৰত কটাইছিল। শিশু হিচাপে তেওঁ দেখিবলৈ অদ্ভুত আৰু অস্বাভাৱিক আচৰণকাৰী আছিল । ৬ বছৰ বয়সত যেতিয়া ষ্টিভেনছনক ওচৰৰে স্কুললৈ পঠিওৱা হৈছিল, তেতিয়া তেওঁ তাত নিজকে খাপ খুৱাই ল'ব নোৱাৰিলে । ১১ বছৰ বয়সত এডিনবাৰ্গ একাডেমিলৈ পঠিওৱাৰ সময়তো তেওঁৰ একেটা সমস্যাই হৈছিল । কিন্তু কলিণ্টনত থকা সময়ছোৱাত গৰমৰ বন্ধত তেওঁ তেওঁৰ সম্পৰ্কীয় ভাই-ভনীৰ সৈতে খেলিবৰ সময়ত প্ৰাণোচ্ছলভাৱে মিলি পৰিছিল । তেওঁৰ সঘনাই হৈ থকা বেমাৰে তেওঁক তেওঁৰ প্ৰথম স্কুলখনৰ পৰা প্ৰায়েই আঁতৰাই ৰাখিছিল। সেইবাবে তেওঁক ব্যক্তিগত শিক্ষকৰ দ্বাৰা শিকোৱা হৈছিল । তেওঁ পলমকৈ পঢ়া-শুনা আৰম্ভ কৰিছিল (৭/৮ বছৰ বয়সত)। কিন্তু ইয়াৰ আগতেই তেওঁ মাক আৰু নাৰ্চক গল্পবোৰ শ্ৰুতলিপি দি লিখাইছিল । মানসিক তাড়ণাৰ বশৱৰ্তী হৈ তেওঁ গোটেই শৈশৱকাল গল্প লিখিছিল।তেওঁৰ দেউতাকে তেওঁৰ এই আগ্ৰহ দেখি গৌৰৱ অনুভৱ কৰিছিল। ১৬ বছৰ বয়সত Covenanters' rebellionৰ বিষয়ে লিখা কথাখিনি ছপা কৰিবলৈ দেউতাকেই খৰছ বহন কৰিছিল। এয়াই আছিল ৰবাৰ্টৰ প্ৰথম প্ৰকাশ পোৱা লেখা ।
 
===শিক্ষা===
 
শিক্ষা
 
১৮৫৭ চনৰ চেপ্তেম্বৰ মাহত ষ্টিভেনছনে এডিনবাৰ্গৰ ইণ্ডিয়া ষ্টীটত থকা মি.হেণ্ডাৰছনৰ স্কুললৈ গৈছিল । কিন্তু তেওঁৰ দুৰ্বল শৰীৰৰ বাবে তাত কেইসপ্তাহমানহে থাকিল । তেওঁৰ সেই দীঘলীয়া অনুপস্থিতিত তেওঁক ব্যক্তিগত শিক্ষকৰ দ্বাৰা শিকোৱা হৈছিল । ১৮৬১ চনৰ অক্টোবৰ মাহত তেওঁ এডিনবাৰ্গ একাডেমীলৈ গৈছিল; ল'ৰাবিলাকৰ বাবে এইখন এখন স্বাধীনচেতীয়া স্কুল আৰু তাত তেওঁ বিক্ষিপ্তভাৱে প্ৰায় ১৫ মাহ কটাইছিল । ১৮৫৩ চনৰ শৰৎ কালত তেওঁ মিডলছেক্সৰ আইজলওৱৰ্থ (এতিয়া পশ্চিম লণ্ডনৰ এটা ঔদ্যোগিক অঞ্চল)ৰ স্প্ৰিং গ্ৰৱত অৱস্থিত ইংলিচ ব'ৰ্ডিং স্কুলত এটা শিক্ষাবৰ্ষ পাৰ কৰিছিল । ১৮৬৪ চনত তেওঁৰ স্বাস্থ্য ভালৰ ফালে গতি কৰাত তেওঁক এডিনবাৰ্গৰ ফ্ৰেডেৰিক ষ্টীটত থকা ৰবাৰ্ট থমছনৰ ব্যক্তিগত বিদ্যালয়লৈ পঠিওৱা হৈছিল। তাত তেওঁ বিশ্ববিদ্যালয়লৈ যোৱাৰ পূৰ্বলৈ আছিল। ১৮৫৭ চনৰ নৱেম্বৰ মাহত ষ্টিভেনছনে এডিনবাৰ্গৰ বিশ্ববিদ্যালয়ত ইঞ্জিনিয়াৰিং পঢ়িবলৈ লৈছিল। আৰম্ভণিৰ পৰাই পঢ়াৰ ফালে তেওঁৰ মতি-গতি ভাল নাছিল আৰু হাজাৰ চেষ্টা কৰি হ'লেও ক্লাছৰ বক্তৃাতাবোৰ এৰাই চলিছিল। স্পেকুলেটিভ চ'ছাইটিত আন ছাত্ৰ-ছাত্ৰীৰ সৈতে বন্ধু হোৱা সময়খিনি তেওঁৰ বাবে বৰ গুৰুত্বপূৰ্ণ আছিল। বিশেষকৈ পিছলৈ ষ্টিভেনছনৰ বিত্ত বিষয়ক প্ৰতিনিধি হোৱা চাৰ্ল বক্সটাৰ আৰু অধ্যাপক ফ্লিমিং জেনকিনৰ সৈতে গঢ়ি উঠা বন্ধুত্ব পিছলৈ গুৰুত্বপূৰ্ণ বিবেচিত হৈছিল । অধ্যাপক জেনকিনৰ ঘৰত নাটক মঞ্চস্থ কৰা হৈছিল আৰু ষ্টিভেনছনে ইয়াত ভাগ লৈছিল। হয়তো সেই সময়খিনিত ষ্টিভেনছনৰ জীৱনৰ সবাতোকৈ গুৰুত্বপূৰ্ণ ব্যক্তিজন আছিল ৰবাৰ্ট এলান মব্ৰে ষ্টিভেনছন নামৰ সম্পৰ্কীয়জন (এওঁক 'বব' নামেৰেও জনা যায়)। তেওঁ এজন প্ৰাণোচ্ছল আৰু প্ৰফুল্লচিত্ত ডেকা মানুহ, আৰু তেওঁ পৰিয়ালৰ বৃত্তিটোৰ পৰিৱৰ্তে কলা শিকিবলৈ লৈছিল। প্ৰতিবছৰে বন্ধৰ সময়ছোৱাত ষ্টিভেনছনে তেওঁলোকৰ পৰিয়ালৰ আভিযান্ত্ৰিক কামবোৰ চাবলৈ গৈছিল। আভিযান্ত্ৰিক শিক্ষাৰ প্ৰতি থকা আগ্ৰহৰ বাবে নহয়, লেখাৰ বাবে নতুন নতুন সমল গোটাবলৈহে তেওঁ এই ভ্ৰমণবোৰ পছন্দ কৰিছিল । পিছলৈ তেওঁ মুকলিকৈ মাক-দেউতাকৰ আগত প্ৰকাশ কৰিছিল যে তেওঁ লেখা-মেলাৰ লগত জড়িত বৃত্তি এটাকে বাছি ল'ব । পৰিয়ালৰ ফালৰপৰা ষ্টিভেনছনে কোনো আপত্তিৰ সন্মুখীন নহ'ল, কিন্তু তেওঁলোকৰ পৰামৰ্শ অনুসৰি জীৱিকাৰ দিশত নিশ্চিন্তমনে থাকিবলৈ তেওঁ পুনৰাই এডিনবাৰ্গ একাডেমীত আইন পঢ়িবলৈ সন্মত হ'ল ।