শক্তি: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
No edit summary
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা
8 নং শাৰী:
 
==ৰূপ==
কোনো এক তন্ত্ৰৰ সৰ্বমুঠ শক্তিক বিভিন্ন প্ৰকাৰে ভাগ কৰিব পৰা যায়। উদাহৰণস্বৰূপে, [[ধ্ৰধ্ৰুপদী ুপদীয় বলবিজ্ঞান]]এ গৈ থকা বস্তু এটাৰ শক্তিক [[গতিশক্তি]] আৰু [[স্থিতিশক্তি]]ক কোনো এক ক্ষেত্ৰৰ ভিতৰত বস্তুটোৰ স্থানৰ ফলন হিচাপে সংজ্ঞাবদ্ধ কৰি ভাগ কৰিছে। তাৰপৰি [[মহাকৰ্ষণিক শক্তি]], [[তাপীয় শক্তি]], বিভিন্ন ধৰণৰ [[পাৰমাণৱিক শক্তি]], [[বৈদ্যুতিক শক্তি]], [[চুম্বকীয় শক্তি]] ইত্যাদি অন্যতম। অৱশ্যে প্ৰায়ে এইসমূহ ইটো সিটোৰ লগত সংযুক্ত যেনে তাপীয় শক্তি কিছু পৰিমাণে স্থিতি শক্তি আৰু গতি শক্তিৰ দ্বাৰা গঠিত।
[[তাপ]] আৰু [[কাৰ্য]] কোনো এক [[তন্ত্ৰ]]ৰ বৈশিষ্ট্য(properties) নহয়, আচলতে ইহঁত শক্তিৰ ৰূপান্তৰকৰণ প্ৰক্ৰিয়াটোৰহে বৈশিষ্ট্য। সাধাৰণতে, আমি কোনো এক পদাৰ্থৰ কিমান [[তাপ]] আছে অথবা কিমান কাৰ্য আছে, সেয়া জোখ ল'ব নোৱাৰো। তাৰ বিপৰীতে শক্তি ৰূপান্তৰকৰণ প্ৰক্ৰিয়াটোত কিমান পৰিমাণৰ শক্তি হস্তান্তৰ হ'ল তাৰ জোখহে ল'ব পৰা যায়। তাপ আৰু কাৰ্য কোনে কাৰ ওপৰত কৰিছে তাৰ ওপৰত নিৰ্ভৰ কৰি ধনাত্মক আৰু ঋণাত্মক হিচাপে প্ৰকাশ কৰা হয়।
[[স্থিতি শক্তি]]ও কোনো এক নিৰ্দিষ্ট ভিত্তিৰ(base state) শক্তি অথবা প্ৰকৃতি(configuration) সাপেক্ষে ধনাত্মক অথবা ঋণাত্মক হিচাপে প্ৰকাশ কৰা হয়। [[তৰংগ]] শক্তি(যেনে নিৰ্গমণ বা [[শব্দ]] শক্তি) , [[গতিশক্তি]] আৰু বিশ্ৰাম শক্তি আদি শূণ্য অথবা তাতকো ডাঙৰ কাৰণ ইহঁতক শূণ্য শক্তিৰ ভিত্তিত( base state of zero energy) জোখ লোৱা হৈছে। বিভিন্ন শক্তিবোৰৰ পাৰ্থক্য ইমান স্বচ্ছ নহয়।
 
==ইতিহাস==
ইংৰাজী energy শব্দটোৰ মূল হৈছে পুৰণি [[গ্ৰীক]] ভাষাৰ ἐνέργεια energeia, অৰ্থাৎ [[কাৰ্য]]। খ্ৰীষ্টপূৰ্ব ৪ৰ্থ শতিকাত এৰিষ্টতলৰ সময়ত এই শব্দটোৰ প্ৰথম অাৱিৰ্ভাব হৈছিল। পাছত ১৭শ শতিকাত, গতফ্ৰাইড লেইবনিজে [[লেটিন]] শব্দ vis viva আগবঢ়ায়, যিয়ে কোনো বস্তুৰ [[ভৰ]] আৰু [[গতি]][[বেগ]]ৰ বৰ্গফলৰ পুৰণফলক বুজায়। আৰু তেওঁ বিশ্বাস কৰিছিল যে vis viva সদায় সংৰক্ষিত হৈ থাকে।
"https://as.wikipedia.org/wiki/শক্তি"ৰ পৰা অনা হৈছে